ডিব্ৰুগড়ত চাঞ্চল্যকৰ হত্যাকাণ্ড!পত্নীয়ে চলন্ত গাড়ীতে হত্যা কৰিলে স্বামীক!
বিশেষ বাৰ্তা, ২৭মেঃ ডিব্ৰুগড়ত সংঘটিত এক চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ। নিজ পত্নীয়ে স্বামীক হত্যা কৰাৰ গুৰুতৰ অভিযোগ উঠিছে।ৰুকচাৰ খাতুন নামৰ মহিলা গৰাকীয়ে নিজ স্বামী ছাজাদ খানক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ কৰিছে ছাজাদৰ পৰিয়ালে।উল্লেখ্য যে গাড়ীৰ ভিতৰত বহি থকা অৱস্থাতে উদ্ধাৰ হল মৃতদেহ।জানিব পৰা মতে এএচ ০৬ বিচি ০০১২ নম্বৰৰ টাটা এচি গাড়ীখনৰ ভিতৰত পত্নী ৰুকচাৰ খাতুন আৰু বাহনখনৰ হেণ্ডিমেন সন্তোষ কুমাৰক ডিব্ৰুগড়ৰ পদুম নগৰত মৃতদেহৰ সৈতে আৰক্ষীয়ে পোৱাৰ পাছতো বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উথাপন হৈছে।অভিযোগ মতে ছাজাদ খানক,পত্নী ৰুকচাৰ খাতুনৰ ভাতৃসহ কেইবাজনে প্ৰহাৰ কৰি প্ৰায় মৃতপ্ৰায় অৱস্থাত গাড়ীৰ ভিতৰত উঠাই লৈ অৱশেষত ৰুকচাৰ খাতুনে নিজৰ দুপাত্তাৰ জৰিয়তে ডিঙি চেপি হত্যা কৰাৰ অভিযোগ কৰিছে সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰত্যক্ষদৰ্শী হেণ্ডীমেন সন্তোষে।ছাজাদৰ পৰিয়ালে প্ৰথমে আত্মহত্যা বুলিয়েই ভাবিছিল যদিও পৰিয়ালৰ লোকে ছাজাদ খানৰ সৈতে গাড়ীত থকা সন্তুোষৰ ভাষ্যৰ ভিত্তিত আৰক্ষীক গোচৰ তৰাৰ পাছত ডিব্ৰুগড় আৰক্ষীয়ে ২৯৮/২২ নং গোচৰ পঞ্জীয়ন কৰে যদিও বৰ্তমান লৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে ছাজাদ খানৰ মাতৃ আৰু ভাতৃয়ে।অভিযোগ মতে স্বামী -স্ত্ৰীৰ পাৰিবাৰিক কন্দলৰ বাবে ৰুকচাৰ খাতুনে,নিজ পিতৃ গৃহ ডুমডুমাত আছিলগৈ।কিন্তু ছাজাদ খানক হঠাৎ পত্নী ৰুকচাৰ খাতুনে পিতৃ গৃহ ডুমডুমালৈ মাতি পঠোৱাত নিজৰ হেণ্ডীমেন সন্তুোষসহ ছাজাদ খান ডুমডুমালৈ যায়।সেই অনুসৰি গৈ থকা অৱস্থাত তিনিচুকীয়া বাইপাছত ছাজাদ খানক ৰুকচাৰ খাতুনৰ ভাতৃসহ আন কেইবাজনে শাৰীৰিক ভাবে বৰ্বৰ প্ৰহাৰ কৰি মুমুৰ্খ অৱস্থাত ডিব্ৰুগড়লৈ আনে।ডিব্ৰুগড়ৰ পদুম নগৰত নিশাৰ ভাগত গাড়ীতে অহা ৰুকচাৰ খাতুনে নিজৰ দুপাত্তাৰ জৰিয়তে ডিঙিত চেপি গাড়ীৰ ভিতৰতে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়া চেষ্টা কৰে যদিও মৃতদেহ গাড়ীৰ ভিতৰতে বহুৱাই থোৱা অৱস্থাত উদ্ধাৰ কৰে ছাজাদ খানৰ পৰিয়ালৰ লোক আৰু আৰক্ষীয়ে।আনহাতে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও প্ৰত্যক্ষদৰ্শীৰ চাঞ্চল্যকৰ ভাষ্যৰ পিছতো হত্যাৰ অভিযুক্ত পত্নী ৰুকচাৰ খাতুনক গ্ৰেপ্তাৰ বা আটক নকৰাত সকলোতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।এতিয়া কোন সঁচা বা কোন মিছা,সেয়া আৰক্ষীৰ নিৰপেক্ষ তদন্ততহে প্ৰতিপন্ন হব।
প্ৰেৰক বিভাস দুৱৰা।