মাজুলীত ভাৰতীয় জনতা যুৱ মৰ্চাৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা সম্পন্ন
নিয়মীয়া বাৰ্তা , বনগাঁও , ২৬ মে : ভাৰতীয় জনতা পাৰ্টী মাজুলী জিলাৰ মুখ্য কাৰ্যালয়ত ভাৰতীয় জনতা যুৱ মৰ্চা মাজুলী জিলাৰ সভাপতি বেদ প্ৰতীম বৰাৰ সভাপতিত্বত ২৫ মেত প্ৰথমখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । দলীয় পতাকা উত্তোলন আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে আৰম্ভ হোৱা সভা খনৰ আঁত ধৰে মাজুলী জিলা যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক মনোজ শইকীয়াই ৷ উক্ত সভাত ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ উপ সভাপতি তথা মাজুলী জিলাৰ সাংগঠনিক প্ৰভাৰী ৰক্তিম গগৈ , সহঃপ্ৰভাৰী গৌৰৱ জ্যোতি বৰা, ভাৰতীয় জনতা যুৱ মৰ্চাৰ অসম প্ৰদেশৰ সম্পাদক ৰঞ্জন মহন্ত , ৰাজ্যিক উপ সভাপতি জয়ন্ত শইকীয়া , ৰাজ্যিক সমিতিৰ সংবাদ কোষৰ আহ্বায়ক বিশ্বজিত খাউণ্ড , মাজুলী জিলা বিজেপিৰ সভাপতি লোকনাথ কুটুম , যুৱ মৰ্চা ৰাজ্যিকৰ সদস্য দিব্যজ্যোতি বৰদলৈ, আমন্ত্ৰিত সদস্য প্ৰাঞ্জল ৰয় , ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য দীপক গোস্বামী, ভাৰতীয় জনতা পাৰ্টীৰ কোঅপাৰেটিভ কোষৰ ৰাজ্যিক সদস্য শ্ৰীযুত বিতোপন দলে, মাজুলী জিলাৰ সন্মানীয় উপ সভাপতি শ্ৰীযুত সুভাষ দে’ , ভাৰতীয় জনতা পাৰ্টীৰ মাজুলী জিলাৰ সম্পাদক দেবব্ৰত দত্ত , ভাৰতীয় জনতা পাৰ্টিৰ মাজুলী জিলা মহিলা মৰ্চাৰ সভানেত্ৰী ৰেখা বৰা বৰুৱা, OBC মৰ্চাৰ মাজুলী জিলা সভাপতি ৰাজীব নাথ, জিলা পৰিষদৰ সদস্যা টুটুমনি দেৱী মণ্ডল সভাপতি দ্বয় ক্ৰমে বলিন নাথ আৰু মুনিনদ্ৰ নাথ বৰা , কৃশান মৰ্চাৰ সভাপতি ৰাজু কলিতা লগতে কেইবাজনো জেষ্ঠ কাৰ্যকৰ্তা উপস্থিত থাকে ৷ ভাৰতীয় জনতা যুৱ মৰ্চাৰ সভাপতি ডাঙৰীয়াই পতাকা উত্তোলন আৰু বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভণি কৰা সভাখনৰ আঁত ধৰে জিলাৰ সাধাৰণ সম্পাদক মনোজ শইকীয়া , প্ৰথমে মাজুলী জিলা যুৱমর্চাৰ সভাপতি সভাপতিৰ আদৰণি ভাষণ ভাষণ প্ৰদান কৰে, ইয়াৰ পিছতে ভাৰতীয় জনতা পাৰ্টী মাজুলী জিলাৰ সভাপতি লোকনাথ কুটুম ভাষণ প্ৰদান কৰে, ইয়াৰ পিছতে সাংগঠনিক বিত্ত ৰাখে মাজুলী জিলাৰ সহ প্ৰভাৰী গৌৰৱ জ্যোতি বৰা ডাঙৰীয়াই, ইয়াৰ পিছতে প্ৰস্তাৱ পাঠ কৰে জিলা সাধাৰণ সম্পাদক দীপাংকৰ পেগু , ইয়াৰ পিছতে সমল ব্যক্তি সকলক মূলতঃ ৩ টা সত্ৰৰ জড়িয়তে মাৰ্গ দৰ্শন কৰে।প্ৰথম সত্ৰত সমল ব্যক্তি হিচাপে ৰাম পঞ্চায়তৰ সভাপতি তথা জেষ্ঠ কাৰ্যকৰ্তা ৰমেশ বৰুৱাই ভাৰতীয় জনতা পাৰ্টীৰ ইতিহাস আৰু বিকাশ সম্পৰ্কে মাৰ্গ দৰ্শন কৰে ৷ অসমৰ বৰ্তমান প্ৰেক্ষাপট আৰু যুৱ মৰ্চাৰ কৰণীয় সম্পৰ্কে মাৰ্গ দৰ্শন কৰে ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য দীপক গোস্বামী । তৃতীয় সত্ৰত সামাজিক মাধ্যমৰ ভূমিকা সম্পৰ্কে মাৰ্গ দৰ্শন কৰে ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সম্পাদক ৰঞ্জন মহন্তই । ইয়াৰ পাছতে সাংগঠনিক দিশত কাৰ্যকৰ্তাক মাৰ্গ দৰ্শন কৰে ৰাজ্যিক উপসভাপতি জয়ন্ত শইকীয়া ই। ইয়াৰ পিছতে ভাৰতীয় জনতা যুৱমর্চা অসম প্ৰদেশৰ উপসভাপতি তথা মাজুলী জিলাৰ সাংগঠনিক প্ৰভাৰী ৰক্তিম গগৈ য়ে আৰু গৌৰৱ জ্যোতি বৰা সাংগঠনিক মাৰ্গ দৰ্শন কৰে।ভাৰতীয় জনতা যুৱ মৰ্চাৰ মেডিয়া কোষৰ আহ্বায়ক বিশ্বজিৎ খাউণ্ডে, বিজেপি কো-অপাৰেটিভ কোষৰ ৰাজ্যিক সদস্য বিতোপন দলে , যুৱ মৰ্চা ৰাজ্যিক সমিতিৰ সদস্য দিব্যজ্যোতি বৰদলৈ ৰাজ্যিক সমিতিৰ আমন্ত্ৰিত সদস্য প্ৰাঞ্জল ৰয়ে ভাষণ প্ৰদান কৰে ৷ শেষত জিলাৰ সাধাৰণ সম্পাদক দীপাংকৰ পেগু ৱে শলাগৰ শৰাই আগবঢ়াই আৰু ইয়াৰ পিছতেই ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনৰ সভাপতিয়ে সভা ভংগ ঘোষণা কৰে ৷
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড