এক্সিট প’লঃ কৰ্ণাটকত ওলমা বিধানসভা; কংগ্ৰেছ-বিজেপিৰ তুমুল যুঁজ
নিয়মীয়া বাৰ্তা, ১১ মে’: সামৰণি পৰিল কর্ণাটক বিধানসভা নির্বাচনৰ ভোটগ্রহণ৷ ১৩ মে’ত হ’ব ফলাফল ঘোষণা৷ ঘোষিত ফলাফলত ২২৪জনীয়া বিধানসভাত কোনে চৰকাৰ গঠনৰ মেজিক সংখ্যা ১১৩ লাভ কৰিব? শাসকীয় বিজেপিয়ে পুনৰ ক্ষমতাত অধিষ্ঠিত হ’ব পাৰিব নে কংগ্রেছে বিজেপিক উৎখাত কৰি ৰাজ্যৰ শাসনৰ বাঘজৰী ল’ব, ইয়াক লৈ চর্চাৰ মাজতেই আজি নির্বাচনৰ ভোটগ্রহণৰ সামৰণি পৰাৰ পিছতেই দেশৰ কেইবাটাও নিউজ চেনেল আৰু সংস্থাই প্রকাশ কৰিছে এগ্জিট প’ল৷ সন্ধিয়া ৬ বজাত ভোটগ্রহণ সমাপ্ত হোৱাৰ পিছতেই নিউজ চেনেল আৰু সংস্থাই সমীক্ষা চলাই প্রকাশ কৰা এগ্জিট প’ল অনুসৰি কর্ণাটকত ওলোমা বিধানসভা হ’ব৷ এগ্জিট প’লৰ মতে, কংগ্রেছ সামান্য আগত আছে যদিও বিজেপি আৰু কংগ্রেছৰ মাজত তুমুল যুঁজ হ’ব৷ কিংমেকাৰ হ’ব পাৰে জেডিএছ৷ এগ্জিট প’ল অনুসৰি ৰিপাব্লিক টিভি–ই মাৰ কিউৰ মতে, বিজেপিয়ে ৮৫–১০০, কংগ্রেছে ৯৪–১০৮, জেডিএছে ২৪–৩২ আৰু অন্যান্য ২–৬খন আসন পাব৷ টিভি ১৯ ভাৰতবর্ষ–প’লষ্ট্রেটৰ মতে, বিজেপিয়ে ৮৮–৯৮, কংগ্রেছে ৯৯–১০৯, জেডিছে ২১–২৪ আৰু অন্যান্যই ০–৪খন আসন পাব৷ জি নিউজ মেট্রিজ এজেন্সীৰ মতে, বিজেপিয়ে ৭৯–৯৪, কংগেেরছ ১০৩–১১৮, জেডিএছে ২৫–৩৩ আৰু অন্যান্যই ২–৫খন আসন লাভ কৰিব৷ এবিপি নিউজ–চি ভোটাৰৰ মতে, বিজেপি ৬৬–৮৬, কংগ্রেছ ৮০–১০০, জেডিএছ ২০–২৭ আৰু অন্যান্যই ০–৩৷ নিউজ নেচন–চিজিএছৰ মতে, বিজেপি ১১৪, কংগ্রেছ ৮৬, জেডিএছ ২১ আৰু অন্যান্য ৩৷ সুৱর্ণ নিউজ–জন কী বাতৰ মতে, বিজেপি ৯৪–১১৭, কংগ্রেছ ৯০–১০৬, জেডিএছ ১৪–২৪ আৰু অন্যান্যই ০–২৷ এগ্জিট প’ল মতে, কোনো এটা দলেই চৰকাৰ গঠনৰ বাবে প্রয়োজনীয় সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ সম্ভাৱনা নাই৷ ২২৪ বিধানসভা সমষ্টিত আজি ভোটদানৰ হাৰ পূর্বতকৈ অধিক হৈছে৷ ভোটদানৰ হাৰৰ ভিতৰত কংগ্রেছে ৪০ শতাংশ লাভ কৰাৰ বিপৰীতে বিজেপিয়ে ৩৫ শতাংশ আৰু জেডিএছে ১৭ শতাংশ ভোট লাভ কৰাৰ সম্ভাৱনা আছে৷ কংগ্রেছৰ ভোটদানৰ হাৰ ২০১৮ চনৰ তুলনাত বৃদ্ধি পাইছে, কিন্তু শাসকীয় বিজেপিৰ ভোটৰ হাৰ ২০১৮ চনৰ তুলনাত সামান্য হ্রাস পাইছে৷
উল্লেখ্য যে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত কর্ণাটক বিধানসভা নির্বাচনত বিজেপিয়ে তুমুল প্রচাৰ অভিযান চলাই পুনৰ শাসনৰ গাদীত অধিষ্ঠিত হোৱাৰ লক্ষ্য লৈছিল৷ ইপিনে কংগ্রেছৰ শীর্ষ নেতা ৰাহুল গান্ধী–প্রিয়ংকা গান্ধী ভদ্রা আৰু ইউপিএৰ অধ্যক্ষা ছোনিয়া গান্ধীৰ প্রচাৰ অভিযান আকর্ষণীয় হৈছিল৷ কংগ্রেছ আৰু বিজেপিৰ প্রচাৰ অভিযানৰ সমান্তৰালকৈ জেডিএছেও ৰাজ্যখনৰ ভিন্ন প্রান্তত প্রচাৰ অভিযানেৰে চমক সৃষ্টি কৰিছে৷ অহা ১৩ মে’ত ভোটগণনাৰ পিছত স্পষ্ট হৈ পৰিব এগ্জিট প’লৰ সম্ভাৱনা কিমান শতাংশ নিশ্চিত হয়৷