টিকটৰ নিশ্চয়তা নাপালে কংগ্রেছ এৰিব বহু সংখ্যালঘু নেতাই
- এপিচিচিৰ মজিয়াত চৰম অৰাজকতা
- ৰিপুণৰ কার্যকলাপত ক্ষুব্ধ প্রদ্যুৎ
- ৰকিবুলৰ ভূমিকাত অসুখী দেৱব্রত
- শীর্ষ নেতৃত্বলৈ অভিযোগৰ জোৱাৰ
নিয়মীয়া বাৰ্তা, ৫ জুনঃ লবী ৰাজনীতিত জর্জৰিত ৰাজ্যৰ কংগ্রেছ দলত সম্প্রতি চৰম অৰাজকতাই বিৰাজ কৰিছে৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা, প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈ, বিৰোধী দলপতি দেৱব্রত শইকীয়াৰ নেতৃত্বত তিনিটা লবীয়ে সমান্তৰালভাৱে তৎপৰ হৈ পৰাৰ সময়তে অহা বিধানসভা নির্বাচনত হ’বলগীয়া কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতাক লৈ দলৰ সংখ্যালঘু শিবিৰতো সম্প্রতি উলম্ব বিভাজন ঘটিছে৷
দলৰ একাংশ সংখ্যালঘু বিধায়ক, প্রাক্তন মন্ত্রী–বিধায়কে এআইইউডিএফৰে মিত্রতাৰ পোষকতা কৰাৰ বিপৰীতে আন একাংশ প্রাক্তন মন্ত্রী–বিধায়কে এআইইউডিএফৰে মিত্রতাৰ বিৰোধিতা কৰিছে৷ এআইইউডিএফৰে মিত্রতাৰ বিৰোধী স্থিতিত অৱস্থান কৰা দলটোৰ সেইসকল সংখ্যালঘু নেতাই আসন্ন বিধানসভা নির্বাচনৰ তিনি মাহ পূর্বেই দলে তেওঁলোকক টিকট দিবনে নাই, সেই বিষয়ে আগতীয়াকৈ অৱগত কৰোৱাৰ দাবী জনাইছে৷ এই সম্পর্কত তেওঁলোকে অচিৰেই নতুন দিল্লীলৈ গৈ হাইকমাণ্ডক বিষয়টো অৱগত কৰাব৷ ইয়াৰ প্রস্তুতি সম্পর্কত এইকেইদিনত সেইসকল সংখ্যালঘু নেতাই কেইবাখনো বৈঠকত মিলিত হৈছে৷ দলীয় টিকটৰ পৰা বঞ্চিত হ’লে তেওঁলোকে অহা বিধানসভা নির্বাচনত নির্দলীয় হিচাপে প্রতিদ্বন্দ্বিতা কৰি কংগ্রেছক পৰাভূত কৰাৰ যুঁজত অৱতীর্ণ হোৱাৰো কৌশল ৰচনা কৰিছে৷
কংগ্রেছৰ এক সূত্রই জানিবলৈ দিয়া মতে, বিধায়ক ৰকিবুল হুছেইন, ৱাজেদ আলী চৌধুৰী, ডাঃ মতিউৰ ৰহমান মণ্ডল, এ কে ৰছিদ আলম, আব্দুল হাইনাগৰী, শ্বেৰমান আলী, জাকিৰ হুছেইন শিকদাৰ, ইলিয়াছ আলী, নুৰুল হুদা, জামালুদ্দিন আহমেদে নিজৰ ৰাজনৈতিক স্বার্থত এআইইউডিএফৰে মিত্রতাৰ পোষকতা কৰি আহিছে৷
সূত্রটোৰ মতে, এআইইউডিএফে তেওঁলোকৰ সমষ্টিত প্রার্থিত্ব দিলে অহা নির্বাচনত তেওঁলোক পুনৰ জয়ী হৈ অহাটো জটিল হৈ পৰাৰ আশংকা কৰিয়েই তেওঁলোকে বদৰুদ্দিন আজমলৰ দলৰে মিত্রতা বিচাৰিছে৷ ইয়াৰ বিপৰীতে প্রাক্তন সাংসদ আব্দুল হামিদ, প্রাক্তন মন্ত্রী নুৰজামাল সৰকাৰ, ছিদ্দিক আহমেদ, নজিবুল ওমৰ, মহিবুল হক, প্রাক্তন বিধায়ক আলী আকবৰ মিঞা, আফতাবুদ্দিন মোল্লা, ডাঃ ইদ্রিছ আলী, প্রয়াত খলিলুৰ ৰহমান চৌধুৰীৰ পুত্র ৰেজাউল কৰিম সৰকাৰকে ধৰি দলটোৰ একাংশ সংখ্যালঘু নেতাই এআইইউডিএফৰে কোনো পৰিস্থিতিতে মিত্রতা বিচৰা নাই৷ নিজৰ ৰাজনৈতিক ভৱিষ্যতৰ প্রতি লক্ষ্য কৰিয়েই এইসকল নেতাই এআইইউডিএফৰে মিত্রতাবিৰোধী স্থিতিত অৱস্থান লৈছে৷ বিধানসভা নির্বাচনৰ প্রাক্মুহূর্তলৈ সেইসকল নেতাই অপেক্ষা কৰাৰ পৰিৱর্তে আগতীয়াকৈ দলৰ নেতৃত্বৰ পৰা বিষয়টো সম্পর্কত স্থিতি স্পষ্ট হোৱাটো বিচাৰিছে৷
সূত্রটোৱে প্রকাশ কৰা অনুসৰি যোৱা কেইটামান দিনৰ ভিতৰত তেওঁলোকে কেইবাখনো বৈঠকত মিলিত হৈ বিষয়টো পুংখানুপুংখভাৱে আলোচনা কৰিছে৷ অতি কম দিনৰ ভিতৰতে তেওঁলোকে নতুন দিল্লীলৈ গৈ বিষয়টো হাইকমাণ্ডৰো দৃষ্টিগোচৰ কৰিব৷ অহা নির্বাচনত তেওঁলোকক দলীয় টিকট দিয়া হ’বনে নাই, সেই বিষয়ত নির্বাচনৰ তিনি মাহ পূর্বেই হাইকমাণ্ডৰ পৰা জানিব বিচাৰিব৷ পূর্বৰ নির্বাচনসমূহৰ দৰে তেওঁলোকে টিকটৰ ক্ষেত্রত এইবাৰ শেষ মুহূর্তলৈ অপেক্ষা নকৰে৷ যদিহে তেওঁলোকৰ আপত্তি সত্ত্বেও কংগ্রেছ–এআইইউডিএফে মিত্রতা কৰে, তেতিয়া হ’লে তেওঁলোকে অহা বিধানসভা নির্বাচনত কংগ্রেছক পৰাভূত কৰাৰ স্বার্থতে নির্দলীয় হিচাপে প্রতিদ্বন্দ্বিতা কৰিব আৰু পৰৱর্তী চৰকাৰ গঠনৰ ক্ষেত্রত কংগ্রেছবিৰোধী শক্তি হিচাপে আত্মপ্রকাশ কৰিব৷ এক কথাত ক’বলৈ গ’লে তেওঁলোকে নিজৰ নাক কাটি হ’লেও সতিনীৰ যাত্রা ভংগ কৰিবলৈও এইবাৰ কুণ্ঠাবোধ নকৰে৷ এনে পৰিস্থিতিত কংগ্রেছ নেতৃত্বই কি সিদ্ধান্ত গ্রহণ কৰে, সেয়াহে লক্ষণীয় হ’ব৷ কংগ্রেছ–এআইইউডিএফৰ মিত্রতা হ’লে উজনিত কংগ্রেছৰ স্বাভাৱিকতে আসন হ্রাস পাব৷ ইয়াৰ বিপৰীতে সংখ্যালঘু শিবিৰত নামনি আৰু মধ্য অসমত একে বিষয়ক কেন্দ্র কৰি উলম্ব বিভাজনে সেই অঞ্চলটোত যে কংগ্রেছ ক্ষতিগ্রস্ত হ’ব, সেয়া উলাই কৰিব নোৱাৰি৷
ইপিনে, একে সময়তে কংগ্রেছত আভ্যন্তৰীণ সংঘাত আৰু অধিক তীব্রতৰ হৈ পৰিছে৷ নগাঁৱৰ সাংসদ প্রদ্যুৎ বৰদলৈ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাৰ কেতবোৰ কার্যকলাপক লৈ বর্তমান সাংঘাতিক ধৰণে নাৰাজ৷ দিহিং পাটকাইত চলি থকা অবৈধ কয়লা খনন সম্পর্কত সংসদৰ মজিয়াত বিষয়টো বৰদলৈয়ে উত্থাপন কৰিছিল৷ কিন্তু শেহতীয়াকৈ বৰদলৈ কোৱাৰেণ্টাইনত থকা অৱস্থাৰ সুযোগ লৈ সভাপতি বৰাই তেওঁৰ অতি বিশ্বস্ত ৰকিবুল হুছেইনৰ নেতৃত্বত কংগ্রেছৰ প্রতিনিধি দল এটা দিহিং পাটকাইলৈ পৰিস্থিতি অধ্যয়নৰ বাবে পঠিয়ায়৷ দিল্লীৰ পৰা উভতি অহা বৰদলৈৰ কোৱাৰেণ্টাইনৰ সময় পাৰ হোৱালৈকেও সভাপতি বৰাই অপেক্ষা নকৰিলে৷ এক কথাত ক’বলৈ গ’লে দিহিং পাটকাইৰ ইছ্যুটো বৰদলৈৰ পৰা ৰকিবুল হুছেইনৰ জৰিয়তে ৰিপুণ বৰাই হাইজেক কৰাৰ ব্যৱস্থা কৰিছে৷ সেইদৰে বিৰোধী দলপতি দেৱব্রত শইকীয়াক একাষৰীয়া কৰি কালি ৰকিবুল হুছেইন শিৱসাগৰত উপস্থিত হৈ এক কার্যসূচীত অংশগ্রহণ কৰাৰ ঘটনাই বিৰোধী দলপতিগৰাকীকো যথেষ্ট অস্বস্তিত পেলাইছে৷ এই প্রসংগতে উল্লেখনীয় এয়ে যে যোৱা প্রায় এটা বছৰ ধৰি ৰকিবুল হুছেইনৰ নেতৃত্বত একাংশ বিধায়কে দেৱব্রত শইকীয়াক বিৰোধী দলপতিৰ পৰা অপসাৰিত কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্রহণ কৰি আহিছে৷ শইকীয়াক একাষৰীয়া কৰি বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত কৰা, বিভিন্ন ইছ্যুক লৈ হাইকমাণ্ডক সাক্ষাৎ কৰি আহিছে৷
ইফালে, একে সময়তে কংগ্রেছ দলত চলিছে ৰিপুণ হটাও অভিযান৷ এই অভিযানৰ অংশ হিচাপে বিভিন্নজন নেতাই সম্প্রতি দলৰ শীর্ষ নেতৃত্বলৈ ৰিপুণ বৰাৰ বিৰুদ্ধে জাপে জাপে অভিযোগ প্রেৰণ কৰিছে৷ বিগত পঞ্চায়ত নির্বাচন, লোকসভা নির্বাচনত প্রার্থী বাছনিত হোৱা অনিয়ম–দুর্নীতি, দলৰ প্রকৃত নেতা–কর্মীক উলাই কৰি অনুগত কিছু সাংগোপাংগৰে দল পৰিচালনা কৰা, ৰাজ্যখনৰ বিভিন্ন প্রান্তত ভ্রমণকালত বিতর্কিত ব্যক্তিৰ ঘৰত নৈশ যাপন, বিজেপি সদস্যৰ ঘৰত আশ্রয় গ্রহণ আদিকে ধৰি বহু অভিযোগ প্রেৰণ কৰিছে৷ সম্প্রতি সেই অভিযোগসমূহ নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালৰ টেবুলত আছে বুলি সূত্রটোৱে জানিবলৈ দিছে৷