নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চোৰাং চিকাৰীৰ বিস্ফোৰক স্বীকাৰোক্তি: গঁড়ৰ খড়্গ বিক্রী কৰি মাৰণাস্ত্র কিনিছে কার্বি পাহাৰৰ উগ্রপন্থীয়ে

নিয়মীয়া বাৰ্তা, ৬ জুনঃ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত বিশ্বখ্যাত এশিঙীয়া গঁড় হত্যাৰ আঁৰত উগ্রপন্থী সংগঠন জড়িত থকাৰ তথ্য পোহৰলৈ আহিছে৷ খড়গ বিক্রী কৰি পোৱা ধনেৰে আন্তঃৰাষ্ট্রীয় বজাৰৰ পৰা মাৰণাস্ত্র ক্রয় কৰি আহিছে কার্বি পাহাৰৰ সৰু–বৰ উগ্রপন্থী সংগঠনসমূহে৷ এই বিস্ফোৰক স্বীকাৰোক্তি শেহতীয়াকৈ কার্বি আংলং আৰক্ষীয়ে গ্রেপ্তাৰ হোৱা তিনি দুর্ধর্ষ চোৰাং চিকাৰীৰ৷
আৰক্ষীৰ জেৰাত মণিপুৰৰ চূড়াচান্দপুৰৰ ডেভিদ চিয়ামা, নগাঁৱৰ জখলাবন্ধাৰ বিকি থাপা আৰু নপানীৰ চিমন লাক্রাই প্রকাশ কৰা অনুসৰি আন্তঃৰাষ্ট্রীয় চোৰাং বজাৰত গঁড়ৰ খড়গ বিক্রী কৰি পোৱা ধনেৰে দীর্ঘদিন ধৰি উগ্রপন্থী সংগঠনসমূহে অস্ত্র–শস্ত্র ক্রয় কৰি আহিছে৷ ম্যানমাৰ সীমান্ত কাছিনত বাহৰ পাতি থাকি এই দুর্ধর্ষ চোৰাং চিকাৰী তথা উগ্রপন্থী সংগঠনসমূহে পাহাৰীয়া জিলাখনলৈ সৰবৰাহ কৰি আহিছে মাৰণাস্ত্র৷ এই চোৰাং চিকাৰীৰ দলটোৱে প্রত্যক্ষভাৱে কার্বি পাহাৰৰ সৰু–বৰ উগ্রপন্থী সংগঠনসমূহক নিয়ন্ত্রণ কৰি আহিছে৷
কার্বি আংলং আৰক্ষীয়ে শেহতীয়াকৈ চলোৱা এক অভিযানৰ সময়ত মাংবই নামৰ এজন দুর্ধর্ষ চোৰাং চিকাৰী নিহত হৈছিল৷ এই মাংবইৰ নেতৃত্বতে কার্বি পাহাৰৰ উগ্রপন্থী সংগঠনসমূহলৈ অস্ত্র–শস্ত্র সৰবৰাহ কৰা হৈছিল বুলি ধৃত চোৰাং চিকাৰীকেইজনে আৰক্ষীৰ আগত স্বীকাৰ কৰিছে৷ মাংবইক এইক্ষেত্রত সহযোগ কৰিছিল থাংবই, লুলুন, মিলন, জনবাং, মংম’ নামৰ দুর্ধর্ষ চোৰাং চিকাৰীকেইটাই৷
উল্লেখ্য যে যোৱা ২ জুনত কার্বি আংলঙৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীৰ নেতৃত্বত এটা বৃহৎ দলে অভিযান চলাই ডিফু, বকলীয়া আৰু ধনশিৰিৰ পৰা পৃথকে চোৰাং চিকাৰীকেইজনক গ্রেপ্তাৰ কৰে৷ এই চিকাৰীকেইজনৰ ভাষ্যৰ ভিত্তিত অভিযান চলাই কার্বি আংলং আৰক্ষীয়ে বকলীয়া থানাৰ অন্তর্গত টেকৰাজান পাহাৰত অভিযান চলাই এটা শিবিৰ উৎখাত কৰাৰ লগতে বৃহৎ পৰিমাণৰ অত্যাধুনিক মাৰণাস্ত্র জব্দ কৰিবলৈ সক্ষম হৈছে৷ আৰক্ষীয়ে দুর্গম পাহাৰত অৱস্থিত শিবিৰটোৰ পৰা এটা এ কে–৮১ ৰাইফল, এটা এ কে–৫৬ ৰাইফল, এটা দুনলীয়া বন্দুক আৰু ৪০০ জাঁই সক্রিয় গুলী জব্দ কৰে৷ ইয়াৰ পিছতে আৰক্ষীয়ে গ্রেপ্তাৰ কৰা দুর্ধর্ষ চোৰাং চিকাৰীকেইজনক অধিক তথ্যৰ বাবে মাৰাথন জেৰা অব্যাহত ৰাখিছে৷ জেৰাৰ সময়তে দুর্ধর্ষ চোৰাং চিকাৰীকেইজনে প্রকাশ কৰা অনুসৰি সম্প্রতি আন্তঃৰাষ্ট্রীয় বজাৰত প্রতি কিলোগ্রাম গঁড়ৰ খড়গৰ মূল্য হৈছে ডেৰ কোটি টকা৷ এই চোৰাং চিকাৰীৰ দলটোৱে আগন্তুক সময়ত ৰাষ্ট্রীয় উদ্যানখনত আন কেইবাটাও গঁড় হত্যাৰ পৰিকল্পনা কৰিছিল বুলিও সদৰী কৰিছে আৰক্ষী সূত্রই৷
ইপিনে, আন্তঃৰাষ্ট্রীয় নিষিদ্ধ বজাৰৰ পৰা ক্রয় কৰা বহু মাৰণাস্ত্র এই চোৰাং চিকাৰীৰ দলটোৱে বিভিন্ন স্থানত মাটিৰ তলত পুতি ৰাখিছে বুলি আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে৷ পৰৱর্তী অভিযানত এনে চোৰাং অস্ত্র–শস্ত্র উদ্ধাৰ কৰাৰ সম্ভাৱনা আছে৷ আৰক্ষীৰ জেৰাৰ সময়ত পোহৰলৈ অহা এই বিস্ফোৰক তথ্যসমূহে কার্বি আংলং জিলাত বর্তমানেও সৰু–বৰ উগ্রপন্থী সংগঠনসমূহ সক্রিয় হৈ থকাটো নিশ্চিত কৰিছে৷
You might also like