ফেচবুক বিতর্কঃ গোলাঘাটত গ্রেপ্তাৰ বিজনীৰ যুৱক
নিয়মীয়া বাৰ্তা ১৯ ফেব্ৰুৱাৰীঃ সামাজিক মাধ্যম ফেচবুকত বিতর্কিত ৰূপত প্রকাশ পোৱা মন্ত্রী হিমন্ত বিশ্ব শর্মাৰ এখন ফটো শ্বেয়াৰ কৰাৰ অভিযোগত কালি নিশা গোলাঘাট আৰক্ষীয়ে বিজনীৰ এজন যুৱকক গ্রেপ্তাৰ কৰে৷ বিজনীৰ যুৱক পুলিচৰণ মুছাহাৰীক আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ পুলিচৰণ মুছাহাৰী নামৰ এই যুৱকজনে গোলাঘাটৰ থুৰামুখ অঞ্চলত আত্মগোপন কৰি থকা অৱস্থাতে গোলাঘাট আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ গোলাঘাট বিজেপিৰ জিলা উপ–সভাপতি সত্যজিৎ বৰঠাকুৰৰ গোচৰৰ ভিত্তিত গোলাঘাট আৰক্ষীয়ে যুৱকজনক গ্রেপ্তাৰ কৰে ৷ যুৱকজনে উল্লেখ কৰা মতে, তেওঁ হাগ্রামা মহিলাৰীৰ পেজৰ পৰা লৈ ফেচবুকত মন্ত্রী হিমন্ত বিশ্ব শর্মাৰ ফটো শ্বেয়াৰ কৰিছিল৷ আনহাতে মন্ত্রীগৰাকীৰ ফটো বিতর্কিত ৰূপত প্রকাশ কৰি ইতিমধ্যে এটা ৱেব প’র্টেলৰ সম্পাদককে ধৰি কেইবাজনো সাংবাদিকক আটক কৰাৰ পিছত গোলাঘাটত বিজনীৰ যুৱক পুলিচৰণ মুছাহাৰীক গ্রেপ্তাৰ কৰাত গোলাঘাটত তীব্র চাঞ্চল্য সৃষ্টি হৈছে৷