নিয়মীয়া বাৰ্তা, ৩১ জুলাইঃ সুদীৰ্ঘ ৬৫ দিনৰ মূৰত অইল ইণ্ডিয়া লিমিটেডৰ বাঘজান বি জি আৰ-৫ ত সংঘটিত সংহাৰী জুইকুৰা নিৰ্বাপণৰ প্ৰথমটো প্ৰচেষ্টাৰ অন্তিম মূহুৰ্তত বিফল পৰিণত হ’ল । দিবা-নৈশ অৰ্হনিশে ছিংগাপুৰ এলাৰ্ট কোম্পানীৰ বিশেষজ্ঞসকলে অইল ইণ্ডিয়া, অ’এনজিচি আৰু শ্লাম বাজাৰ প্ৰতিষ্ঠানৰ সৈতে যাৱতীয় কাৰিকৰী কৰ্ম সম্পাদন কৰি ৪৫০০ পি এচ আই চাপত গেছ নিৰ্গত কূপটোৰ মুখত বি অ’ পি ষ্টেক অৰ্থাৎ ব্ল’ আউট প্ৰিভেন্টৰ স্হাপনৰ প্ৰস্তুতি চলাওঁতে বাগৰি পৰে বি অ’ পি ষ্টেক কঢ়িওৱা অ’এনজিচিৰ ক্ৰাইছিছ মেনেজমেন্ট টীমৰ বিশেষ “এথি ৱেগন”খন ।
উল্লেখযোগ্য যে পৰিকল্পনা অনুসৰি সকলো গুৰু যন্ত্ৰ-পাতিৰ সহায়ত কালি বি অ’ পি ষ্টেক পৰীক্ষামূলকভাৱে ৰূপায়ন কৰাৰ পাছত কিছু ওজন হ্ৰাস হোৱাৰ অৰ্থে বি অ’ পি ষ্টেকৰ পৰা স্পেচাৰ স্পুলসমূহৰ এটা অংশ আঁতৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বি অ’ পি উঠোৱাত আৰু স্থানান্তৰ কৰাত সহায়ক হোৱাকৈ কাউন্টাৰ ৱেইট হিচাপে এথি ৱেগনৰ সৈতে অতিৰিক্ত ওজনো সংযোগ কৰা হয়।
আনহাতে অপাৰেচনেল কাৰ্য সম্পৰ্কীয় প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি বি অ’ পি ষ্টেক সালসলনি কৰিবৰ বাবে ড্ৰিলিঙৰ কৰ্মীদলক নিশা কাম কৰিবৰ বাবে নিযুক্ত কৰা হয় । কালিৰ দিনটোত বি অ’ পি ষ্টেকৰ সালসলনিকৰণ কাৰ্য সম্পূৰ্ণ হয় আৰু সফলভাৱে পৰীক্ষা সম্পন্ন কৰা হয় যদিও আজি দূভাৰ্গ্যক্ৰমে এথি ৱেগনৰ কাৰিকৰীজনিত বিসংগতিয়ে প্ৰচেষ্টা সম্পাদনত বিধি পথালি দিয়ে ।
আজি পুৱাভাগত গেছ কূপৰ শীৰ্ষত স্থাপন কৰিবৰ বাবে প্ৰায় ৩০ ফুট ওখ বি অ’ পি ষ্টেক আৰু ৰাইজাৰ (Riser) এথি ৱেগনৰ সৈতে সংলগ্ন কৰা হয় । চূড়ান্ত আৱৰণ কাৰ্য ৰূপায়ণৰ প্ৰচেষ্টা চলোৱাৰ সময়তে শেষ মুহূৰ্তত এথি ৱেগনখনৰ সৈতে বিঅ’পি ষ্টেক আৰু ৰাইজাৰ বাগৰি পৰাত প্ৰচেষ্টা ব্যৰ্থ হয় ।
পৰৱৰ্তী কাৰ্য ব্যৱস্থাৰ বাবে এই ব্যৰ্থতাৰ প্ৰকৃত কাৰণ নিৰ্ণয় কৰি থকাৰ লগতে পুনৰ বি অ’ পি ষ্টেক পৰ্য্যবেক্ষণ কৰি থকা হৈছে বুলি অইলৰ সূত্ৰই জানিবলৈ দিছে । লক্ষণীয় যে কাইলৈ দিনটোত কূপৰ শীৰ্ষত বি অ’ পি ষ্টেক স্হাপনৰ কাৰ্য সম্পূৰ্ণ হৈ উঠাৰ সম্ভাৱনা নাই।