নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জলসম্পদ বিভাগত স্থায়ী নিযুক্তিৰ ভুৱা বাৰ্তা সামাজিক মাধ্যমত প্ৰচাৰ

অপপ্ৰচাৰত ভোল নাযাব : মন্ত্ৰী পীযুষ হাজৰীকাৰ প্ৰতিক্ৰিয়া

দুষ্কৃতিকাৰীৰ বিৰুদ্ধে বশিষ্ঠ থানাত গোচৰ ৰুজু

নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ মে’ : সামাজিক মাধ্যমযোগে জলসম্পদ বিভাগত কিছু পদত স্থায়ী নিযুক্তিৰ এক ভুৱা বাৰ্তা প্ৰচাৰ হোৱা ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ঘটনা সন্দৰ্ভত জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাই আৰক্ষীক গোচৰ ৰুজু কৰে।

প্ৰাপ্ত তথ্য অনুসৰি, একাংশ দুষ্কৃতিকাৰীয়ে কিছু নিৰীহ লোকক বিপথে পৰিচালিত কৰাৰ উদ্দেশ্যে জলসম্পদ বিভাগৰ MR কৰ্মীসকলক ২০ মে’ত বিভাগৰ মুখ্য কাৰ্যালয়ত স্থায়ী নিযুক্তিৰ পত্ৰ দিয়া হ’ব বুলি ভুৱা বাৰ্তাৰ প্ৰচাৰ চলায়।

ঘটনা সন্দৰ্ভত বিভাগীয় মন্ত্ৰী পীযুষ হাজৰীকাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি জলসম্পদ বিভাগে কোনোধৰণৰ নিযুক্তিৰ নিৰ্দেশ জাৰি কৰা নাই বুলি উল্লেখ কৰে আৰু এই অপপ্ৰচাৰক গৰিহণা দিয়ে। মন্ত্ৰী হাজৰীকাই এই ঘটনা সন্দৰ্ভত সামাজিক মাধ্যমতো উল্লেখ কৰি এই ভুৱা বাৰ্তাত ভোল নাযাবলৈ সকলোকে আহ্বান জনায়।

আনহাতে, এই সম্পূৰ্ণ ঘটনা সন্দৰ্ভত জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা ভাস্কৰ শৰ্মাই বশিষ্ঠ থানাত এজাহাৰ দাখিল কৰে আৰু সামাজিক মাধ্যমত এই অপপ্ৰচাৰ কৰা দুষ্কৃতিকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায়।

You might also like