নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাসুগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপকক বিদায় সম্বৰ্ধনা, বিহু পালনঃ আনন্দত আত্মহাৰা হৈ এপাক নাচিলে অধ্যাপিকাই

নিয়মীয়া বাৰ্তা, বাসুগাঁও, ২৩ এপ্ৰিলঃ চিৰাং জিলাৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান বাসুগাঁও মহাবিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক-অধ্যাপিকাক বিদায় সম্বৰ্ধনা জনোৱা হয়। ইংৰাজী বিভাগৰ মূৰব্বী অধ্যাপক প্ৰবীণ ভূঞা, অৰ্থনীতি বিভাগৰ মূৰব্বী অধ্যাপিকা আৰতি কুমাৰী আৰু অসমীয়া বিভাগৰ খনিন্দ্ৰ কুমাৰ চক্ৰৱৰ্তীক একেদিনাই একেলগে মহাবিদ্যালয় শিক্ষক গোট, ছাত্ৰ-ছাত্ৰী আৰু গ’ভৰ্ণিং বডীৰ পৰা বিদায় সম্বৰ্ধনা জনোৱা হয়। বাসুগাঁও মহাবিদ্যালয় গৰ্ভনিং বডীৰ চেয়াৰমেন তথা বি টি চি পৰিষদৰ নিৰ্বাচিত সদস্য দেৰহাছাৎ বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বি টি চিৰ বন, পৰিবেশ, ভূমি, ৰাজহ বিভাগৰ কাৰ্য্যবাহী সদস্য ফেৰেংগা ওৰফে ৰঞ্জিত বসুমতাৰী।

জাতীয় উৎসৱ বিহু, বৈশাগু বা বিষুৱাৰ কাৰ্য্যসূচী ৰূপায়ণ কৰিবলৈ লোৱা কাৰ্য্যকো তেওঁ শলাগ লয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ৰনেন চন্দ্ৰ মুছাহাৰী আঁত ধৰি অতীজৰে পৰা বিহু বা বৈশাগু সাতদিনীয়াকৈ পালন কৰি অহা বুলি উল্লেখ কৰি নিজৰ কৃষ্টি-সংষ্কৃতিৰ প্ৰতি চেতনাবোধ জাগি উঠক আৰু ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহণ কৰি ইয়াৰ ওপৰত শিক্ষা গ্ৰহণ কৰক বুলি উদ্দেশ্য ব্যাখ্যাত দাঙি ধৰে। এই বিদায় দুখৰ মাজত কিছু আনন্দ, কিছু সুখ অনুভৱ কৰক বুলিয়ে একেলগে বিদায় আৰু বিহু-বিষুৱা-বৈশাগুৰ আয়োজন কৰাৰ কথা ব্যক্ত কৰে তেওঁ। উল্লেখ্য যে বিহু, বৈশাগু, বিষুৱা আৰু ৰবীন্দ্ৰ সংগীতৰ তালে তালে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে একাংশ অধ্যাপিকাও অংশ গ্ৰহণ কৰি পৰিবেশটিক অন্য মাত্ৰা প্ৰদান কৰে।

You might also like