নিয়মীয়া বাৰ্তা, ২ জুলাইঃ এক শোকাকুল পৰিৱেশত নিজৰ ওপজা গাঁও ৰৌমাৰীত আজি নিহত সেনা জোৱান জিয়াৰুল হকৰ জানাজা সম্পন্ন কৰা হয়।মৃত্যুৰ সময়ত জিয়াৰুলৰ বয়স হৈছিল ২৯ বছৰ। উল্লেখ্য যে বজালী জিলাৰ সৰুপেটা ৰাজহ চক্ৰৰ অন্তৰ্গত ৰৌমাৰী গাঁৱৰ কায়েমুদ্দিন আৰু চোহাগী খাতুনৰ পুত্ৰ১০৭ নং টেৰিট’ৰিয়েল আৰ্মিৰ সেনা জোৱান জিয়াৰুল হকে মণিপুৰৰ ননী জিলাৰ টুপুলত ইম্ফল জিবিবাম ৰেলৱে নিৰ্মাণ প্ৰকল্পৰ কাষৰ ১১নং জি আৰ শিবিৰত কৰ্তব্যৰত অৱস্থাত থাকোতেই যোৱা বুধবাৰে নিশা প্ৰায় ১২-১০ বজাত পাহাৰৰ পৰা হোৱা ভূমিস্খলনৰ ফলত অকালতে মৃত্যুক সাবটি লবলগীয়াত পৰিছিল।উল্লেখ্য,উক্ত দুৰ্ঘটনাত নিহত কুৰিগৰাকীৰ মৃতদেহ এতিয়ালৈকে উদ্ধাৰ কৰা হৈছে যদিও আন ৪৪ গৰাকীৰ মৃতদে এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা হোৱা নাই বুলি জানিব পৰা গৈছে। উল্লেখ্য,এই দুৰ্ঘনাৰ পিছতেই সেনা বাহিনীৰ তৰফৰ পৰা জিয়াৰুলৰ মৃত্যুৰ বাতৰি ফোনযোগে পৰিয়ালক জনোৱাত পৰিয়ালৰ মূৰত যেন আকাশী সৰগ ভাগি পৰে।আনহাতে আজি দিনৰ প্ৰায় ১ বজাত মেজৰ ৰবি বেনীপাল আৰু চুবেদাৰ বলবিন্দৰ সিঙৰ নেতৃত্বত ১৭ জনীয়া এটি সেনা জোৱানৰ দলে সৈন্যবাহিনীৰ গাড়ীৰে জিয়াৰুলৰ মৃতদেহ কঢ়িয়াই গাঁওখনত উপস্থিত হোৱাৰ লগে-লগেই গাঁওৰ লোকসকল কান্দোনত ভাগি পৰে।ৰাষ্ট্ৰীয় পতাকাৰে আবৃত জিয়াৰুলৰ মৃতদেহ নিজ চকুৰে শেষবাৰৰ বাবে চোৱাৰ বাবে উপস্থিত গঞা ৰাইজৰ মাজত হেতা ওপৰা লগা পৰিলক্ষিত হয়।ইয়াৰে মাজত আৰক্ষী আৰু প্ৰশাসনৰ লোকে ভীৰ নিয়ন্ত্ৰণ কৰিবলৈ যথেষ্ট কষ্ট কৰিবলগীয়া হয়।আনহাতে মৃতদেহত শেষ শ্ৰদ্ধা জ্ঞাপনৰ বাবে ঠাইলৈ অহা কান্দোনত ভাগি পৰা জিয়াৰুল হকৰ পিতৃ কায়েমুদ্দিন,মাতৃ চোহাগী খাতুন,পত্নী আজমিনা পাৰবিন আৰু তেওঁৰ কনিষ্ঠ ভাতৃ ছাদ্দাম হুছেইনক উপস্থিত ৰাইজে দাংকোলাকৈ উক্ত ঠাইৰ পৰা আতৰাই নিয়া দেখা যায়।স্থানীয় মাজগাঁও আঞ্চলিক হাইমাদ্ৰাছাৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ,মাজগাঁও নৱশক্তি কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিকৰ কলা শাখাত উত্তীৰ্ণ হৈ জিয়াৰুলে ২০১৩ বৰ্ষত সেনাবাহিনীত যোগদান কৰিছিল। মৃত্যুৰ সময়ত জিয়াৰুলে পিতৃ – মাতৃ আৰু পত্নীৰ লগতে তিনি ভাতৃ আৰু তিনিগৰাকী বিবাহিতা ভগ্নী, চাৰিবছৰীয়া পুত্র ‘জিছান ‘ আৰু তিনিমহীয়া পুত্র সন্তান’ মোমাই’ক ইহসংসাৰত এৰি থৈ যায়।উল্লেখ্য,দ্বিতীয় সন্তান ‘মোমাই’ৰ জন্মৰ তিনিমাহ পূর্বে জিয়াৰুলে ছুটীত ৰৌমাৰীৰ ঘৰলৈ আহি ছুটী শেষ কৰি ডেৰমাহ পূর্বে পুনৰ নিজৰ কর্তব্যত যোগদান কৰিছিল।জিয়াৰুলৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ পিছৰে পৰা বীৰ সৈনিকগৰাকীৰ ৰৌমাৰীৰ ঘৰখন লোকে লোকাৰণ্য হৈ আহিছিল।ৰৌমাৰী গাঁৱৰ জিয়াৰুল হক ছাত্র অৱস্থাৰে পৰাই ক্রীড়ানুৰাগী, সমাজকর্মী, ব্যক্তিত্বসম্পন্ন, আদর্শবাদী আৰু শান্ত স্বভাৱৰ যুৱক আছিল বুলি বৰ্তমান ৰৌমাৰী অঞ্চলবাসীৰ মুখে মুখে উচ্চাৰিত হৈছে।জিয়াৰুলৰ ব্যক্তিত্ব,প্রতিভা, সামাজিক দায়বদ্ধতাৰ বিষয়ে সুঁৱৰি তেওঁৰ অকাল বিয়োগত গভীৰ শোকৰ প্ৰকাশ কৰিছে অজস্ৰজনে।আনহাতে জিয়াৰুলৰ মৃতদেহ সামৰিক কায়দাৰে গাড়ীৰ পৰা নমোৱাৰ পিছত অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰণ্জিৎ কুমাৰ দাস,কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন শিকদাৰৰকে ধৰি অজস্ৰজনে মৃতদেহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।আনহাতে আজি ৰৌমাৰী গাঁওৰ ৰাজহুৱা কবৰ স্থানত ইছলাম ধৰ্মীয় ৰীতি অনুসৰি জিয়াৰুলৰ জানাজা সম্পন্ন কৰা হয়।ইতিমধ্যে অসম চৰকাৰৰ মন্ত্ৰী ৰণ্জিৎ কুমাৰ দাসে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে পৰিয়ালক ৫ লাখ টকা এককালীন সাহায্য হিচাপে প্ৰদান কৰিব বুলি ঘোষণা কৰিছে।
প্ৰেৰক ভূষণ তালুকদাৰ