বিঘাই বিঘাই মাকৈ খেতি কৰি শ’লঠেকত টুপামাৰীৰ কৃষক, হাহাকাৰ
নিয়মীয়া বাৰ্তা, ২৬ মে’ : অধিক ফচলৰ আশাৰে মাকৈ খেতি কৰি এতিয়া বৃহৎ লোকচানৰ সন্মুখীন হৈছে বহু দুখীয়া কৃষক। কামৰূপৰ টুপামাৰীত সংঘটিত হৈছে এই ঘটনা। তনুশ্ৰী নামৰ কোম্পানীৰ বিধানেৰে মাকৈ খেতি কৰি সৰ্বস্বান্ত হৈছে দুখীয়া কৃষক সকল।
এই বিধানেৰে কৰা খেতিত গছ হ’ল ফলো হ’ল পিছে ফলৰ ভিতৰত নাই মাকৈ দানা।হাহাকাৰ লাগিছে সংশ্লিষ্ট মাকৈ খেতিয়ক সকলৰ। এবিঘা, দুবিঘা নহয় অঞ্চলটোৰ শ-শ বিঘা মাকৈ খেতিৰ হ’ল এই অৱস্থা।
ঋণ ধাৰ কৰি মূৰৰ ঘাম মাটিত পেলাই খেতি কৰা বৃহত্তৰ ৰঙ্গেশ্বৰী, টুপামাৰীৰ দুখীয়া কৃষকসকলে এতিয়া বৃহৎ লোকচানৰ সন্মুখীন হৈছে। ফলত মূৰে কপালে হাত দিবলগীয়া এক পৰিৱেশৰ সৃষ্টি হৈছে কৃষক সকলৰ।
পিছে এই দুখীয়া কৃষক সকলক ৰাম ঠগন দিয়া বীজ কোম্পানীটোৰ বিৰুদ্ধে নূন্যতম ব্যৱস্থা গ্ৰহণ কৰা নাই ৰাজ্যৰ কৃষি বিভাগে।কৃষি বিভাগৰ কোনো এজন লোকে খৱৰ লোৱা নাই কৃষক সকলৰ।সেয়ে ক্ষোভিত হৈ পৰিছে কৃষক সকল।শীঘ্ৰেই নকল বীজ কোম্পানীটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে দৰিদ্ৰ কৃষক সকলক ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছে ভুক্তভোগী কৃষক সকলে।
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস