নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চলচ্চিত্ৰ পৰিচালক দাৰা আহমেদ আৰু নাই

নিয়মীয়া বাৰ্তা, ২৪ মে’: বিশিষ্ট চলচ্চিত্ৰ পৰিচালক দাৰা আহমেদ আৰু নাই। সোমবাৰে গুৱাহাটীৰ এপ’ল’ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে পৰিচালকগৰাকীয়ে।

বহু জনপ্ৰিয় অসমীয়া ছবি পৰিচালনা কৰা দাৰা আহমেদক দেওবাৰে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। বুকুত বিষ অনুভৱ কৰাত ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত।

ৰিক্সাৱালা, যখিনী, উৰ্বশী, ধ্ৰুৱতৰা আদি ভালেসংখ্যক জনপ্ৰিয় অসমীয়া ছবি পৰিচালনা কৰিছিল তেওঁ।

উল্লেখ্য যে মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭২ বছৰ।

ইপিনে বিশিষ্ট চলচ্চিত্ৰ পৰিচালক দাৰা আহমেদৰ মৃত্যুত শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। টুইটযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে, “অসমীয়া বোলছবি জগতৰ জনপ্ৰিয় পৰিচালক দাৰা আহমেদৰ বিয়োগত মই মৰ্মাহত হৈছোঁ। তেখেতৰ বিয়োগে অসমীয়া চলচ্চিত্ৰ জগতত এক শূণ্যতাৰ সৃষ্টি কৰিলে। মই বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাইছোঁ।”

You might also like