এক লাখ চাকৰি নিযুক্তিৰ সন্দৰ্ভত বিত্তমন্ত্ৰী নেতৃত্বত বৈঠক
নিয়মীয়া বাৰ্তা ২৮ জুনঃ আজি বিত্ত মন্ত্ৰী অজন্তা নেওগৰ নেতৃত্বত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট বৈঠকে লোৱা সিদ্ধান্ত অনুসৰি ৰাজ্যত ১ লাখ নিযুক্তি প্ৰদানৰ সন্দৰ্ভত গঠন কৰি দিয়া কমিটিখনৰ সৈতে দ্বিতীয়খন বিশেষ বৈঠকত মিলিত হয়।
উক্ত বৈঠকত আগন্তুক দিনত ৰাজ্য চৰকাৰৰ অধীনত হ’বলগীয়া নিযুক্তি সন্দৰ্ভত পদসমূহৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, নিয়মাৱলী, আবেদন পদ্ধতি, বাছনি প্ৰক্ৰিয়া তথা সামগ্ৰিকভাৱে সম্পূৰ্ণ নিকা পদ্ধতিৰে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰাৰ ক্ষেত্রত বিতং ভাৱে আলোচনা কৰে।
লগতে বিত্ত মন্ত্ৰীয়ে যিসমূহ বিভাগে এতিয়ালৈকে বিভাগীয় খালী পদ সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰা নাই, সেই বিভাগসমূহক অতি শীঘ্ৰেই এই বিষয়ে প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।