নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অঘটনৰ পৰা কথমপি ৰক্ষা পৰিল মৰিয়নি

বিশেষ বাৰ্তা, ১৬ ডিচেম্বৰঃ মৰিয়নি নগৰৰ ৫নং ৱাৰ্ডৰ কচাইপট্টি অঞ্চলত আজি দিনত এক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। ঘটনাৰ সন্দৰ্ভত জানিব পৰা মতে, কচাইপট্টিৰ দীপ্তি হাজৰিকা নামৰ মহিলাগৰাকীৰ (স্বামী প্ৰয়াত ভূপেন হাজৰিকা) ঘৰত আজি নামপ্ৰসংগ আছিল। সেই অনুসৰি পুৱা ভকতৰ সমাগমো হৈছিল। সেই সময়তে সকামত ব্যৱহাৰ কৰিবলৈ অনা এটা গেছ চিলিণ্ডাৰৰ পৰা গেছ নিৰ্গত হৈ জ্বলি থকা চাকিৰ সংস্পৰ্শলৈ অহাত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। চিলিণ্ডাৰটোকো জুইয়ে আগুৰি ধৰাত মুহুৰ্ততে এক বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি লয়। ইতিমধ্যে জুইয়ে ঘৰৰ বাঁ‌হৰ বেৰকো আগুৰি ধৰে। ততাতৈয়াকৈ অগ্নিনিৰ্বাপন আৰু জৰুৰীকালীন সেৱাক খৱৰ দিয়া হয়। সমান্তৰালভাৱে স্থানীয় একাংশ লোকে তৎপৰতাৰে ঘৰৰ বেৰ আদি কাটি জুই প্ৰশমিত কৰাৰ চেষ্টা চলায়। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হোৱা মৰিয়নিৰ অগ্নিনিৰ্বাপন আৰু জৰুৰীকালীন সেৱাৰ জোৱানে অশেষ চেষ্টাৰ মূৰত জ্বলি থকা চিলিণ্ডাৰটোৰ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। ফলত এক ভয়াবহ অঘটনৰ পৰা অঞ্চলটো ৰক্ষা পৰে । উল্লেখযোগ্য যে, দুৰ্ঘটনা সংঘটিত হোৱা স্থানলৈ যোৱা পথ অতি ঠেক হোৱাৰ বাবে অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীলৈ যাব নোৱাৰিলে। আনকি অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ৰোৱা স্থানৰ পৰা ঘটনাস্থলীলৈ যোৱা গলিৰ দুৰত্বও বেছি হোৱাত পাইপেৰে পানী মাৰিবলৈও সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। তাৰোপৰি অগ্নিকাণ্ড সংঘটিত হোৱা অঞ্চলটো অতি ঘন জনবসতিপূৰ্ণ হোৱা হেতুকে জুইয়ে যিকোনো মুহুৰ্ততে ভয়াবহ ৰূপ লোৱাৰ আশংকা আছিল । তেনেস্থলত আজি অগ্নিকাণ্ড সামান্য বিয়পি পৰা হ’লেই সমগ্ৰ অঞ্চলটোকে জুইয়ে আৱৰি ধৰাৰো আশংকা আছিল। স্থানীয় একাংশ লোকৰ লগতে অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাৰ বাবেই অঞ্চলটো আজি কোনোমতে ৰক্ষা পৰে। দিনৰ প্ৰায় ১০-৪৫ মান বজাত সংঘটিত এই অগ্নিকাণ্ডত দিপ্তী হাজৰিকাৰ ঘৰৰ আংশিক ক্ষতিসাধন হয়। মন কৰিবলগীয়া যে, মৰিয়নি নগৰৰ বহুকেইটা ঘন জনবসতিপূৰ্ণ অঞ্চলত থকা বাট পথ তেনেই ঠেক। এইপথসমূহ কিছু বহল কৰি এম্বুলেন্স, অগ্নিনিৰ্বাপক বাহিনীৰ বাহন আদি আহ যাহ কৰিব পৰাকৈ গঢ়ি তুলিবলৈ সংশ্লিষ্ট সকলো পক্ষৰ প্ৰতি সচেতন ৰাইজে আহ্বান জনাইছে।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like