নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোৰ ছমৰীয়াত ভয়ংকৰ অগ্নিকাণ্ডত ২০ লক্ষাধিক টকাৰ সা-সামগ্ৰী ভস্মীভূত

নিয়মীয়া বাৰ্তা , ২৮ ফেব্ৰুৱাৰী:: কামৰূপ জিলাৰ বকো থানাৰ অন্তৰ্গত ছমৰীয়া সত্ৰত ৰবিবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । এই অগ্নিকাণ্ডত প্ৰায় ২০ লক্ষ্যাধিক টকাৰ সা-সামগ্ৰী জুইত ভষ্মীভূত হয় ৷ ছমৰীয়া বাছ আস্থানত থকা এখন চাহ দোকানৰ চৌকাৰ পৰা জুইৰ সুত্ৰপাত হয় বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে ৷ চাহ দোকানৰ চৌকাৰ জুইৰ লেলিসান শিখাই মূহুৰ্ততে এখন এখনকৈ পাঁচখন দোকান আগুৰি ধৰে আৰু প্ৰায় ২০ লক্ষ্যাধিক টকাৰ সম্পত্তি জুইত জাহ যায় ৷ উল্লেখ্য যে, স্থানীয় ৰাইজে অগ্নিকাণ্ড প্ৰত্যক্ষ্য কৰিয়ে বকো অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে ৷ অগ্নিনিৰ্বাপক বাহিনীৰ লোক কিছু সময় পিছতে উপস্থিত হৈছিল যদিও এই জুয়ে প্ৰায় ২০ লক্ষাধিক টকাৰ সা-সামগ্ৰী ভষ্মীভূত কৰে ৷ আজি বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাস ঘটনাস্থলীত উপস্থিত হৈ অগ্নিকাণ্ডৰ বুজ লোৱাৰ লগতে ক্ষতিগ্ৰস্থ দোকানী কেইজনক দহ হাজাৰকৈ আৰ্থিক সাহাৰ্য প্ৰদান আশ্বাস দিয়ে ৷

প্ৰেৰক কামাৰুজ জামান

You might also like