নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অগ্নিকাণ্ডঃ যোগীঘোপাৰ দলনীবিলত ৩২ লাখ টকাৰ ক্ষতি

নিয়মীয়া বাৰ্তা, ৪ মাৰ্চঃ বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত দলনীবিল টিলাপাৰা গাঁৱত  আজি বিয়লি প্ৰায় ৩:৩০ বজাত এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । অগ্নিকাণ্ডত ৯ টাকৈ বাসগৃহ সম্পুৰ্ণৰূপে ভষ্মীভূত হয় । অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই । ঘটনাৰ বিৱৰণী মতে, দলনীবিল টিলাপাৰা গাঁৱত আজি বিয়লি আসব আলীৰ এটা বাসগৃহত প্ৰথমে অগ্নিকাণ্ডৰ সুত্ৰপাত হয় ।আসব আলীৰ বাসগৃহত সংঘটিত অগ্নিকাণ্ডৰ জুই ইমানে ভয়াবহ আছিল যে মুহুৰ্তৰ ভিতৰতে দাওদাওকৈ জ্বলি উঠা জুইৰ লেলিহান শিখা  দাঁতি-কাষৰীয়া আন বাসগৃহসমুহলৈ বিয়পি পৰে । লগে লগে স্থানীয় লোকসকলৰ মাজত হুৱা-দুৱা লাগে। স্থানীয় লোকে জুই নুমুৱাবলৈ অশেষ চেষ্টা কৰে যদিও দাওদাওকৈ জ্বলি উঠা জুইত আসব আলীৰ লগতে আজিমুদ্দিন,আজিদুল হক,হাৰান আলী, দেলবাৰ আলী,দেলসাদ আলী আৰু আব্দুৰ ৰহমানৰ মুঠ ৯টাকৈ  বাসগৃহ সম্পুৰ্ণৰূপে জ্বলি ছাই হয় ।খবৰ পোৱা মাত্ৰে ঘটনাস্থলীত যোগীঘোপা আৰক্ষী, অগ্নিনিৰ্ব্বাপক বাহিনীৰ দুখন বাহন উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত জুই নিৰ্বাপণ কৰিব’লৈ সক্ষম হয় ।অগ্নিকাণ্ডত পৰিয়ালকেইটাৰ বাসগৃহ ৯ টাত থকা নগদ ধন সহ বহু গুৰুত্বপুৰ্ণ নথিপত্ৰ, আচবাব, ধানৰ ভৰালৰ লগতে এটা গেলামালৰ দোকান সম্পূৰ্ণৰূপে জ্বলি ছাই হয় । অগ্নিকাণ্ডত প্ৰায় ৩২ লক্ষাধিক টকাৰ ক্ষতি হয় বুলি জনা গৈছে ।স্থানীয় ৰাইজে অভিযোগ কৰা মতে, বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে এই অগ্নিকাণ্ড সংঘটিত হয় ।আসব আলীৰ বাসগৃহৰ কাষতে বিদ্যুতৰ খুঁটা থকাত বিদ্যুৎ পৰিবাহী তাৰত গছৰ ডাল-পাত লাগি অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে।এই জুয়ে আসব আলীৰ বাসগৃহলৈ বিয়পি পৰা বুলি স্থানীয় ৰাইজে অভিযোগ কৰে ।

প্ৰেৰক টিংকু চন্দ্ৰ দাস

You might also like