মহানগৰীৰ ব্যৱসায়ী অপহৰণকাৰী আৰক্ষীৰ পলায়নৰ চেষ্টা গুলীবিদ্ধ কনিষ্টবল ৰাজাবাবু সিং
নিয়মীয়া বাৰ্তা ৩০ জুনঃ বিতর্কিত ব্যৱসায়ী অজিত দাসৰ অপহৰণ কাণ্ডৰ সৈতে জডিত আৰক্ষী কনিষ্টবল ৰাজাবাবু সিঙক লগত লৈ যোৱানিশা ঘগুৱা পাহাৰত পুনৰ ক্রাইম ব্রাঞ্চে অভিযান চলায়৷ উল্লেখ্য যে দেওবাৰে পুৱতিনিশা গুৱাহাটীস্থিত ক্রাইম ব্রাঞ্চে ঘগুৱা পাহাৰৰ অতিশয় দুর্গম এলেকাত অভিযান চলাই আৰক্ষী কনিষ্টবল সূৰুয পাতৰ, হোমগার্ড জিতেন বাইলুঙৰ লগতে উমেশ দাস নাম এজন কম্পাউণ্ডাৰক গ্রেপ্তাৰ কৰিছিল৷ লগতে উদ্ধাৰ কৰিছিল অপহূত ব্যৱসায়ী অজিত দাসক৷
মঙলবাৰে পুৱতিনিশা প্রায় ২ বজাত অভিযুক্ত আৰক্ষী কনিষ্টবল ৰাজাবাবু সিঙক লৈ ঘগুৱা পাহাৰত পুনৰ ক্রাইম ব্রাঞ্চে অভিযান চলাওঁতেই পলাবলৈ চেষ্টা কৰোঁতে আৰক্ষীৰ গুলীত আহত হয় ৰাজাবাবু সিং৷ জানিব পৰা মতে, আহত ৰাজাবাবু সিঙক নিশাই মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ নি প্রাথমিক চিকিৎসা কৰাৰ পিছতে গুৱাহাটীলৈ লৈ যোৱা হয়৷
উল্লেখ্য যে মহানগৰ আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই অতি সংগোপনে নিশা ঘগুৱা অঞ্চলত অভিযান চলাইছিল৷ যাৰ বাবে স্থানীয় লোক এই সন্দর্ভত একো অৱগত নহয়৷ আনহাতে ঘগুৱা ঘুলিগাঁৱৰ সত্য বৰদলৈ আৰু সঞ্জু বৰদলৈ নামৰ দুজন যুৱকক অপহৰণকাৰীকেইজন আহাৰ যোগান ধৰা বাবে আৰক্ষীয়ে আটক কৰি সোধা–পোছা অব্যাহত ৰাখিছে৷ তদুপৰি এই চাঞ্চল্যকৰ অপহৰণ কার্যত ব্যৱহাৰ কৰা এ এছ–০১ ই এফ–৪৪৮০ নম্বৰৰ এখন বাহন আৰক্ষীয়ে জব্দ কৰে৷
ইপিনে ব্যৱসায়ী অজিত দাস নিষিদ্ধ ড্রাগ্ছৰ ব্যৱসায়ত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে যদিও আৰক্ষীয়ে এই সন্দর্ভত মুখ খোলা নাই৷ অৱশ্যে তদন্তৰ পিছত সকলো তথ্য পোহৰলৈ আহিব বুলি কামৰূপ মহানগৰ জিলাৰ আৰক্ষী আয়ুক্ত মুন্নাপ্রসাদ গুপ্তাই জানিবলৈ দিছে৷
ইপিনে পলাশবাৰী আৰক্ষীয়ে আজিৰ বিতর্কিত ব্যৱসায়ী অজিত দাসক ড্রাগছ সৰবৰাহ কার্যত জড়িত থকাৰ অভিযোগত গ্রেপ্তাৰ কৰে৷ পলাশবাৰী থানাত এনডিপিএছ এক্টৰ ২১ বি/২৯ ধাৰাত ৪০৫/২১ নম্বৰত ৰুজু হোৱা গোচৰৰ ভিত্তিত মঙলবাৰে আৰক্ষীয়ে ব্যৱসায়ী দাসক গ্রেপ্তাৰ কৰে৷ নাটকীয় অপহৰণ কাণ্ডৰ মুখ্য ভূমিকা গ্রহণ কৰা ব্যৱসায়ী অজিত দাসক আৰক্ষীয়ে গ্রেপ্তাৰ কৰি আদালতত হাজিৰ কৰাত কামৰূপ জিলা ন্যায়িক দণ্ডাধীশৰ আদালতে তেওঁক দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্রেৰণ কৰে৷ সম্প্রতি পলাশবাৰী আৰক্ষীয়ে ড্রাগছ সৰবৰাহত অভিযুক্ত ব্যৱসায়ী দাসক মাৰাথন জেৰা অব্যাহত ৰাখিছে আৰু এই সন্দর্ভত পৰৱর্তী সময়ত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে বুলি পলাশবাৰী আৰক্ষীৰ এক সূত্রই জানিবলৈ দিছে৷