নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ প্ৰথমগৰাকী মহিলা প্লাজমা দাতা ৰূপে পৰিচিত হ’ল ৰাধিকা কেদিয়া

নিয়মীয়া বাৰ্তা, ৮ আগষ্টঃ অসমৰ প্ৰথমগৰাকী মহিলা প্লাজমা দাতা ৰূপে পৰিচয় গঢ়িলে ডিব্ৰুগড়ৰ ৰাধিকা কেদিয়াই। ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ প্লাজমা কেন্দ্ৰত আজি প্লাজমা দান কৰে ৰাধিকা কেদিয়াই। ডিব্ৰুগড়ৰ এইচ এছ ৰোড নিৱাসী ৰমেশ কেদিয়াৰ পৰিয়ালৰ সাতজন লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছিল।

কেদিয়াৰ পৰিয়াল ৰাধিকাৰ দুই ককায়েকৰ লগতে ৰমেশ কেদিয়াও ক’ভিড-১৯ত আক্ৰান্ত হৈছিল। যোৱা ৪ তাৰিখে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ূষ হাজৰিকাই উক্ত প্লাজমা কেন্দ্ৰটো উদ্বোধন কৰে আৰু সেইদিনাই ৰাধিকাৰ দুই ককায়েক সতীশ কেদিয়া আৰু সন্তোষ কেদিয়াই দান কৰে প্লাজমা।

ইয়াৰ পিছত আজি স্ব-ইচ্ছাৰে প্লাজমা দানৰ বাবে আগবাঢ়ি আহে ৰাধিকা কেদিয়া। ৰাধিকা কেদিয়াই এই প্লাজমা দানেৰে ৰাজ্যৰ প্ৰথমগৰাকী মহিলা প্লাজমা দাতা ৰূপে নাম লিপিবদ্ধ কৰে।

You might also like