নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ বিটিচিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন, উপস্থিত আৰক্ষী সঞ্চালকপ্ৰধান

নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰঃ কাইলৈ অনুষ্ঠিত হ’ব বিটিচি নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। বাগসা আৰু ওদালগুৰিৰ ২১টা সমষ্টিত পুৱা ৭ বজাৰ পৰা আৰম্ভ হ’ব ভোটদান পৰ্ব। এইবাৰৰ নিৰ্বাচনত ১৩,৬৪,০১৮ গৰাকী ভোটাৰে ১৩০গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব।

মুঠ ১৭৩৯টা ভোটকেন্দ্ৰত অনুষ্ঠিত হ’ব ভোটদান। ইতিমধ্যে ভোটকেন্দ্ৰসমূলৈ গমন কৰিছে প্ৰিজাইডিং বিষয়াকে ধৰি আন নিৰ্বাচনী বিষয়া-কৰ্মচাৰী। সম্পূৰ্ণ ক’ভিড প্ৰটোকল মানি নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনৰ ফালৰ পৰাও লোৱা হৈছে যথোচিত ব্যৱস্থা।

আনহাতে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্য়োতি মহন্তও আজি উপস্থিত হয় ওদালগুৰিত। তেওঁ প্ৰশাসনৰ ফালৰ পৰা জাৰি কৰা নীতি-নিয়ম অনুযায়ী ভোটকেন্দ্ৰসমূহ সাজু কৰাকে ধৰি আইন-শৃংখলাজনিত দিশৰ পৰ্যবেক্ষণ কৰে।

You might also like