নীল বিপ্লৱেৰে কলং কপিলী–দেৱজিৎ বর্মনৰ স্বাৱলম্বিতাৰ নিদর্শন
চৰকাৰী সংস্থাপনৰ আশা ত্যাগ কৰি মীন পালনেৰে স্বাৱলম্বী
নিয়মীয়া বাৰ্তা ১ জানুৱাৰীঃ নিবনুৱা সমস্যাই ভাৰাক্রান্ত কৰা ৰাজ্যৰ অর্থনীতিলৈ বহু উচ্চ শিক্ষিতই হাতে–কামে লাগি প্রভূত অৰিহণা আগবঢ়াইছে৷ এইসকল আদর্শৱান ব্যক্তিয়ে চৰকাৰী কর্মসংস্থাপনৰ আশা ত্যাগ কৰি স্বনিয়োজিত হোৱাৰ লগতে আন বহুজনক দেখুৱাইছে সংস্থাপনৰ পথ৷ কৃষিপ্রধান অসমৰ অর্থনীতিত মৎস্যপালনৰ গুৰুত্ব অপৰিসীম৷ তদুপৰি অসমৰ চহকী গ্রাম্য জীৱনৰ সৈতে ওতপ্রোতভাৱে জড়িত মীন পালন৷ বর্তমান সময়ত এই মীনপালনৰ পৰম্পৰাক বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰি একাংশ ব্যক্তিয়ে সূচনা কৰিছে নীল বিপ্লৱৰ৷ এক কথাত ক’বলৈ গ’ল নীল বিপ্লৱেৰে ৰাজ্যলৈ প্রগতিৰ জোৱাৰ আনিছে বহু মীনপালকে৷ ৰাজ্যৰ বজাৰৰ চাহিদা পূৰণ কৰাৰ লগতে ৰাষ্ট্রীয়–আন্তঃৰাষ্ট্রী প্রেক্ষাপটত মীনপালনেৰে জিলিকি উঠি ৰচনা কৰিছে সাফল্যৰ এক নতুন মাপকাঠী৷ ৰাজ্যৰ এই মীন বিপ্লৱত অগ্রণী শাৰীত বহুজনে স্থান লাভ কৰিব যদিও শেহতীয়াকৈ বিভিন্ন কাম–কাজেৰে উজলি উঠিছে কামৰূপ মহানগৰ জিলাৰ কলং–কপিলী নামৰ বেচৰকাৰী সংস্থা (এনজি’) আৰু নলবাৰীৰ দেৱজিৎ বর্মন৷ চৰকাৰী সংস্থাপনৰ আশা বাদ দি জীৱনৰ জটিল পথত সন্মুখীন হোৱা প্রত্যাহ্বান নেওচি কলং–কপিলী আৰু দেৱজিৎ বর্মনে ৰচনা কৰিছে সফলতাৰ এক নতুন ইতিহাস৷ অতি কম পৰিসৰেৰে কাম আৰম্ভ কৰা কলং–কপিলী আৰু দেৱজিৎ বর্মনে মীনপালনৰ ক্ষেত্রখনৰে একপ্রকাৰ জগত জিনাৰ পথ দেখুৱাই দিছে৷ উল্লেখ্য যে কলং–কপিলী হৈছে কামৰূপ মহানগৰ জিলাৰ বগীবাৰী অঞ্চলৰ এটা বেচৰকাৰী সংস্থা৷ এই সংস্থাটোৰ সঞ্চালক জ্যোতিষ তালুকদাৰৰ নেতৃত্বত বৈজ্ঞানিকভাৱে মাছ পালনৰ লগতে পশুপালনৰ জৰিয়তে উপার্জনৰ নতুন পথ মুকলি হৈছে মহানগৰ জিলাকে ধৰি ৰাজ্যৰ আন ছখন জিলাত৷ ২০০৭ চনত বগীবাৰী গাঁৱত আৰম্ভ কৰা প্রকল্পটোৰ জৰিয়তে বর্তমান কলং–কপিলীয়ে কামৰূপ মহানগৰ, নগাঁও, হোজাই, পশ্চিম কার্বি আংলং আৰু ডিমা হাছাওতো বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে৷ সঞ্চালক জ্যোতিষ তালুকদাৰে সদৰী কৰা অনুসৰি, সম্প্রতি কলং–কপিলীয়ে এই ছয় জিলাত এক লাখ পৰিয়ালক মৎস্যৰ লগতে পশুপালনেৰে স্বাৱলম্বী হোৱাৰ পথ প্রদর্শন কৰিছে৷ এই প্রকল্প আৰম্ভ কৰাৰ চিন্তা–চর্চা কিদৰে মনলৈ আহিছিল বুলি সোধা প্রশ্ণৰ উত্তৰত ‘নিয়মীয়া বার্তা’ক তেওঁ কয় যে শিক্ষা সমাপ্ত কৰাৰ পিছতে তেওঁ ব্যৱসায়ৰ কথা চিন্তা–চর্চা কৰিছিল৷ ইয়াৰ বাবে তেওঁৰ হাতত নাছিল মূলধন৷ যাৰ বাবে ১৫ হাজাৰ টকা ঋণ বিচাৰি এটা বেংকৰ দুৱাৰত তেওঁ টোকৰ মাৰিছিল৷ কিন্তু বেংকৰ বিভিন্ন কঠিন চর্ত পূৰণ কৰিব নোৱাৰাৰ বাবে তেওঁ ঋণ পাবলৈ সক্ষম নহ’ল৷ ব্যৱসায়ৰ প্রথম পৰিকল্পনাতে সৃষ্টি হোৱা এই বাধাত তেওঁ হতাশ নহ’ল৷ বৰঞ্চ দুগুণ উৎসাহেৰে আন ৭জন বন্ধুৰে মিলি আৰম্ভ কৰিলে কলং–কপিলী৷ এই প্রসংগত তালুকদাৰে কয় যে এসময়ত ১৫ হাজাৰ টকাৰ ঋণ বেংকৰ পৰা লাভ কৰিবলৈ সক্ষম নোহোৱা উদ্যোগীজনে বর্তমান শিক্ষিত যুৱক–যুৱতীক এছবিআই–নাবার্ড আদিৰ জৰিয়েত ২০ কোটি টকাৰ ঋণ প্রদান কৰাত সহায় কৰিছে৷ প্রাকৃতিক ভাৰসাম্য বিনষ্ট নোহোৱাকৈ মৎস্য পালনৰ নিদর্শন দাঙি ধৰা কলং–কপিলীয়ে বিভিন্ন জিলাত পৰিত্যক্ত হৈ থকা জলাশয়সমূহ ৰূপান্তৰ কৰিছে সম্পদলৈ৷
ইয়াৰ জ্বলন্ত উদাহৰণ হৈছে বৈঠালাংছ’ অঞ্চলৰ বৰবিল এলেকা৷ তালুকদাৰে সদৰী কৰা অনুসৰি এই বৰবিল এলেকাত যথেষ্টসংখ্যক পৰিত্যক্ত জলাশয় আছে৷ এই জলাশয়সমূহ অব্যৱহূত হৈ থকাৰ সময়ত যথেষ্ট বন্যহস্তীৰ আগমন ঘটিছে৷ জলাশয়সমূহত গা ধুবৰ বাবে অহা এই বন্যহস্তীসমূহে স্থানীয় অঞ্চলটোৰ খেতি–বাতি ধ্বংস কৰাৰ লগতে ক্ষতি কৰিছিল ৰাইজৰ৷ নাবার্ডৰ সহায়ত এই অঞ্চলটোত তেওঁলোকে এটা বিশেষ প্রকল্প ৰূপায়ণ কৰে৷ এই প্রকল্পৰ অধীনত বৰবিলৰ পৰিত্যক্ত জলাশয়সমূহ পৰিষ্কাৰ কৰি পুখুৰীলৈ ৰূপান্তৰ কৰে৷ এই পুখুৰীসমূহত মৎস্য পালন কৰিবলৈ যাৱতীয় সাহায্য স্থানীয় লোকসকলক প্রদান কৰে৷ লগতে এই জলাশয়সমূহৰ পাৰত নেমুটেঙা, তামোল আদি বিভিন্ন গছ ৰোপণ কৰে৷ ফলত অঞ্চলটোলৈ বন্যহস্তীৰ আগমন হ্রাস পায়৷ এই প্রসংগত তালুকদাৰে কয়, ‘হাতীয়ে নোখোৱা খাদ্য জলাশয়সমূহৰ পাৰত ৰুই দিয়াত হাতী খাদ্যৰ সন্ধানত এই অঞ্চললৈ আহিবলৈ এৰি দিলে৷ পূর্বে এই অঞ্চলটোৰ লোকসকলে কাম বিচাৰি গাঁৱৰ বাহিৰলৈ যাবলগীয়া হৈছিল৷ তেওঁলোকৰ বছৰেকীয়া উপার্জন আছিল ২২ হাজাৰ টকা৷ কিন্তু বর্তমান তেওঁলোকে জলাশয়সমূহত মীনপালনেৰে বছৰি ২ লাখ টকাপর্যন্ত উপার্জন কৰিবলৈ সক্ষম হৈছে৷ নিজৰ ঘৰৰ পৰিয়ালৰ লগত সময় কটাই তেওঁলোকে উপার্জনৰ পথ লাভ কৰিছে৷’ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে কলং–কপিলীয়ে ডিমৰীয়া ব্লকৰ অন্তর্গত বগীবাৰীত স্থাপন কৰিছে ইণ্টিগ্রেটেড একুৱাকালছাৰ চেণ্টাৰ৷ ১০০ বিঘাজুৰি থকা এই চেণ্টাৰটোৰ জৰিয়তে নিবনুৱা যুৱক–যুৱতীসকলক্ ‘কম্প’জিট ফার্মিং’ অর্থাৎ মাছৰ লগতে আন পশুপালনৰ প্রশিক্ষণ প্রদান কৰি আহিছে৷ ৰাজ্যৰ মৎস্যপালনৰ ক্ষেত্রখনত কেইবাটাও নতুন কাম কৰিবলৈ সক্ষম হৈছে কলং–কপিলীয়ে৷ সঞ্চালক তালুকদাৰে সদৰী কৰা অনুসৰি তেওঁলোকে চাৰিটা বিশেষ ধৰণে মাছ পালনৰ জৰিয়তে ৰাজ্যত নতুন পথ প্রদর্শন কৰিছে৷ ইয়াৰে এটা হৈছে মিছামাছ পালন৷ আনহাতে ৰাজ্যত উন্নত প্রজাতিৰ ৰৌ–মাছ পালনেৰে বিশেষ নিদর্শন দাঙি ধৰিছে এই সংস্থাটোৱে৷ চেণ্ড্রেল ইনষ্টিটিউট অৱ ফ্রেচ ৱাটাৰ একুৱাকালছাৰ (ছিফা)ৰ পৰা জয়ন্তী ৰৌৰ পোনা আনি প্রতিপালন কৰিছে কলং–কপিলীয়ে৷ এই প্রজাতিৰ ৰৌ সচৰাচৰ অসমত উপলব্ধ ৰৌতকৈ ৪০ শতাংশ ডাঙৰ হয়৷ মীনপালকসকলৰ উপার্জন বৃদ্ধিৰ বাবে কলং–কপিলীয়ে স্থানীয় বিভিন্ন প্রজাতিৰ মাছ যেনে– কাৱৈ মাছ সজাত পালনৰ ব্যৱস্থা কৰিছে৷
ইপিনে নদীৰ পাৰত বাস কৰা লোকসকলৰ বাবেও তেওঁলোকে লৈছে বিশেষ পদক্ষেপ৷ সজাত চেনিপুঠি পালনৰ প্রশিক্ষণ প্রদান কৰি আহিছে কলং–কপিলীয়ে৷ উল্লেখ্য যে পূর্বে জয়ন্তী ৰৌ ভুবনেশ্বৰৰ পৰা আনিবলগীয়া হৈছিল৷ ভুবনেশ্বৰৰ পৰা কলকাতা আৰু তাৰ পৰা অসমলৈ এক দীঘলীয়া প্রক্রিয়াৰ অন্ততহে মীনপালকসকলে লাভ কৰিছিল জয়ন্তী ৰৌৰ পোনা৷ সম্প্রতি কলং–কপিলীয়ে নিজাববীয়াকৈ উৎপাদন কৰিছে জয়ন্তী ৰৌৰ পোনা৷ একে সময়তে কলং–কপিলীৰ অধীনত কাম কৰি থকা মীনপালকসকলক প্রত্যক্ষভাৱে বিক্রেতাৰ সৈতে মত বিনিময়ৰ সুযোগ দি বজাৰ সৃষ্টিৰো পথ দেখুৱাইছে৷ লক্ষণীয় যে মীনপালনৰ ক্ষেত্রখনলৈ আগবঢ়োৱা অৱদানৰ বাবে মীন বিভাগৰ ব্রেণ্ড এম্বেছাডৰ হিচাপে দায়িত্ব লাভ কৰাৰ লগতে ভিয়েটনাম আৰু জার্মানীত বিশেষ কার্যসূচীত অংশগ্রহণৰ সুবিধা লাভ কৰিছে কলং–কপিলীৰ সঞ্চালক জ্যোতিষ তালুকদাৰে৷ ইফালে, মীনপালনেৰে ৰাজ্যত আন এক বিপ্লৱৰ সূচনা কৰিছে নলবাৰীৰ নানকাৰ ভয়ৰাৰ দেৱজিৎ বর্মন৷ এক বিঘা জলকালিৰে মীনপালন আৰম্ভ কৰা এইগৰাকী বিশিষ্ট মীনপালকে সম্প্রতি ইয়াৰ পৰিসৰ ৩০০ বিঘা জলকালিলৈ সম্প্রসাৰণ কৰিবলৈ সক্ষম হৈছে৷ মীনপালনৰ লগতে গাহৰি পালনেৰেও উপার্জন বৃদ্ধিৰ পথ উলিয়াইছে বর্মনে৷ বর্মনে ‘নিয়মীয়া বার্তা’ৰ আগত প্রকাশ কৰা অনুসৰি তেওঁৰ জলকালি ৩০০ বিঘা হ’লেও সম্পূর্ণ প্রকল্পটো ৪০০ বিঘা ভূমিত স্থাপন কৰা হৈছে৷ জয়ন্তী ৰৌ, উন্নতজাতৰ ভকুৱা, হাংগেৰিয়ান আমুৰ কমনকার্প, মিৰিকা, গ্রাছকার্প, ৰূপচন্দা, শিঙি, পাভ আদি মাছ তেওঁ পালন কৰি আহিছে৷ তেওঁৰ এই প্রকল্পটোত মীনপালনৰ লগতে পোনা উৎপাদনৰো কাম আৰম্ভ কৰিছে৷ সম্প্রতি ৩০ বিঘা ভূমিত নার্ছাৰী, ৬০ বিঘা ভূমিত প্রতিপালন আৰু বাকী পুখুৰীত মাছ বিক্রীৰ পূর্বে ৰখাৰ বাবে ব্যৱহাৰ কৰি আহিছে৷ মীনপালনৰ লগতে এই প্রকল্পটোত তেওঁ গাহৰি পালনো কৰি আহিছে৷
বর্তমান ১০ হাজাৰটা গাহৰি ৰখাৰ ক্ষমতা আছে এই প্রকল্পত৷ শেহতীয়াকৈ তেওঁ ছাগলী পালনৰ কামো আৰম্ভ কৰিছে৷ ১৫ বছৰ বয়সৰ পৰা মীনপালনৰ সৈতে জড়িত বর্মনে এই ব্যৱসায়ৰ পৰা সম্প্রতি বছৰি ৮–১০ কোটি টকা উপার্জন কৰিবলৈ সক্ষম হৈছে৷ কিদৰে মৎস্যপালনৰ প্রতি তেওঁ আগ্রহী হ’ল বুলি তেওঁক সোধা প্রশ্ণৰ উত্তৰত তেওঁ কয় যে পিতৃ স্নাতক হোৱা সত্ত্বেও কৃষিকর্মৰ সৈতে জড়িত আছিল৷ পিতৃৰ আদর্শ অনুকৰণ কৰিয়েই তেওঁ কৃষিকর্মৰ প্রতি আগ্রহী হৈ পৰিছিল আৰু ৰঙিয়াত প্রথম প্রশিক্ষণ গ্রহণ কৰে৷ ইয়াৰ পিছতে ১৯৯০ চনৰ পৰা মীনপালনত এককভাৱে কাম কৰি আহিছে৷ তেওঁৰ পুখুৰীসমূহত উৎপাদন হোৱা মাছ গুৱাহাটীৰ লগতে ভূটানলৈও যায় বুলি জানিব পৰা গৈছে৷ চৰকাৰৰ পৰা নগণ্য সাহায্য লাভ কৰা এইগৰাকী ব্যক্তিয়ে নিজৰ লগতে তেওঁৰ এই প্রকল্পত ৩৫জন ব্যক্তিক প্রত্যক্ষভাৱে কর্মসংস্থাপন দিবলৈ সক্ষম হৈছে৷ তদুপৰি বিভিন্ন সময়ত অতিৰিক্তভাৱে ২০–২৫জন অস্থায়ী কর্মী তেওঁ নিয়োগ কৰে৷ উল্লেখ্য যে মীনপালনৰে দেখুওৱা আদর্শৰ বাবে বিভিন্ন বঁটা আৰু সন্মানেৰে তেওঁ সন্মানিত হৈছে৷ ২০১৩ চনত ৰাজ্য চৰকাৰে শ্রেষ্ঠ মীনপালকৰ বঁটা তেওঁ লাভ কৰিছে৷ তদুপৰি ২০১৫ বর্ষতো তেওঁ কলকাতাত আন এটা বঁটা লাভ কৰিছিল৷ তদুপৰি কলকাতা, লক্ষ্ণৌ, অন্ধ্রপ্রদেশ, তেলেংগানা, আগৰতলা, মেঘালয় আদিত বিভিন্ন আলোচনা–চক্র আৰু কর্মশালাত অংশগ্রহণ কৰিছে৷ ইতিমধ্যে মীনপালনৰ ক্ষেত্রখনত অভূতপূর্ব সফলতা লাভ কৰা এইগৰাকী মৎস্যপালকে নিজৰ প্রকল্পটোক লৈ ভৱিষ্যতে কেইবাটাও পৰিকল্পনা মনত পুহি ৰাখিছে৷ সেই অনুসৰি তেওঁৰ এই প্রকল্পস্থলীক ‘একুৱা ট্যুৰিজিম’ স্থানলৈ পৰিণত কৰাৰ বাবে প্রচেষ্টা গ্রহণ কৰিছে৷ ভৱিষ্যতে এই প্রকল্পত বিবাহ ভৱন, ৰেষ্টুৰেণ্ট, ক’টেজ আদি স্থাপন কৰাৰ বাবে পৰিকল্পনা গ্রহণ কৰিছে বর্মনে৷