নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শীঘ্রে বিজেপিলৈ যাব কংগ্রেছৰ পাঁচ বিধায়ক; বিজেপিৰ শীর্ষ নেতৃত্বৰ সেউজ সংকেতলৈ অপেক্ষা

নিয়মীয়া বাৰ্তা, ১৪ নবেম্বৰঃ  বহু গুৰুত্বপূর্ণ সিদ্ধান্তৰ ক্ষেত্রত আনকি বিৰোধী দলপতিৰ দৰে শীর্ষ আসনত থকা নেতাকো একাষৰীয়া কৰি প্রদেশ কংগ্রেছৰ সভাপতিজনে দলৰ একাংশ কনিষ্ঠ নেতাৰ পৰামর্শকহে গুৰুত্ব দি অহা কার্যত অসন্তুষ্ট হৈ পৰিছিল বহু জ্যেষ্ঠ নেতা৷ এনে প্রেক্ষাপটতে প্রদেশ কংগ্রেছৰ ভিতৰচ’ৰাত আৰম্ভ হৈছিল লবীকেন্দ্রিক ৰাজনীতি৷ আনহাতে, দলটোৱে এ আই ইউ ডি এফৰে মহাজোঁট গঠনৰ সিদ্ধান্ত চূড়ান্ত কৰাৰ পাছত এতিয়া দলৰ উজনিৰ জ্যেষ্ঠ নেতাসকল শ’লঠেকত পৰাটো নিশ্চিত হৈ পৰিছে৷ আনকি এতিয়া বিধায়ক হৈ থকা নেতাসকলেও এই মিত্রতাক লৈ সমষ্টিবাসীৰ সন্মুখত জবাবদিহি হ’বলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ ফলস্বৰূপে উজনি অসমৰ দুগৰাকী জ্যেষ্ঠ বিধায়ককে ধৰি একাংশ চাহ জনগোষ্ঠীক প্রতিনিধিত্ব কৰা কংগ্রেছ নেতাই বিজেপিত যোগদান কৰাটো প্রায় নিশ্চিত বুলি প্রদেশ কংগ্রেছৰ সূত্রটোৱে প্রকাশ কৰে৷ এইক্ষেত্রত তৰুণ গগৈ মন্ত্রীসভাৰ প্রাক্তন মন্ত্রী অজন্তা নেওগ আৰু বিধায়িকা ৰ’জলীনা তির্কীৰ নাম চর্চালৈ আহিছে৷ প্রদেশ কংগ্রেছৰ পর্যবেক্ষক জিতেন্দ্র সিঙৰ উজনি অসম ভ্রমণৰ সময়ত গোলাঘাটৰ বিধায়িকা অজন্তা নেওগে কোনোধৰণে সহযোগ নকৰাটো অতিকৈ তাৎপর্যপূর্ণ বুলি বিবেচিত হৈছে৷

আনহাতে, বিজেপিত যোগদান কৰিবলগীয়া বিধায়কৰ তালিকাত কংগ্রেছৰ শীর্ষ পদবীত থকা আহোম জনগোষ্ঠীৰ এগৰাকী নেতাৰ নামো চর্চালৈ আহিছে৷ ৰ’জলীনা তির্কীৰ উপৰি চাহ জনগোষ্ঠীৰ আন দুজন বিধায়কেও শাসকীয় দলটোত যোগদান কৰাৰ সম্ভাৱনা প্রবল৷ ইফালে বৰাকৰ বিধায়ক ৰাজদীপ গোৱালাই বিজেপিত যোগদান কৰিব বুলি ইতিমধ্যেই প্রকাশ পাইছে৷ এইকেইগৰাকী বিধায়কে কংগ্রেছ ত্যাগ কৰিলে বিৰোধী দলটোৰ উজনি অসমৰ লগতে আহোম জনগোষ্ঠী আৰু চাহ জনগোষ্ঠীৰ ভোটবেংকত মোক্ষম আঘাত পৰাটো নিশ্চিত হৈ পৰিছে৷ একেদৰে বৰাক উপত্যকাৰ চাহ জনগোষ্ঠীৰ ক্ষেত্রতো ৰাজদীপ গোৱালাৰ দলত্যাগে বিশেষ প্রভাৱ পেলাব বুলি অনুমান কৰা হৈছে৷

জানিব পৰা মতে, কংগ্রেছৰ এইসকল বিধায়কে বিজেপিৰ এজন জ্যেষ্ঠ মন্ত্রীৰ জৰিয়তে দলীয় প্রার্থিত্বকে ধৰি আন কেতবোৰ চর্তক লৈ আলোচনা অব্যাহত ৰাখিছে৷ ৰাজ্যিক বিজেপিৰ নেতৃত্বই এই বিধায়কসকলৰ প্রার্থিত্ব আৰু চর্তসমূহ দলৰ কেন্দ্রীয় নেতৃত্বলৈ প্রেৰণ কৰাৰ পাছত কেন্দ্রীয় নেতৃত্বৰ সেউজ সংকেত অনুসৰি আৰম্ভ হ’ব দলত যোগদানৰ প্রক্রিয়া৷ প্রয়োজন সাপেক্ষে এই বিধায়কসকলে বিজেপিত যোগদানৰ পূর্বে বিধায়ক পদৰ পৰাও পদত্যাগ কৰিবলৈ প্রস্তুত হৈ থকা বুলি জানিব পৰা গৈছে৷ বিজেপিৰ শীর্ষ নেতৃত্বই তেওঁলোকৰ চর্তসমূহ আৰু প্রার্থিত্বৰ ক্ষেত্রত কি সিদ্ধান্ত গ্রহণ কৰে, তাৰ ওপৰতে এতিয়া নির্ভৰ কৰিছে কংগ্রেছ বিধায়কসকলৰ বিজেপিত যোগদানৰ সমগ্র প্রক্রিয়াটো৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাৰ একনায়কত্ববাদী কাম–কাজ তথা সিদ্ধান্তৰ বাবে বিধানসভা নির্বাচনৰ পূর্বে দলত যে এক উলম্ব বিভাজন ঘটিব, সেয়া প্রায় নিশ্চিত হৈ পৰিছে৷

You might also like