নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰ : আজি শিক্ষক দিৱসৰ দিনটোত দৰঙৰ নামখলা অঞ্চলৰ পাঁচগৰাকী অৱসৰী কৃতী শিক্ষকক সম্বৰ্ধনা জ্ঞাপন কৰে নামখলা আছুই। সদৌ অসম ছাত্ৰ সন্থাৰ অন্যতম সক্ৰিয় গোট নামখলা আঞ্চলিক আছুৰ এটা প্ৰতিনিধি দলে অঞ্চলটোৰ অৱসৰী কৃতী শিক্ষক তথা বিশিষ্ট সাহিত্যিক পুনুৰাম কলিতা (কালজুৰি), লংকেশ্বৰ হাজৰিকা (পূৱ আঠীয়াবাৰী), শৰৎ চন্দ্ৰ হাজৰিকা (আঠীয়াবাৰী), কুলেন্দ্ৰ চন্দ্ৰ কলিতা (বৰংগাবাৰী) আৰু ৰফিকুল হকক ঘৰে ঘৰে গৈ সম্বৰ্ধনা জনায়। নামখলা আছুৰ সাধাৰণ সম্পাদক বিনোদ ভাগৱতী, উপসভাপতি ধ্ৰুৱজ্যোতি দাস, সাহিত্য সম্পাদক হিৰকজ্যোতি কলিতাসহ নামখলা আছুৰ সভাপতি প্ৰাঞ্জল কলিতাৰ নেতৃত্বতত যোৱা প্ৰতিনিধি দলটোৱে একোখনকৈ সম্বৰ্ধনা পত্ৰ, ফুলাম গামোচা আৰু একোডালকৈ মূল্যৱান গছপুলিৰে সন্মানিত কৰে অৱসৰী কৃতী শিক্ষক কেইগৰাকীক।
প্ৰেৰক ধীৰেন মহলীয়া