নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাঙৰ নেপালপাৰত বন্যাৰ্তৰ স্বাস্থ্য সেৱাত ব্ৰতী একাংশ চিকিৎসক-স্বাস্থ্যকৰ্মী

নিয়মীয়া বাৰ্তা, ২১ জুন: চিৰাঙৰ বান ক্ষতিগ্ৰস্ত তথা বাৰিষা অতিকৈ দুৰ্গম অঞ্চল হিচাপে পৰিচিত নেপালপাৰা আদি কৰি জিলাৰ অন্যান্য অঞ্চলত জিলা স্বাস্থ্য বিভাগৰ একাংশ চিকিৎসক আৰু স্বাস্থ্যকৰ্মীয়ে প্ৰতিকূল পৰিৱেশতো কৰ্তব্য অব্যাহত ৰাখিছে। তেওঁলোকে নিজৰ দায়িত্ব আৰু কৰ্তব্য পালনত কোনো ত্ৰুটি কৰা নাই। প্ৰতি বছৰে ভৰ বাৰিষা ভূটানৰ পৰা নমা পানীৰ কোবাল সোঁতকো ভ্ৰূক্ষেপ নকৰি জিলা খনৰ নেপালপাৰাকে ধৰি অন্যান্য বান ক্ষতিগ্ৰস্ত অঞ্চলৰ ৰাইজক গাঁৱে গাঁৱে গৈ মহামাৰী ক’ৰোনাৰ প্ৰতিষেধক,প্ৰসূতি মাতৃ আৰু শিশুৰ বিভিন্ন প্ৰতিষেধক নাওঁত ভ্ৰমণ কৰি প্ৰদান কৰাৰ উপৰিও অন্যান্য ৰোগী,বয়োজ্যেষ্ঠ নাগৰিক তথা সৰ্বসাধাৰণ ৰাইজৰ স্বাস্থ্য পৰীক্ষা আৰু ঔষধ প্ৰদানৰ জৰিয়তে স্বাস্থ্য সেৱা আগবঢ়াই আহিছে। এইবেলিও তাৰ ব্যতিক্ৰম হোৱা নাই। কালিৰে পৰা ডাক্তৰ ৰাজু কুমাৰ দাস, ডাক্তৰ ৰাজেশ পাণ্ডে,ডাক্তৰ শান্তনু নাথৰ লগতে ধৰ্মেশ্বৰ ব্ৰহ্ম(এছ ডব্লিউ, চি এইচ অ’,নেপালপাৰা আৰু তৃষ্ণা মদকে নেপালপাৰাৰ ৰাইজক স্বাস্থ্য সেৱা আগবঢ়ায়। চিকিৎসক আৰু স্বাস্থ্যকৰ্মী সকলে বানাক্ৰান্ত ৰাইজৰলৈ সেৱা আগবঢ়োৱা কাৰ্যক অঞ্চলটোৰ সৰ্বসাধাৰণ ৰাইজে ভূয়সী প্ৰশংসা কৰে।।
প্ৰেৰক বিপুল কুমাৰ দাস

You might also like