2. 18. 21.
নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধলপুৰত বান : চেঁচা নৈৰ বানত বিচ্ছিন্ন হাৱাজান-শিমলুগুৰি পথ

নিকতৱৰ্তী অৰুণাচল প্ৰদেশত হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলত পাহাৰীয়া খৰস্ৰোতা চেঁচা নদীৰ জলপৃষ্ঠ ফেনেফুটুকাৰে ওফন্দি উঠি লখিমপুৰ জিলাৰ ধলপুৰ মৌজাৰ বহুকেইখন গাওঁ আজি পুৱতিনিশা জলমগ্ন কৰি তোলে৷

অসম মালা আঁচনিৰ অধিনত নিৰ্মীয়মাণ অৱস্থাত থকা লখিমপুৰ জিলাৰ হাৱাজানৰ পৰা শিমলুগুৰি সংযোগী পথটো চেঁচাৰ নদীৰ প্ৰৱল সোতে দুই স্থানত বিচিন্ন কৰি তোলে ৷ হাৱাজান-শিমলুগুৰি  সংযোগী পথৰ ফুটাভোগ তিনিআলিৰ সমিপত প্ৰায় ২০০ ফুট দৈৰ্ঘ আৰু চেঁচা মিচিং গাৱঁৰ অৱসৰপ্ৰাপ্ত কৰ অধীক্ষ্যক  তুলেশ্বৰ পেগু ঘৰৰ সন্মুখত প্ৰায় ৩০০ ফুট দৈৰ্ঘৰ পথ বিচিন্ন কৰি দিয়াত ইতিমধ্য যাতায়ত স্থবিৰ হৈ পৰিছে।

বিশেষকৈ বিগত দুবছৰ ধৰি চেঁচা নদীৰ উন্মুক্ত হৈ থকা মথাউৰিটো মেৰামতি নকৰাৰ ফলত  নদী খনৰ বলীয়া বানে ৰঙাজান,ফুটাভোগ,চেঁচা ডফলা গাওঁ,চেঁচা মিচিং গাওঁ,ৰজাবাৰী,পানীগাওঁ আদি গাওঁ জলমগ্ন কৰি তোলে৷ হাৱাজান-শিমলুগুৰি সংযোগী পথটো বিচিন্ন হৈ পৰাত যাতায়তৰ ক্ষেত্ৰত সমস্যা সৃষ্টি হৈছে৷

ঘৰ-দুৱাৰ, শাকপাচলি খেতি,মিনপালনৰ ক্ষেত্ৰ আদি প্লাৱিত কৰি তোলাত ৰাইজৰ ব্যাপক ক্ষতিসাধন হৈছে। চেঁচা নৈৰ মথাউৰি নিৰ্মাণ নকৰালৈকে বৰষুণ দিলেই উল্লিখিত গাওঁ সমূহত বানৰ তাণ্ডৱ অব্যাহত থকাটো নিশ্চিত হৈ পৰিছে ৷

নিয়মীয়া বাৰ্তা, ধলপুৰ : Date of published : 1 July, 2025

You might also like