নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বানত ছিগিল চিচাৰ জানৰ মথাউৰি: হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমি জলমগ্ন

নিয়মীয়া বার্তা, ৩১ মে’:  ৰাজ্যত অব্যাহত আছে বছৰত প্রথমটো বানৰ বিভীষিকা৷ বাঢ়নী পানীৰ কোবাল সোঁতত ন ন অঞ্চল জলমগ্ন হৈছে৷ ঘৰ–দুৱাৰ বানত ডুব যোৱাত বন্যার্তৰ অৱস্থা অতি শোচনীয় হৈ পৰিছে৷ ঠায়ে ঠায়ে পানী কিছু কমিছে যদিও বহুতে নিজৰ ঘৰখনলৈ উভতি যাব পৰা নাই৷ যাৰ বাবে তেওঁলোকে শিবিৰ, মথাউৰি বা আশ্রয় লোৱা স্থানতে এতিয়াও কটাবলগীয়া হৈছে৷

বানে চৰম দুর্যোগ নমাই আনিছে ৰাজ্যৰ কৃষিজীৱী জনতালৈ৷ মাৰাত্মক ন’ভেল ক’ৰোনা ভাইৰাছ সংক্রমণ প্রতিৰোধকল্পে দেশত বলৱৎ হৈ থকা লকডাউনৰ পৰিপ্রেক্ষিতত উৎপাদিত ফচলৰ উপযুক্ত মূল্য লাভৰ পৰা বঞ্চিত কৃষকৰ কৃষিভূমি বানে প্লাৱিত কৰাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ বানত বুৰ গৈছে হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমি৷ অসম ৰাজ্যিক দুর্যোগ প্রশমন কর্তৃপক্ষৰ তথ্য অনুসৰি সম্প্রতি ২৬,৯৭৭ হেক্টৰ খেতিপথাৰ পানীৰ তলত৷ বানত ক্ষতিগ্রস্ত হৈছে নলবাৰী, গোৱালপাৰা, নগাঁও, হোজাই, পশ্চিম কার্বি আংলং আৰু তিনিচুকীয়া জিলাৰ ৩,৭২,৪৭১জন লোক৷ ইয়াৰে গোৱালপাৰা, তিনিচুকীয়া, পশ্চিম কার্বি আংলং আৰু হোজাই জিলাত চৰকাৰীভাৱে স্থাপন কৰা ১৯৫টা শিবিৰত ১৭,৭৭০জন বন্যার্তই আশ্রয় লৈ আছে৷

চৰকাৰ–প্রশাসনে বানপীড়িতৰ মাজত খাদ্য–সামগ্রী আদি বিতৰণ কৰা বুলি তথ্যত উল্লেখ কৰিছে যদিও সেয়া পর্যাপ্ত নহয় বুলি অভিযোগ উঠিছে৷ আজিৰ দিনটোত কপিলী নৈৰ জলপৃষ্ঠ কামপুৰ আৰু ধৰমতুলত বিপদসীমাৰ ওপৰেৰে বৈ আছে৷ শুকুৰবাৰে নিশা প্রায় ১ বজাত পানীৰ কোবাল সোঁতে চিচাৰ জানৰ মথাউৰি ছিগি নিয়াৰ ফলত সর্থেবাৰীৰ নলীৰ পথাৰ অঞ্চলৰ বিস্তীর্ণ অঞ্চল প্লাবিত হৈছে৷ ইফালে বানৰ সমান্তৰালভাৱে ৰাজ্যৰ বিভিন্ন স্থানত অব্যাহত আছে গৰাখহনীয়া৷ শনিবাৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে নলবাৰী জিলাৰ বৰক্ষেত্রী সমষ্টিৰ অন্তর্গত দৌলাশাল–লাৰকুছিত ব্রহ্মপুত্রৰ মথাউৰিৰ সমীপৰ গৰাখহনীয়া পৰিদর্শন কৰে৷

You might also like