নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিপাঝাৰত বানে ছিগিলে নাওপোটা-দূৰ্দূৰীয়া সংযোগী পথ

নিয়মীয়া বাৰ্তা, ১ জুলাই : বাঢ়নী পানীয়ে ছিগি নিয়া এটা পথে এতিয়া যাতায়াতৰ ক্ষেত্ৰত দূৰ্ভোগ ভোগাইছে ৰাইজক। মূল পথেৰেই এটা অংশ বিগত প্ৰায় পোন্ধৰ দিন ধৰি  মেৰামতি নোহোৱাত কেইবাখনো গাঁৱৰ ৰাইজে অথন্তৰৰ মাজেদি যাতায়ত ব্যৱস্থা অব্যাহত ৰাখিবলগীয়া হৈছে। উল্লেখযোগ্য যে ছিপাঝাৰৰ পশ্চিম প্ৰান্তত দিমীলা নৈৰ বাঢ়নী পানীয়ে সৃষ্টি কৰা  জলপ্ৰলয় এতিয়া ভালেখিনি শাম কাটিছে যদিও বানে সৃষ্টি কৰি থৈ যোৱা ভয়াবহতাৰ এতিয়াও ওৰ পৰা নাই। বানৰ ফলত  হাজাৰ হাজাৰ  কৃষক পৰিয়ালৰ শালিধানৰ কঠিয়া বিনষ্ট হোৱাৰ লগতে বানপিড়ীত ঠাইৰ পথ-উপপথ সমূহ বিধস্ত হৈ পৰে। লক্ষণীয় যে  দিমীলাৰ বানে  নাওপোটাৰ পৰা-দূৰ্দূৰীয়া সংযোগী গুৰুত্বপূৰ্ণ পথটোৰ প্ৰায় বিশ মিটাৰ অংশ ছিগি লৈ যায়। গাঁওখনলৈ প্ৰবেশ কৰা মূল পথটিয়েই ওচৰৰ আন কেইবাখনো গাঁওৰো যাতায়তৰ নিৰ্ভৰযোগ্য পথ।যাৰ বাবে ৰাইজৰ মাজত একপ্ৰকাৰৰ হাহাকাৰ সদৃশ পৰিবেশৰ সৃষ্টি হয়। ইফালে উপায়হীন ৰাইজে পথটোৰ ভগ্ন অংশত এটা বিদ্যুতৰ খুটা দি কিবাকৈ অহা যোৱা কৰিছে যদিও সেয়া একেবাৰে বিপদসংকূল। পাৰি থোৱা এটা বিদ্যূতৰ খুঁটাক আলম হিচাপে লৈয়েই  এবুকু শংকা লৈ সংশ্লিষ্ট অঞ্চলসমূহৰ বিদ্যৰ্থীসকলেও সেই বিদ্যুতৰ খুটাৰেই যাতায়ত অব্যাহত ৰাখিছে। চাইকেল সহ পাৰ হওতে ইতিমধ্যে কেইবাগৰাকীও লোক পৰি আঘাতপ্ৰাপ্ত হৈছে। ৰাইজে তৎকালীনভাৱে ভগা অংশ মেৰামতি কৰি পথটো সুগম কৰি তুলিবলৈ বিভাগৰ লগতে স্থানীয় বিধায়কৰ লগত উদ্ধতম কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে।
প্ৰেৰক ৰণজিত নাথ
You might also like