নিয়মীয়া বাৰ্তা ২৩ ছেপ্টেম্বৰঃ মঙলবাৰে আলগাপুৰ থানাৰ পৰা বীৰদর্পে দুই মাটিৰ দালালক উলিয়াই আনি বিজয় সমদল কৰা এ আই ইউ ডি এফৰ বিধায়ক নিজামুদ্দিন খানে মুখ্যমন্ত্রীৰ ধমক খাই দালাল দুজনক পুনৰ থানালৈ পঠিয়াই দিয়ে৷ উল্লেখ্য যে হাইলাকান্দি জিলাৰ আলগাপুৰ আৰক্ষীয়ে কালি আনোৱাৰউদ্দিন লস্কৰ আৰু চৰফউদ্দিন বৰভূঞা নামৰ দুজন মাটিৰ দালালক আটক কৰি আনে৷ দালাল দুজনক আটকৰ পাছতেই আলগাপুৰৰ বিধায়ক নিজামুদ্দিন খান আৰক্ষী থানাত উপস্থিত হৈ দালাল দুজনক উলিয়াই আনে৷ থানাৰ পৰা মোকলাই অনাৰ পাছতেই বিধায়ক খানে দুয়োজন দালালক ফুলৰ মালা পিন্ধাই আলগাপুৰ চহৰেৰে সমদল কৰি অনাৰ লগতে ফটকা ফুটাই বিজয় উল্লাসো পালন কৰে৷ সেই ঘটনাৰ পাছতেই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বিধায়ক খানক গ্রেপ্তাৰ কৰাৰ আগতে দালাল দুজনক থানাত পঠিয়াই দিবলৈ নির্দেশ দিয়ে৷ অন্যথা খানকেই গ্রেপ্তাৰ কৰা হ’ব বুলি কয়৷ মুখ্যমন্ত্রীৰ ধমক খাই পিছমুহূর্ততে বিধায়ক খানে দালাল দুজনক থানালৈ পঠিয়াই দিয়ে আৰু আৰক্ষীয়ে দুয়োজনকে গ্রেপ্তাৰ কৰে৷
ইপিনে বিৰোধী দলপতি দেৱব্রত শইকীয়াই এক বিবৃতিত ফণী তালুকদাৰ মাটিৰ উকীল নে মাটিৰ দালাল বুলি প্রশ্ণ কৰি কয় যে মাটিৰ দালালক ধৰাত তেওঁলোকে ভাল পাইছে৷ কিন্তু বহু মাটিৰ দালালে শাসকীয় পক্ষৰ লগত হলি–গলি কৰি আছে৷ সেইসকলকো ধৰিব লাগে৷ মাটিৰ দালাল ধৰাৰ নামত বহু তৰণীক ধৰিছে৷ তৰণীসকলে যিটো লিখিব লাগে, সেইখিনি লিখি মানুহক সহায় কৰে৷ বিবৃতিটোত তেওঁ আৰু কয় যে বিধানসভাত বহুবাৰ উত্থাপন হৈছে যি মূল্যৰ দলিল বিচাৰিলেই পোৱা নাযায়৷ দলিলক লৈ ব্লেক মার্কেটিং চলি আছে৷ চৰকাৰে কেতবোৰ লোকক দলিল অধিক মূল্যত বিক্রী কৰাৰ বাবে ধৰিছে৷ কিন্তু চৰকাৰে দলিলবিলাক ৰাজ্যত উপলব্ধ কৰি দিয়া হ’লে কোনেও বেছি মূল্যত দলিল ক্রয় কৰিব লগা নহ’লহেঁতেন আৰু এই দালালৰো সৃষ্টি নহয়৷ আচলতে চৰকাৰে মাটিৰ দালাল অলপ ধৰিছে, সংখ্যা বঢ়াবলৈ বেছি কৰি দিছে৷ এতিয়াও আচল দালাল বহু আছে৷ বিধানসভাতেই অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে তদানীন্তন এ আই ইউ ডি এফৰ বিধায়ক ফণী তালুকদাৰক ‘আপুনিতো মাটিৰ কাম ভালদৰে জানে’ বুলি কোৱাৰ কথা উল্লেখ কৰি কয় যে তাৰ মানে তেওঁ মাটিৰ উকীল নে মাটিৰ দালাল বুলি প্রশ্ণ কৰে৷
আনহাতে, ছাত্র মুক্তি সংগ্রাম সমিতিয়ে বিয়াগোম ভূ–মাফিয়াসকলক গ্রেপ্তাৰৰ দাবী জনাই এক বিবৃতিত সংগঠনটোৰ সভাপতি ৰাজু বৰুৱা, কার্যকৰী সভাপতি মুকুট ডেকা আৰু সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই কয় যে মাটিৰ দালালসকলক গ্রেপ্তাৰ কৰাটো আদৰণীয় পদক্ষেপ যদিও একে সময়তে বিয়াগোম ভূ–মাফিয়াসকলক গ্রেপ্তাৰ কৰা নাই৷ আসন্ন উপ–নির্বাচনৰ আগে আগে এয়া চৰকাৰৰ সস্তীয়া ৰাজনৈতিক ষ্টান৷ সাধাৰণ ৰাইজক আভুৱা–ভাঁৰি পতিয়ন নিয়াৰ এক কূটকৌশল মাথোঁ৷ মাটিৰ দালাল বুলি ক’লেই সকলোৰে মুখলৈ অহা ভূ–মাফিয়া পংকজ জৈন ওৰফে পুতু ইমান সময়ে ৰঙাঘৰৰ আলহী হ’লহেঁতেন৷ সেইদৰে সকলোৰে জনাজাত ভূ–মাফিয়া, পাঞ্জাব নেচনেল বেংকৰ জালিয়াতিৰে ৰঙাঘৰৰ আলহী হোৱা ভৱানীপুৰ সমষ্টিৰ সদ্যপ্রাক্তন বিধায়ক ফণী তালুকদাৰক বিজেপিলৈ ৰঙা দলিচা পাৰি আনিছে৷ একেদৰে মুখ্যমন্ত্রীৰ নিজ সমষ্টি জালুকবাৰীতেই প্রণৱ ডেকা আৰু তেজপুৰৰ বিজেপি নেতা জিতেন্দ্র আগৰৱালা ওৰফে জিতুৰ ক্ষেত্রতো চৰকাৰ নিমাত৷ এয়াই প্রমাণ কৰে আচলতে মাটিৰ দালালক গ্রেপ্তাৰ এক সস্তীয়া জনপ্রিয়তা অর্জাৰ কৌশল৷ বিবৃতিটোত চৰকাৰ যদি প্রকৃততে সাধাৰণ জনতাৰ পক্ষত, তেতিয়াহ’লে ফণী তালুকদাৰ, পংকজ জৈন, প্রণৱ ডেকা, জিতেন্দ্র আগৰৱালাৰ দৰে সর্বসাধাৰণ ৰাইজক শোষণ, লুণ্ঠন কৰা ভূ–মাফিয়াবোৰক গ্রেপ্তাৰ কৰি নিদর্শন দাঙি ধৰিবলৈ আহ্বান জনায়৷