নিয়মীয়া বাৰ্তা ৩১ মেঃ ৰাজ্যৰ বজাৰত প্রতিদিনে হৈ থকা নিত্য ব্যৱহার্য সামগ্রীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে অসম জাতীয় পৰিষদ৷ দেওবাৰে আঞ্চলিক দলটোৰ আমবাৰীস্থিত কার্যালয়ত আহ্বান কৰা এখন সংবাদ মেলত দলটোৰ উপ–সভাপতি দুলু আহমেদে কয় যে নিত্য ব্যৱহার্য সামগ্রীৰ অনিয়ন্ত্রিত হাৰত মূল্যবৃদ্ধি হোৱাত জনসাধাৰণৰ জীৱন দুর্বিষহ হৈ পৰিছে৷ বর্তমানৰ জটিল পৰিস্থিতিৰ সুযোগ গ্রহণ কৰি এইদৰে মূল্যবৃদ্ধি ঘটোৱা হৈছে৷ এই সংকটময় সময়ত চৰকাৰৰ দায়িত্ব আছিল ৰাইজক সকাহ দিয়া৷ কিন্তু এফালে ক’ভিড নিয়ন্ত্রণ কৰিব নোৱাৰি চৰকাৰে জনসাধাৰণক সংকটৰ মুখলৈ ঠেলি দিছে, আনহাতে দ্রব্য মূল্য বৃদ্ধিৰ ক্ষেত্রত ৰহস্যজনকভাৱে মৌন সমর্থন আগবঢ়াইছে৷
২০১৬ চনত বিজেপি যেতিয়া ক্ষমতালৈ আহিছিল, তেতিয়া দ্রব্য মূল্য নিয়ন্ত্রণ তেওঁলোকৰ অন্যতম প্রধান প্রতিশ্রুতি আছিল৷ পূর্বৰ চৰকাৰে দ্রব্য মূল্য নিয়ন্ত্রণ কৰিব নোৱাৰাৰ বিৰুদ্ধে বিজেপিৰ নেতা–কর্মীসকলে অভিনৱ প্রতিবাদ সাব্যস্ত কৰিছিল৷ কিন্তু ২০১৬ চনৰ নির্বাচনত বিজেপি চৰকাৰ গঠন হোৱাৰ পাছৰে পৰা দ্রব্য মূল্য ক্রমশঃ বাঢ়িয়েই আছে৷ ২০১৬ৰ মে’ মাহৰ তুলনাত চলিত মাহটোলৈ নিত্য ব্যৱহার্য খাদ্য–সামগ্রীৰ এশ শতাংশ মূল্যবৃদ্ধি হৈছে৷
উদাহৰণস্বৰূপে ২০১৬ চনৰ মে’ মাহৰ পৰা বর্তমানলৈ মগু দাইলৰ মূল্য পাইকাৰী বজাৰত ৫০ টকাৰ পৰা ৯২ টকালৈ বৃদ্ধি পাইছে৷ একেদৰে পাইকাৰী বজাৰত প্রতি কেজি ৪৭ টকা মূল্যৰ মাটি দাইল বর্তমান ৯৩–৯৫ টকাত, ৪৪–৪৮ টকা মূল্যৰ মচুৰ দাইল বর্তমান ৭৯–১০০ টকাত, ৩৩ টকা মূল্যৰ বুটৰ দাইল ৬৫ টকাত, ৪০ টকা মূল্যৰ কাবুলী বুট ৮৩ টকাত, ১৬–২১ টকা মূল্যৰ আইজং চাউল ২৭–৩২ টকা, ৮৫–১০০ টকা মূল্যৰ মিঠাতেল বর্তমান ১৫৩–১৬৩ টকা মূল্যত বিক্রী হৈ আছে৷ আলু, পিঁয়াজ, ধনিয়া, জিৰা সকলো সামগ্রীৰ একেই হাৰত মূল্যবৃদ্ধি ঘটিছে৷ কেৱল সেয়াই নহয়, ক’ৰোনাকালীন সান্ধ্য আইন জাৰি কৰাৰ পাছৰে পৰা ৰাজ্যৰ বজাৰত খাদ্য–সামগ্রীৰ খুচুৰা মূল্যও প্রায় ২০ শতাংশ বৃদ্ধি পাইছে৷
এপ্রিলৰ প্রথম ভাগৰ তুলনাত মে’ৰ শেষৰ সপ্তাহলৈ হোৱা মূল্যবৃদ্ধিৰ পৰিমাণ এনেধৰণৰ– প্রতি কেজি ৯২ টকা মূল্যৰ মগু দাইলৰ দাম বর্তমান ১০০–১১০ টকা, ৬৫ টকা মূল্যৰ বুটৰ দাইলৰ দাম বর্তমান ৭২ টকা, ৭৯–১০০ টকা মূল্যৰ মচুৰ দাইলৰ দাম বর্তমান ১০০–১১০ টকা, ১৭৯ টকা মূল্যৰ ৰিফাইন তেলৰ দাম বর্তমান ১৯০ টকা, ১৫৩–১৬৩ টকা মূল্যৰ মিঠাতেলৰ দাম বর্তমান ১৯৩–২০০ টকা, ২৩ টকা মূল্যৰ সাধাৰণ চাউলৰ দাম বর্তমান ২৭–৩০ টকা৷ এই তালিকা সংবাদ মেলত দাঙি ধৰি অসম জাতীয় পৰিষদৰ নেতৃত্বই পুনৰ কয় যে আশ্চর্যজনকভাৱে ৰাজ্য চৰকাৰে পূর্বৰ পাঁচ বছৰত যেনেকৈ দ্রব্য মূল্য নিয়ন্ত্রণৰ ক্ষেত্রত বিশেষ কার্যকৰী ব্যৱস্থা গ্রহণ কৰা নাই, এইবাৰো ক’ভিডকালীন সংকটৰ সুযোগ গ্রহণ কৰি ব্যৱসায়ীসকলে মূল্যৰ অস্বাভাৱিক বৃদ্ধি কৰা বিষয়টোত চকুমুদা কুলিৰ ভাও ধৰিছে৷ চৰকাৰৰ এই ভূমিকা অতিশয় ৰহস্যজনক আৰু প্রশ্ণ উদ্রেককাৰী৷