নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কনডেনছেটৰ বাবেই বাঘজানত অগ্ণিকাণ্ড

তৰল গেছৰ উপস্থিতিক লুকুৱাই তৈলক্ষেত্রত অইলে চলোৱা খননৰ পৰিণতি

নিয়মীয়া বাৰ্তা ১৯ ডিচেম্বৰঃ বাঘজান তৈলক্ষেত্রৰ ৫ নম্বৰ খাদত সংঘটিত অগ্ণিকাণ্ড নির্বাপণ হোৱাৰ সময়তে এই তৈলক্ষেত্রক লৈ অইল ইণ্ডিয়া লিমিটেডে মিথ্যাচাৰৰ আশ্রয় লোৱা গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ বাঘজান তৈলক্ষেত্রত কনডেনচেট (তৰল গেছ)ৰ অৱস্থিতি লুকুৱাই অইল ইণ্ডিয়াই চলোৱা অবৈধ খননৰ বাবেই ভয়াৱহ অগ্ণিকাণ্ড সংঘটিত হৈছিল বুলি অভিযোগ কৰিছে স্থানীয় ব্যক্তি ক্রমে সোণেশ্বৰ নৰহ, মহম্মদ আফ্রিন ৰহমান, সমুদ্রজিৎ গোহাঁই, প্রণৱ দলে আৰু ধ্রুৱজ্যোতি সাহাই৷ আজি গুৱাহাটীৰ চন্দ্রপ্রভা শইকীয়ানী ভৱনত এখন সংবাদ মেলত স্থানীয় ব্যক্তি তথা মানৱাধিকাৰ কর্মী সোণেশ্বৰ নৰহে কয় যে বিদেশী প্রতিষ্ঠানৰ জৰিয়তে বাঘজান তৈলক্ষেত্র অধ্যয়নৰ সময়ত কনডেনচেটৰ উপস্থিতি ধৰা পৰিছিল৷ এই প্রতিষ্ঠানটোৱে নিজৰ প্রতিবেদনত এই কথা উল্লেখ কৰিছিল৷ কিন্তু পৰিৱেশ প্রভাৱ সমীক্ষা (ইআইএ)ৰ প্রতিবেদনত এই কথা উল্লেখ কৰা নাছিল অইল ইণ্ডিয়াই৷ এই সন্দর্ভত তেওঁ কয়– ‘কনডেনচেট থকাৰ কথা উল্লেখ কৰিলে বাঘজানত খননৰ বাবে অনুমতি লাভ কৰাটো অইলৰ বাবে অত্যন্ত কঠিন হ’লহেঁতেন৷ কিয়নো ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যান আৰু মতাপুং বিল এই তৈলক্ষেত্রখনৰ সমীপতে অৱস্থিত৷ সেয়েহে কনডেনচেটৰ বিষয়ে উল্লেখ নকৰিলে অইল ইণ্ডিয়াই৷ কনডেনচেটৰ উপস্থিত থকা সত্ত্বেও তৈলক্ষেত্রখনত ল’বলগীয়া প্রতিৰোধমূলক ব্যৱস্থা অইল ইণ্ডিয়াই গ্রহণ কৰা নাছিল৷ সেয়েহে আমি ক’ব বিচাৰোঁ যে বাঘজানৰ জুই আকস্মিক দুর্ঘটনা নহয়, এয়া পৰিকল্পিত ঘটনা৷ কনডেনচেটৰ তথ্য লুকুৱাই ৰখাৰ বাবেই এই ভয়াৱহ ঘটনা সংঘটিত হ’ল৷ উল্লেখ্য যে সংবাদ মেল সম্বোধন কৰা ব্যক্তিকেইগৰাকী বাঘজানৰ ঘটনা সন্দর্ভত ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণক এখন আবেদনো দাখিল কৰিছিল৷ যোৱা ২৭ জুনত তেওঁলোকে ন্যায়াধিকৰণত গোচৰ ৰুজু কৰিছিল৷ ন্যায়ালয়ৰ মজিয়াতো কনডেনচেট থকাৰ কথা পোহৰলৈ আহিছে বুলি উল্লেখ কৰি নৰহে কয়– ‘সংশ্লিষ্ট কর্তৃপক্ষ আৰু প্রদূষণ নিয়ন্ত্রণ ব’র্ডে এই তৈলক্ষেত্রখনত সাৱধানতা অৱলম্বন কৰিব লাগিছিল৷ কিন্তু বাস্তৱত এনে কৰা নহ’ল৷ ৰাজ্যিক প্রদূষণ নিয়ন্ত্রণ ব’র্ডে ব্যৱস্থাটোৰ নিৰীক্ষণ আৰু সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্রত বিফল হৈছিল৷ অইল ইণ্ডিয়াই খাদসমূহৰ পূর্বৰ বার্ষিক প্রতিবেদন দাখিল কৰা নাছিল৷ তৎসত্ত্বেও প্রদূষণ নিয়ন্ত্রণ ব’র্ডে নিজৰ দায়িত্ব পালন নকৰিলে৷’

ইফালে, ক্ষতিপূৰণ প্রদানৰ ক্ষেত্রতো অইল ইণ্ডিয়াই বৈষম্যৰ সৃষ্টি কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে পুতৌ কৰি তেওঁলোকক ভিক্ষা দিব নালাগে৷ তেওঁলোকৰ প্রাপ্যহে বিচাৰিছে৷ এইক্ষেত্রত সোণোৱাল চৰকাৰে নিমাতী কইনাৰ ভাও নধৰি উচিত পদক্ষেপ গ্রহণ কৰিব লাগে৷ বর্তমানৰ ৰাজ্য চৰকাৰখনক সমালোচনা কৰি তেওঁ কয়– ‘হোটেল লিলিত ঘোঁৰাশাল পাতি লাখ লাখ টকা চৰকাৰে খৰচ কৰিব পাৰে, কিন্তু বাঘজান কেন্দ্রৰ গৱেষণা আৰু অনুসন্ধানৰ বাবে খৰচ কৰিবলৈ ধন নাই৷ তিনিগৰাকীকৈ অইল কর্মচাৰীৰ মৃত্যু হোৱাৰ লগে লগে কেইবাজনো স্থানীয় লোকে অকালতে মৃত্যুক সাবটিবলগীয়া হৈছে৷ আনকি বহু আপুৰুগীয়া বনজ সম্পদ ধ্বংস হোৱাৰ লগতে বায়ু–পানী প্রদূষিত হৈছে৷ এই তৈলক্ষেত্রসমূহত চোৰাংকৈ কনডেনচেটৰ বেহা চলি আহিছে৷ তিনিচুকীয়া আৰক্ষীয়ে বহু হাজাৰ লিটাৰ কনডেনচেট ইতিমধ্যে জব্দও কৰিছে৷ সেয়েহে কনডেনচেটৰ চোৰাং বেহাৰ সমগ্র বিষয়টো চিবিআইৰ দ্বাৰা তদন্ত কৰা উচিত৷’ লক্ষণীয় যে ক্ষতিপূৰণৰ দাবীৰে যোৱা ১০ ডিচেম্বৰৰ পৰা বাঘজানৰ কাষৰীয়া লোকসকলে সপ্তাহজোৰা অনশন কার্যসূচী ৰূপায়ণ কৰাৰ পিছতো অইল আৰু ৰাজ্য চৰকাৰে কোনো পদক্ষেপ গ্রহণ নকৰাত তেওঁলোকে আশ্চর্য প্রকাশ কৰিছে৷ এইক্ষেত্রত অসম চৰকাৰৰ মৌনতা ৰহস্যজনক বুলিও তেওঁলোকে অভিযোগ কৰি কয় যে অইল ইণ্ডিয়াই কাজিৰঙা আৰু ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যান ধ্বংস কৰাত লিপ্ত হৈছে৷ কিয়নো তেওঁলোকৰ খননত ডিব্রু–ছৈখোৱা বাধা হিচাপে থিয় হৈছিল৷ সেয়েহে এই উদ্যানখন ধ্বংস কৰাৰ গোপন অভিসন্ধি অইলে ৰচনা কৰিলে৷

You might also like