পাইপ গেছ পাইপ পোতাৰ নামত বিধ্বস্ত পানীৰ পাইপঃ পোন্ধৰ দিন ধৰি পানী নাই মৰিয়নিৰ ৱাৰ্ডে ৱাৰ্ডে
বিশেষ বাৰ্তা, ২২ মেঃ মৰিয়নি নগৰবাসীৰ এক দীৰ্ঘদিনীয়া আশা এইবাৰ পূৰণ হোৱাৰ দিশে আগবাঢ়িছে । নগৰখনৰ বাসিন্দাসকলৰ বাবে অসম গেছ কোম্পানী লিমিটেডে ৰন্ধন গেছৰ ঘৰুৱা সংযোগৰ ব্যৱস্থা কৰিছে । কিন্তু পাইপ গেছৰ ঘৰুৱা সংযোগ দিয়াৰ নামত গেছ পাইপ লাইন স্থাপনৰ দায়িত্বত থকা ঠিকাদাৰৰ মইমতালিয়ে এতিয়া জ্বলাকলা খুৱাইছে মৰিয়নি নগৰবাসীক । মৰিয়নি নগৰৰ পূৰ্বৰ ২ নং তথা বৰ্তমানৰ ৫ আৰু ৬ নং ৱাৰ্ডত ঘৰুৱা গেছৰ পাইপ লাইন স্থাপন কৰাৰ নামত বহু স্থানত পানীৰ পাইপ ধ্বংস কৰি পেলাইছে । আৰৱান ৱাটাৰ আঁচনিৰ পানী যোগান ধৰা পাইপ সমূহ বহু স্থানত নষ্ট কৰি পেলাইছে । যাৰ ফলত পানীৰ বাবে হাহাকাৰ হৈছে দুয়োটা ৱাৰ্ডৰ হাজাৰোধিক লোকৰ । বিগত ৮ মে’ৰ পৰাই দুয়োটা ৱাৰ্ডৰ বাসিন্দাসকল এই সমস্যাৰ সন্মূখীন হৈছে যদিও গুৰুতৰ সমস্যাটো সমাধানৰ ক্ষেত্ৰত গেছৰ পাইপ লাইন স্থাপনৰ দায়িত্বত থকা ঠিকাদাৰ অথবা গেছ কোম্পানীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । মৰিয়নি পৌৰসভাই দু্য়োটা ৱাৰ্ডৰে বাসিন্দাসকলৰ বাবে পৌৰসভাৰ টেংকীৰ সহায়ত পানীৰ যোগান ধৰি আহিছে যদিও সেয়া পৰ্য্যাপ্ত নোহোৱা বুলি অঞ্চলকেইটাৰ লোকে জানিবলৈ দিছে । বিগত প্ৰায় পোন্ধৰ দিন ধৰি ৱাৰ্ডবাসী পানীৰ সমস্যাৰ সন্মুখীন হৈ অহাৰ পিছত সংশ্লিষ্ট ঠিকাদাৰে সমস্যা সমাধান কৰাৰ বিপৰীতে কাম বন্ধ কৰি সেই স্থানৰ পৰা আঁতৰত অৱস্থান লোৱা বুলিহে অভিযোগ উত্থাপন হৈছে । আনহাতে মৰিয়নি পৌৰসভায়ো সংশ্লিষ্ট ঠিকাদাৰে এই ক্ষেত্ৰত সহযোগ নকৰা বুলি জানিবলৈ দিছে । গেছৰ পাইপ লাইন স্থাপনৰ বাবে মৰিয়নি পৌৰসভাৰ পৰা যাৱতীয় অনুমতি লোৱাৰ সময়তে মৰিয়নি পৌৰসভাই কিছু নীতি নিৰ্দেশনা দিছিল যদিও সেইসমূহ ঠিকাদাৰ পক্ষই পালন নকৰিলে বুলি অভিযোগ ডাঙি ধৰিছে । আনকি গেছৰ পাইপলাইন স্থাপনৰ সময়ত পথ দাঁতি বা অন্যস্থানত ক্ষতিগ্ৰস্ত হোৱা ঠাই পুনৰ ঠিক কৰি দিয়াৰ সম্পূৰ্ণ দায়িত্ব মৌখিক ভাবে ঠিকাদাৰৰ পক্ষই দিছিল যদিও কাৰ্য্যতঃ তেনে কোনো কামেই নকৰিলে । লক্ষণীয় যে, ক্ষতিগ্ৰস্ত স্থান ঠিক কৰি দিয়াৰ কোনো লিখিত প্ৰতিশ্ৰুতি অথবা কোনো চুক্তিনামা ঠিকাদাৰী পক্ষই পৌৰসভাৰ সৈতে কৰা নাছিল । যাৰ ফলত নিজ খেয়ালখুচি মতে খান্দি গেছৰ পাইপলাইন স্থাপনৰ নামত এইদৰে বহু স্থানত পানী যোগানৰ পাইপ নষ্ট কৰিছিল । যাৰ ফল এতিয়া দুটাকৈ ৱাৰ্ডৰ বাসিন্দাসকলে ভোগ কৰিবলগীয়া হৈছে । শেহতীয়াকৈ মৰিয়নি পৌৰসভাই নিজাববীয়াকৈ ক্ষতিসাধন হোৱা পানীৰ পাইপসমূহ মেৰামতি কৰাৰ প্ৰচেষ্টা হাতত লৈছে । কিন্তু এইদৰে মেৰামতি কৰা পানীৰ পাইপসমূহ কিমান দিনলৈ সুৰক্ষিত হৈ থাকিব সেয়াও সন্দেহৰ আৱৰ্তত । ইফালে, মৰিয়নি পৌৰসভাই পাইপ গেছৰ বাবে কৰা পাইপ লাইনৰ কাম সম্প্ৰতি বন্ধ কৰাই দিয়া বুলি জানিবলৈ দিছে । স্থানীয় সচেতন ৰাইজে এই ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট সকলো পক্ষৰ প্ৰতি টানি আহ্বান জনাইছে ।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া