সংগ্রহালয় সঞ্চালকে মিঞা মিউজিয়ামৰ বাবে বিচাৰিলে ভূমি
নিয়মীয়া বাৰ্তা ৩১ ডিচেম্বৰঃ বাঘবৰ সমষ্টিৰ কংগ্রেছ বিধায়ক শ্বেৰমান আলী আহমেদে গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত মিঞা মিউজিয়াম স্থাপনৰ প্রসংগ উত্থাপনে সেই সময়ত ৰাজ্যখনত তীব্র আলোড়নৰ সৃষ্টি কৰে৷ পিছে ৰাজ্যৰ ৰাজনীতি, সমাজ জীৱনত মিঞা মিউজিয়ামৰ বিষয়টোৱে ব্যাপক চর্চা আৰু বিতর্কৰ সৃষ্টি কৰিলেও একে সময়তে চৰকাৰীভাৱেও আৰম্ভ হয় সেই মিউজিয়াম স্থাপনৰ তৎপৰতা৷ এই সম্পর্কত খোদ সংগ্রহালয় সঞ্চালকৰ তৰফৰ পৰাই সাংস্কৃতিক পৰিক্রমা বিভাগলৈ কনচেপ্ঢ পেপাৰ পঠিওৱাৰ লগতে কলাক্ষেত্রত ১০x৮০বর্গ ফুট এলেকাৰ স্থান বিচাৰি আবেদন জনায়৷ আজি বিধানসভাত উন্মোচিত হয় এই তথ্য৷ বিধায়ক শ্বেৰমান আলী আহমেদৰ এক লিখিত প্রশ্ণ (নং ৭৬)ৰ উত্তৰত সাংস্কৃতিক পৰিক্রমা বিভাগৰ মন্ত্রী নৱকুমাৰ দলেই সদনত প্রকাশ কৰা অনুসৰি যোৱা ৯ অক্টোবৰত সংগ্রহালয়সমূহৰ সঞ্চালকে সাংস্কৃতিক পৰিক্রমা বিভাগৰ আয়ুক্ত সচিবলৈ এখন পত্রযোগে (নং ডি এম এ ৬ পি/২০১৭–১৮/পার্ট–৩/০২) চৰ–চাপৰি নিউজিয়াম কনচেপ্ঢ নোট আৰু মিউজিয়াম প্লেন দাখিল কৰে৷ পত্রখনত উল্লেখ কৰা অনুসৰি যোৱা ২৪ মার্চত বিধানসভাত দাখিল কৰা শিক্ষা বিভাগৰ বিভাগীয়ভাৱে সম্পর্কিত স্থায়ী কমিটীৰ ৪৭সংখ্যক প্রতিবেদনৰ কলা আৰু সংস্কৃতিৰ ২৭ নং গ্রেণ্ট মতে চৰ–চাপৰি মিউজিয়াম স্থাপনৰ কনচেপ্ঢ পেপাৰ যুগুতোৱা হৈছে৷ উক্ত বিভাগীয়ভাৱে সম্পর্কিত স্থায়ী কমিটীৰ অনুমোদন অনুসৰি মিউজিয়ামটো শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র প্রকল্পত হোৱাৰ উল্লেখ কৰি কলাক্ষেত্রত ১০x৮০ বর্গফুটৰ স্থান/কোঠা বিচাৰি আবেদন জনায়৷ ধুবুৰীৰ জিলা সংগ্রহালয় বিষয়া মৃণ্ময় দাসে যুগুতোৱা কনচেপ্ঢ পেপাৰখনো আবেদনৰ লগত সংলগ্ণ কৰি দিয়ে৷ অৱশ্যে সেই কনচেপ্ঢ পেপাৰ বিভাগে এতিয়াও অনুমোদন জনোৱা নাই বুলি সদনত মন্ত্রী দলেই প্রকাশ কৰে৷