প্রতিবাদী কণ্ঠক জীয়াই ৰাখিবলৈ অখিলক সমর্থন কৰক
নিয়মীয়া বাৰ্তা ১৯ মাৰ্চঃ অখিল গগৈ অসমৰ নিপীডিত খিলঞ্জীয়া জনতাৰ এক শক্তিশালী প্রতিবাদী কণ্ঠ৷ ৰাষ্ট্রযন্ত্রৰ গভীৰ ষডযন্ত্রত অতি অন্যায়ভাৱে এই প্রতিবাদী শক্তিটোক কণ্ঠৰুদ্ধ কৰিবলৈ কাৰাৰুদ্ধ কৰি ৰখা হৈছে৷ অসমৰ সর্বহাৰা মানুহৰ পক্ষত সদায় থিয় দি অহা অখিল গগৈৰ দৰে এক শক্তিশালী বলিষ্ঠ প্রতিবাদী সত্তাক জীয়াই ৰাখিবৰ বাবেই শিৱসাগৰবাসী ৰাইজে অখিল গগৈক পূর্ণ সমর্থন আগবঢ়াওক৷ –এই মন্তব্য অসমৰ সত্তৰটাকৈ জাতি–জনগোষ্ঠীয় ঐক্যবদ্ধ সংগঠনৰ৷ শিৱসাগৰৰ হোটেল ব্রহ্মপুত্রত অসমৰ সত্তৰ সংগঠনৰ প্রতিনিধিবর্গক লৈ অনুষ্ঠিত কৰা এখন গুৰুত্বপূর্ণ সংবাদ মেলত ৰাইজৰ দলৰ নেতা তথা কৃষক মুক্তি সংগঠনৰ হৈ ধৈর্য কোঁৱৰে এনেদৰে কয়৷ সত্তৰ সংগঠনৰ হৈ সংগ্রামী যুৱ–ছাত্র পৰিষদৰ কেন্দ্রীয় সভাপতি দেৱজিৎ দত্তই আঁত ধৰা সংবাদ মেলখনত বীৰ লাচিত সেনাৰ কেন্দ্রীয় সাংগঠনিক সম্পাদক শৃংখল চলিহাই কয় যে এইবাৰৰ নির্বাচন জয়গুৰু শংকৰ বনাম জয় শ্রীৰামৰ মাজত আবদ্ধ থাকিব৷ বিজেপিৰ সকলো ষডযন্ত্র ওফৰাই অসমত এইবাৰ জয় আই অসম প্রতিষ্ঠা কৰিবৰ বাবেই অখিল গগৈৰ দৰে প্রতিবাদী সত্তাক শিৱসাগৰ সমষ্টিৰ পৰা জয়ী কৰাই নিয়াটো প্রতিজন শিৱসাগৰবাসীৰেই দায়িত্ব৷ সেয়েহে ৮ৰ পৰা ১০ হাজাৰ ভোট পাব বুলি আশংকা কৰা কংগ্রেছ দলক ভোটদান কৰাৰ পৰিৱর্তে সেই ভোট অখিল গগৈৰ পক্ষত প্রদান কৰিবলৈ ৰাইজৰ প্রতি আহ্বান জনায়৷
কৃষক মুক্তিৰ নেতা ধৈর্য কোঁৱৰে বিদেশীমুক্ত অসমৰ স্বার্থতেই অখিল গগৈক ভোটদান কৰিবলৈ ৰাইজৰ প্রতি আহ্বান জনায়৷ বিভ্রান্তিমূলক প্রচাৰত শিৱসাগৰ সমষ্টিবাসীক ভোল নাযাবলৈ আহ্বান জনাই ধৈর্য কোঁৱৰে কয় যে অখিল গগৈক জয়ী কৰোৱাটো প্রতিজন শিৱসাগৰবাসীৰেই এক জাতীয় দায়িত্ব৷ অখিল গগৈৰ দৰে প্রতিবাদী সত্তাক দিছপুৰলৈ প্রেৰণ কৰিব পাৰিলেই দীর্ঘদিন ধৰি অসমে বঞ্চিত হৈ থকা ভাৰতীয় সংবিধানৰ ৩৭১(ক)ৰ অধীনত অসম ৰাজ্যক বিশেষ ৰাজ্যৰ মর্যাদা দিবৰ বাবেও অখিল গগৈয়ে চেষ্টা চলাই যাব বুলি প্রকাশ কৰাৰ লগতে অসমত ইনাৰ লাইন প্রযোগ্য, জাতিধ্বংসী ‘কা’ আইন বাতিলৰ বাবেও সকলো প্রচেষ্টা কৰিব বুলিও সংবাদ মেলত স্পষ্ট কৰি দিছে৷ সংবাদ মেলখনত উপস্থিত থকা যুৱ–ছাত্র পৰিষদৰ মানস কোঁৱৰে কয়– অখিল গগৈ অসমীয়া জাতিৰ গৌৰৱ৷ সেয়েহে এনে এক প্রতিবাদী সত্তাক জনতাৰ কণ্ঠ হোৱাৰ খাতিৰতেই শিৱসাগৰৰ পৰা নির্বাচিত কৰাৰ আহ্বান জনায়৷ পি চি পি ডিৰ নেতা দীপক কোঁৱৰে কয়– অসম বিধানসভাত অসম আৰু শিৱসাগৰৰ জ্বলন্ত সমস্যাসমূহ দাঙি ধৰিবৰ বাবে শিৱসাগৰ সমষ্টিৰ ৰাইজে অখিল গগৈক বিপুল সর্মথনেৰে আগবঢ়াই নিবলৈ আহ্বান জনায়৷ উজনি অসম মুছলিম কল্যাণ পৰিষদৰ ৱালিফুৰ ৰহমানে কয় যে বিগত সময়ছোৱাত কেৱল নোপোৱাৰ মাজেৰে শিৱসাগৰ সমষ্টিবাসী ৰাইজে পাৰ কৰিলে সময়৷
সেইয়েহে শিৱসাগৰবাসীৰ মর্মবেদনা উপলব্ধি কৰা অখিল গগৈৰ দৰে নেতা শিৱসাগৰৰ সমস্যা সমাধানৰ বাবে নির্বাচিত কৰিবলৈ সমষ্টিবাসী ৰাইজৰ প্রতি আহ্বান জনায়৷ মুছলিম যুৱ পৰিষদৰ নেতা আলতাফ আহমেদে কয় যে অসমৰ সাতামপুৰুষীয়া ঐক্য–সংহতি সুৰক্ষাৰ স্বার্থতেই অখিল গগৈক বিধানসভাৰ মজিয়াত প্রতিষ্ঠা কৰাটো প্রতিজন শিৱসাগৰবাসীৰ নৈতিক দায়িত্ব আৰু কর্তব্য৷ মৰিয়া যুৱ–ছাত্র পৰিষদৰ আবিদুৰ আলী, মহিলা সংগঠনৰ নেত্রী পদ্মা চেতিয়া, চাহ জনগোষ্ঠীয় ছাত্র সংগঠনৰ নেতা বিপুল কুর্মীৰ লগতে একাধিক জাতি–জনগোষ্ঠীয় সংগঠনৰ প্রতিনিধিবর্গ উপস্থিত থকা আজিৰ সংবাদ মেলতেই অখিল গগৈয়ে শিৱসাগৰ সমষ্টিবাসী ৰাইজৰ বাবে প্রকাশ কৰে এখন নির্বাচনী ইস্তাহাৰ৷ শিৱসাগৰৰ ঐতিহ্য সংৰক্ষণ আৰু পর্যটনৰ লগতে ৰজাদিনীয়া শিৱসাগৰৰ ঐতিহ্য সংৰক্ষণ সন্দর্ভত শিৱসাগৰৰ কুৰিটা সমস্যা উল্লেখ কৰাৰ লগতে আধুনিক শিৱসাগৰৰ ঐতিহ্য সংৰক্ষণ সন্দর্ভতো নিজৰ ইস্তাহাৰত উল্লেখ কৰে৷ ইয়াৰ উপৰি ইস্তাহাৰখনত শিৱসাগৰৰ আন্তঃগাঁথনি নির্মাণ, শিক্ষা, বানপানী আৰু গৰাখহনীয়া সমস্যা সমাধান, ভূমি সমস্যাৰ সমাধান, নিবনুৱা সমস্যাৰ সমাধান, কৃষকৰ সমস্যাৰ সমাধান, স্বাস্থ্যখণ্ড, গডকাপ্ঢানী, উদ্যোগ স্থাপনৰ লগতে শিৱসাগৰ নগৰৰ সর্বাংগীণ উন্নয়ন সন্দর্ভতো আলোকপাত কৰে৷
লক্ষণীয়ভাৱে এই সংবাদ মেলত সত্তৰ জাতি–জনগোষ্ঠীয় সংগঠনৰ তৰফৰ পৰা উল্লেখ কৰা বিষয়সমূহ সন্দর্ভত সংবাদ মাধ্যমৰ ফালৰ পৰাও কেতবোৰ গুৰুত্বপূর্ণ প্রশ্ণ উত্থাপন কৰা হয়৷ মৰিয়নিত কংগ্রেছ প্রাথ্ৰ বিজয়ৰ পথ সুগম কৰি প্রার্থিত্ব প্রত্যাহাৰ কৰা অখিল গগৈয়ে শিৱসাগৰ সমষ্টিত কংগ্রেছ প্রাথ্গৰাকীৰ বিৰুদ্ধে কিয় ইমান এক সবল স্থিতি গ্রহণ কৰিছে বুলি প্রশ্ণ তোলাৰ লগতে যদি মৰিয়নিত প্রার্থিত্ব প্রত্যাহাৰ কৰিছে, তেন্তে শিৱসাগৰত কিয় গগৈয়ে প্রার্থিত্ব প্রত্যাহাৰ নকৰিলে৷ ইয়াৰ উত্তৰত সত্তৰ সংগঠনৰ তৰফৰ পৰা এয়া এক নির্বাচনী ৰণকৌশলৰ অংশবিশেষ বুলিহে আংশিক প্রশ্ণৰ উত্তৰ দিয়ে৷ আনহাতে, আজিৰ সংবাদ মেলখনত ঐক্য সেনা, অসমৰ পূর্ণ সমর্থন আছে বুলি দাবী কৰিছিল যদিও সংবাদ মেল চলি থাকোঁতে ঐক্য সেনাৰ এক শীর্ষ সূত্রই ফোনযোগে সংবাদ মাধ্যমক সমর্থন নথকাৰ কথা স্পষ্ট কৰি দিয়ে৷ মুঠৰ ওপৰত অখিল গগৈয়ে জে’লৰ পৰা প্রেৰণ কৰা চিঠি, সত্তৰ সংগঠনৰ নামত মাত্র সংবাদ মেলত কুৰিটা সংগঠনৰ উপস্থিতি, অসম জাতীয় পৰিষদৰ সমর্থন আছে বুলি দাবী কৰাৰ পাছতো সংবাদ মেলত জাতীয় পৰিষদৰ এজনো কর্মকর্তা উপস্থিত নথকা, উজনিৰ শক্তিশালী কোনো জনগোষ্ঠীয় সংগঠনৰ কর্মকর্তা উপস্থিত নথকা আৰু ঘনে ঘনে জাতীয় পৰিষদৰ নেতা–কম্ৰ স্ববিৰোধী মন্তব্যৰে এক ধূসৰ নির্বাচন্ ছবি কার্যতঃ শিৱসাগৰত পৰিলক্ষিত হৈছে৷