ন্যায়াধিকৰণৰ ১৬০০ যোগ্য প্রার্থীলৈ সুখবৰ
নিয়মীয়া বাৰ্তা ১৭ ছেপ্টেম্বৰঃ নতুনকৈ স্থাপন কৰা ২০০খন অতিৰিক্ত বিদেশী ন্যায়াধিকৰণৰ নিযুক্তিকৰণৰ বাবে যোগ্যতা অর্জন কৰা ১৬০০ প্রার্থীলৈ সুখবৰ৷ বিগত বর্ষত লিখিত পৰীক্ষাৰ জৰিয়তে নিযুক্তিৰ বাবে যোগ্যতা অর্জন কৰা প্রার্থীসকলৰ মেধাৰ তালিকাৰ ম্যাদ এবছৰলৈ বৃদ্ধি কৰা হৈছে৷
গৃহ আৰু ৰাজনৈতিক বিভাগৰ যুটীয়া সচিবে জাৰি কৰা নির্দেশনা অনুসৰি এই মেধাৰ তালিকাৰ ম্যাদ অহা বর্ষৰ ১৭ ছেপ্টেম্বৰলৈ অব্যাহত থাকিব৷ উল্লেখ্য যে বিভিন্ন পদৰ বাবে সাক্ষাৎকাৰ সম্পন্ন হ’লেও এই প্রার্থীসকলক নিযুক্তি দিয়া হোৱা নাই৷ যাৰ পৰিপ্রেক্ষিতত যোগ্যতা অর্জন কৰা প্রার্থীসকলে কেইবাবাৰো প্রতিবাদ সাব্যস্ত কৰিছে৷