🔴 সতীৰ্থৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী আটছা নেতাৰ, এজাহাৰ দাখিল
নিয়মীয়া বাৰ্তা, ১৬ জুলাই : অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ দুই নেতাৰ কৰ্মকাণ্ডই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে টিংখাঙত। সংগঠনৰ নীতি উলংঘা কৰি অসাংবিধানিক কাৰ্যত জড়িত থকাৰ অভিযোগত দুই আটছা নেতাক সংগঠনৰ পৰা বহিষ্কাৰৰ দাবী সতীৰ্থ আটছা নেতাৰ। থানাত এজাহাৰ দাখিল কৰিও ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্বয়ং সতীৰ্থ আটছা নেতাই। উল্লেখ্যযোগ্য যে টিংখাং সমষ্টিৰ ৰাজগড়ৰ অমন সিং নামৰ এজন যুৱ ব্যৱসায়ীক আটছাৰ ৰাজগড় আঞ্চলিকৰ পেডত সভাপতি-সম্পাদকৰ জাল চহী মাৰি, মোহৰ লগাই সংগঠনটোৰ দুজন নেতা ক্ৰমে ধ্ৰুৱজ্যোতি উৰাং আৰু বিকাশ তাঁতীয়ে দহ বিঘা মাটি দাবী কৰাৰ তথ্য পোহৰলৈ আহিছে। আনহাতে, অভিযুক্ত দুই নেতাই মৌখিকভাৱে দহ লাখ টকা দাবী কৰা বুলিও অভিযোগ উত্থাপন কৰিছে ব্যৱসায়ী অমন সিঙে। এই কথা ফাদিল হোৱাত আটছাৰ ৰাজগড় শাখাৰ লগতে অঞ্চলটোৰ বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰাজগড়ৰ প্ৰতিষ্ঠিত ব্যৱসায়ী স্বৰ্গীয় সৰদেউ সিঙৰ নাতি তথা স্বৰ্গীয় বিজয় সিঙৰ পুত্ৰ অমন সিঙে জানিবলৈ দিয়া মতে ২০০১ চনত তেওঁৰ ককাকৰ নামত পঞ্জীয়ন থকা মুনি ফাৰ্ম নামৰ চাহ বাগিচাত কৰ্মৰত বেনু গড় নামৰ শ্ৰমিক এজনৰ হত্যাকাণ্ডৰ ঘটনাৰ আলম লৈ আনৰ ঘৰত ডাঙৰ-দীঘল হোৱা উক্ত শ্ৰমিকজনৰ কন্যাক ক্ষতিপূৰণ হিচাপে দহ বিঘা মাটি আৰু মৌখিকভাৱে দহ লাখ টকা প্ৰদান কৰিবলৈ দাবী জনাই পত্ৰ প্ৰেৰণ কৰিছিল । এই সন্দৰ্ভত ভুক্তভোগী অমন সিঙৰ লগতে আটছাৰ ৰাজগড় শাখাৰ সভাপতি পংকজ চাছা আৰু দীনেশ চন্দ্ৰ নাগে সভাপতি-সম্পাদকৰ অজ্ঞাতে আটছাৰ পেডত ভুৱা স্বাক্ষৰ কৰি ব্যৱসায়ীক দাবী পত্ৰ প্ৰেৰণ কৰা নেতা দুজনক শীঘ্ৰে কৰায়ত্ত কৰিবলৈ ৰাজগড় আৰক্ষী চকীত যোৱা ৯ জুলাইত এজাহাৰ দাখিল কৰে । তদুপৰি সমগ্ৰ ঘটনা সন্দৰ্ভত এখন সংবাদ মেলৰ আয়োজন কৰি সংগঠনৰ সংবিধানবিৰোধী কাৰ্যকালপত লিপ্ত হোৱা উক্ত নেতা দুজনক আটছাৰ সকলো ধৰণৰ কাৰ্যসূচীৰ পৰা বয়কট কৰা হৈছে বুলি উল্লেখ কৰি প্ৰাথমিক সদস্যৰ পদৰ পৰা বহিষ্কাৰ কৰিবলৈ দাবী জনাই আটছাৰ কেন্দ্ৰীয় সমিতিলৈ ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিছে । এটা সংগঠনৰ নেতাৰ এনে কাণ্ডত সমগ্ৰ টিংখাঙৰ লগতে আটছাৰ মজিয়াতো তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ।
প্ৰেৰক কৃষ্ণ গগৈ