বিশেষ বাৰ্তা, ৭ জুলাইঃ আজি মীনমন্ত্ৰীৰ কাৰ্যালয় সংলগ্ন সন্মিলনীকক্ষত অনুষ্ঠিত এক বিতৰণসূচীত বিশ্ববেঙ্কৰ অৰ্থ সাহাৰ্য্যৰে ৰূপায়িত অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্পৰ(এপাৰ্ট) জৰিয়তে সংশ্লিষ্ট জিলাসমূহক ভ্ৰাম্যমাণ পানী পৰীক্ষণ, মাছৰ ৰোগ নিৰূপণ আৰু ফৰ্মেলিনৰ অৱস্থিতি নিৰ্ণায়ক সঁজুলি বিতৰণ কৰে মীনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই। এপাৰ্ট আঁচনিৰ নডেল বিষয়া ড০ ধ্ৰুৱজ্যোতি শৰ্মাই আঁত ধৰা অনুষ্ঠানত তেওঁ এনে সজুঁলি বিতৰণৰ সম্বন্ধে বাখ্যা কৰে। মন্ত্ৰীগৰাকীয়ে এনে সঁজুলি বিতৰণে মীন পালকসকলক বাৰুকৈয়ে উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰে। তেওঁ এপাৰ্টৰ এনে প্ৰচেষ্টাৰ শলাগ লয় আৰু এই উদ্দেশ্য সফল কাম কৰিবলৈ সকলো বিষয়া-কৰ্মচাৰীক আহ্বান জনায়। অনুষ্ঠানত মীন বিভাগৰ আয়ুক্ত সচিব ৰাকেশ কুমাৰে উদগনিমূলক বক্তব্যৰে সকলোকে ক্ষেত্ৰভিত্তিত কাম-কাজ তথা সম্প্ৰসাৰণ পৰিক্ৰমা সৱলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানত মীন বিভাগৰ সঞ্চালক নিৰ্মলকান্তি দেৱনাথ, যুটীয়া সচিব প্ৰশান্ত বৰকাকতী, উপসচিব পৰশমনি বৈশ্য আৰু অন্যান্য উচ্চপদস্থ বিষয়াবৰ্গই অংশগ্ৰহন কৰে। কাৰ্য্যসূচীত ফৰ্মেলিন নিৰ্ণায়ক সজুঁলিৰ প্ৰদৰ্শন আগবঢ়ায় অসম গ্ৰাম্য আন্তঃগাঁথনি আৰু কৃষি সেৱা সমিতিৰ মীন সমন্বয়ক ড০ সঞ্জয় শৰ্মাই।