🔹 প্ৰতিখন প’কলেইন প্ৰৱেশৰ বাবদ এক লাখ ষাঠি হাজাৰ টকা সংগ্ৰহৰ অভিযোগ
নিয়মীয়া বাৰ্তা, ১১ ডিচেম্বৰ : ধাৰাবাহিক বাতৰি পৰিৱেশন আৰু আয়কৰ বিভাগৰ আকস্মিক অভিযানেও স্তব্ধ কৰিব পৰা নাই অবৈধ কয়লা খনন আৰু সৰবৰাহ। কয়লা ৰাণীখ্যাত মাৰ্ঘেৰিটা মহকুমাৰ বিভিন্ন স্থানৰ লগতে অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চলসমূহত কয়লাৰ অবৈধ খনন আৰু সৰবৰাহ পূৰ্ণগতিত চলিবলৈ আৰম্ভ কৰিছে । নিতৌ ন ন কৌশল অৱলম্বন কৰি একাংশ কয়লা মাফিয়াই অবৈধ খনন বন্ধ হৈ থকা কিছু অঞ্চলত পুনৰ খনন চলাবলৈ সাজু হৈছে। এনে অঞ্চলসমূহ হৈছে যেনে- লিডু টিকক পাহাৰ, মালৌ আৰু মোলং গাঁও ,পাহাৰপুৰ, বমগাড়া, টিপং ফায়াৰিং ৰেঞ্জ, টিপং চালি আদি। উল্লেখ্য যে বমগাড়া অঞ্চলৰ যিসমূহ ঠাইত কয়লাৰ অবৈধ খনন চলাই থকা হৈছে, সেই ঠাইসমূহ প্ৰকৃততে অসমৰ ভৌগোলিক চাৰিসীমাৰ অন্তৰ্ভুক্ত আছিল যদিও অঞ্চলটোৰ ভূগৰ্ভত প্ৰচুৰ পৰিমাণে উন্নত মানবিশিষ্ট কয়লা মজুত থকাৰ বাবেই অৰুণাচল প্ৰদেশৰ ১নং আৰু ২নং ফিনবিৰো গাঁৱৰ লোকসকলে কৌশলগতভাৱে সেই ঠাইসমূহ অৰুণাচলৰ অংশ বুলি দাবী কৰি অৰুণাচল পুলিচ আৰু স্থানীয় কেইজনমান মাফিয়াৰ সহযোগত অবৈধ কয়লা খননৰ বিনিময়ত মোটা অংকৰ ধন সংগ্ৰহ কৰি আহিছে চোৰাং কয়লা ব্যৱসায়ীসকলৰ পৰা। এই ক্ষেত্ৰত পূৰ্ণ সহযোগ আগবঢ়াই আহিছে বমগাৰা অঞ্চলৰ থাপাবস্তিৰ এজন অৱসৰপ্ৰাপ্ত সেনা জোৱানে। জনৈক থাপা নামৰ এই সেনা জোৱানজনে অৰুণাচল প্ৰদেশৰ পুলিচ প্ৰশাসন আৰু এন এছ চি এন উগ্ৰপন্থীৰ নামত অবৈধ কয়লা খননৰ লগত জড়িত লোকসকলৰ পৰা বিভিন্ন কূটকৌশলেৰে আৰু ডাবি-ধমকিৰে মোটা অংকৰ ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এজন প্ৰাক্তন সেনা জোৱান হৈ ভাৰতীয় স্বতন্ত্ৰতাৰ প্ৰতি ভাবুকিস্বৰূপ নগা উগ্ৰপন্থীৰ সৈতে কেৱল ধন ঘটাৰ উদ্দেশ্যে সন্বন্ধ গঢ়ি তোলা কাৰ্য্যক সহজভাৱে ল’ব পৰা নাই স্থানীয় বিদ্বৎ সমাজে । শেহতীয়াকৈ জানিব পৰা মতে, এই বিতৰ্কিত সেনা জোৱানজনৰ নেতৃত্বত অবৈধ কয়লা খননৰ বাবে একোখন পক’লেইন বনাঞ্চলত প্ৰৱেশ কৰাৰ বাবদ অসম আৰু অৰুণাচল প্ৰদেশ পুলিচ প্ৰশাসনৰ নামত এক লাখ ষাঠি হাজাৰ টকা সংগ্ৰহ কৰি থকা হৈছে বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে। আনকি সংবাদ কৰ্মী আৰু জাতীয় দল-সংগঠনৰ নামতো তেওঁ ধন সংগ্ৰহ কৰি থকা বুলি বাতৰি ওলাইছে । প্ৰাক্তন সেনা জোৱানজনে কয়লা ব্যৱসায়ীসকলক বমগাৰাত কাম কৰিবলৈ হ’লে সেনা বাহিনীৰ নিৰ্দেশ অনুসৰি কাম কৰিব লাগিব বুলি ধমকি দি একপ্ৰকাৰ ভাৰতীয় সেনাৰ সুনামত কালিমা সানিছে । বিভিন্নজনৰ অভিযোগ অনুসৰি, এই বিতৰ্কিত সেনা জোৱানজনে অসম আৰু অৰুণাচলৰ বিভিন্ন পক্ষক মেনেজ কৰাৰ নামত অবৈধভাৱে সংগ্ৰহ কৰা ধন ব্যক্তিগতভাৱে আত্মসাৎ কৰি আহিছে। বিশেষ সূত্ৰ অনুসৰি, এই বিতৰ্কিত সেনা জোৱানজনৰ এনে ধৰণৰ কাম-কাজৰ অভিযোগ পূৰ্বতেও উত্থাপন হৈছিল যদিও স্থানীয় প্ৰশাসনে তেওঁৰ বিপক্ষে আজি পৰ্য্যন্ত কোনোধৰণৰ অনুশাসনমূলক ব্যৱস্থা হাতত নোলোৱাটোৱে একপ্ৰকাৰ ৰহস্যৰ সৃষ্টি কৰিছে। প্ৰণিধানযোগ্য যে বিগত কেইটামান বছৰ আগতে সেনা বাহিনীৰ উচ্চ পৰ্য্য়ায়ৰ নিৰ্দেশ অনুসৰি এই জোৱানজনৰ বিৰুদ্ধে গোপনভাৱে বিভাগীয় তদন্ত হোৱাৰো অভিযোগ আছে। অনাগত সময়ছোৱাত এই বিতৰ্কিত প্ৰাক্তন সেনা জোৱানজনৰ বিৰুদ্ধে প্ৰশাসনে কেনেধৰণৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰে, সেয়াহে লক্ষণীয় বিষয় হিচাপে পৰিগণিত হ’ব।
প্ৰেৰক হেমন্ত গগৈ