নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পূৰ্বতকৈ সুস্থিৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য

নিয়মীয়া বাৰ্তা, ৭ ছেপ্টেম্বৰঃ পূৰ্বতকৈ সুস্থিৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য। ক’ৰোনাত আক্ৰান্ত হৈ GMCHত ভৰ্তি হৈ আছে গগৈ। দেহত অক্সিজেনৰ মাত্ৰা কিছু পৰিমাণে কমি আছে যদিও সুস্থ হৈ উঠিছে তৰুণ গগৈ। মঙলবাৰে পুনৰ ক’ভিড টেষ্ট কৰা হ’ব তৰুণ গগৈৰ।

আনহাতে ক’ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে অজন্তা নেওগ আৰু ৰমেন্দ্ৰ নাৰায়ণক, গণেশ লিম্বু, বৃন্দাবন গোস্বামী আৰু দিলীপ শইকীয়া।

অজন্তা নেওগ আৰু ৰমেন্দ্ৰ নাৰায়ণ কলিতাকো স্বাস্থ্য পৰীক্ষা কৰা হ’ব ৰিজাল্ট নিগেটিভ আহিলে হাস্পতালৰ পৰা যাবলৈ দিয়া হ’ব বুলি মন্তব্য কৰে GMCHৰ অধ্যক্ষই।

You might also like