তৰুণ গগৈৰ হৈ পত্নী ডলী গগৈয়ে গ্ৰহণ কৰিলে পদ্মভূষণ সন্মান
নিয়মীয়া বাৰ্তা ৯ নৱেম্বৰঃ দেশৰ অন্যতম সর্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ সন্মান আজি ৰাষ্ট্ৰপতিৰ পৰা গ্ৰহণ কৰিলে তৰুণ গগৈৰ হৈ পত্নী ডলী গগৈয়ে। ৰাষ্ট্রপতি ৰাম নাথ কোৱিন্দে তৰুণ গগৈৰ হৈ পত্নী ডলী গগৈক আনুষ্ঠানিকভাৱে মানপত্র প্রদান কৰে৷
উল্লেখ্য যে ক’ভিড মহামাৰীৰ বাবে ২০২০ আৰু ২০২১ চনৰ পদ্ম বঁটা প্রদান সোমবাৰৰ পৰা দুদিনীয়া কার্যসূচীৰে ৰাষ্ট্রপতি ভৱনত আৰম্ভ হৈছে৷
ৰাজহুৱা পৰিক্রমা শিতানত তিনিবাৰৰ অসমৰ মুখ্যমন্ত্রী হোৱা অলপতে পৰলোকপ্রাপ্তি ঘটা প্রবীণ কংগ্রেছী নেতা তৰুণ গগৈক পদ্মভূষণ বঁটা আগবঢ়োৱা হৈছে।
মন কৰিবলগীয়া যে ৰাষ্ট্রপতি ভৱনত আয়োজিত এই কার্যসূচীত উপ–ৰাষ্ট্রপতি ভেংকায়া নাইডু, প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহো উপস্থিত থাকে৷
Former Assam CM Tarun Gogoi awarded the Padma Bhushan posthumously. His wife Dolly Gogoi received the award at Rashtrapati Bhawan in Delhi pic.twitter.com/98T2gfLNPi
— ANI (@ANI) November 9, 2021