🔹 ৰাহুল গান্ধীৰ ন্যায় যাত্রাৰ পাছতেই কংগ্রেছত মোক্ষম আঘাত
ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ জানুৱাৰী : লোকসভা নির্বাচনৰ প্রাক্ক্ষণত বিজেপি গমনৰ বাবে সাজু হৈছে প্রাক্তন মন্ত্রীৰ পৰা প্রাক্তন ছাত্র নেতালৈ৷ কংগ্রেছ নেতা ৰাহুল গান্ধীৰ ন্যায় যাত্রাৰ পাছতেই বিৰোধী দলটোত মোক্ষম আঘাত হানি কাইলৈ বিজেপিত যোগদান কৰিব প্রাক্তন মন্ত্রী বিস্মিতা গগৈ আৰু কংগ্রেছৰ যুৱ নেত্রী অংকিতা গগৈয়ে৷ সেয়াই নহয়, শাসকীয় দলটোত যোগদানৰ বাবে সাজু হৈছে কেইবাজনো প্রাক্তন ছাত্র নেতা৷ উল্লেখ্য যে লোকসভা নির্বাচনক লৈ বিৰোধী ঐক্যমঞ্চই চলাই থকা ব্যাপক প্রস্তুতিৰ সমান্তৰালকৈ ৰাহুল গান্ধীৰ ন্যায় যাত্রাৰে কংগ্রেছীসকলক ঐক্যবদ্ধ কৰাবলৈ প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই মন্তব্য কৰি অহাৰ সময়তে দলটোৰ ভেটি কঁপাই কাইলৈ ৰাজ্যিক বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিব খুমটাই বিধানসভা সমষ্টিৰ প্রাক্তন বিধায়ক তথা প্রাক্তন মন্ত্রী বিস্মিতা গগৈয়ে৷ আনহাতে, বিস্মিতা গগৈৰ লগতে কাইলৈ বিজেপিত যোগদান কৰিব সদ্য অপসাৰিত কংগ্রেছৰ যুৱ নেত্রী তথা প্রয়াত প্রাক্তন কংগ্ৰেছী মন্ত্রী অঞ্জন দত্তৰ কন্যা অংকিতা দত্তই৷ আজি এই কথা আনুষ্ঠানিকভাৱে অৱগত কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই৷ বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয়ত সাংবাদিকৰ সৈতে হোৱা বার্তালাপত সভাপতি কলিতাই প্রকাশ কৰা মতে, এই দুয়োগৰাকী নেত্রীৰ লগতে বিজেপিত যোগদান কৰিব আছুৰ প্রাক্তন সভাপতি দীপাংক নাথ, প্রাক্তন উপদেষ্টা প্রকাশ দাস, কামৰূপ জিলা আছুৰ প্রাক্তন উপদেষ্টা হেমন্ত দাস, অসম জাতীয় পৰিষদৰ প্রাক্তন নেতা চিত্তৰঞ্জন বসুমতাৰী, ছিপাঝাৰ সমষ্টিৰ ২০২১ চনৰ কংগ্রেছী প্রার্থী কুলদীপ বৰুৱা, প্রাক্তন আছু নেতা তথা বঙাইগাঁও জিলাৰ কংগ্রেছী নেতা শংকৰ প্রসাদ ৰায়ৰ লগতে বিজেপিক আঁকোৱালি ল’ব ৰঙিয়াৰ এগৰাকী পঞ্চায়ত সভাপতি গিয়াছুদ্দিন আহমেদে৷ ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে প্রকাশ কৰা মতে, এই উপলক্ষে কাইলৈ বিজেপিৰ মুখ্য কার্যালয়ত অনুষ্ঠিত কৰা হ’ব এক বৃহৎ যোগদান কার্যসূচী৷ এই অনুষ্ঠানতে এই আটাইকেইজন নেতা–ছাত্র নেতাই বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিব৷ ইফালে, আপৰ প্রাক্তন নেতা কমল কুমাৰ মেধিয়েও বিজেপিত যোগদান কৰিব বুলি চর্চাৰ সৃষ্টি হৈছে যদিও আজি ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে প্রকাশ কৰা মতে, এতিয়ালৈ কমল কুমাৰ মেধিৰ যোগদান সন্দর্ভত দলৰ ওচৰত কোনো তথ্য নাই৷ ইফালে, বিস্মিতা গগৈৰ বিজেপিত যোগদানে বর্তমান খুমটাই সমষ্টিৰ বিজেপি বিধায়ক মৃণাল শইকীয়াৰ ৰাজনৈতিক ভৱিষ্যৎ সংকটত পেলাব নেকি বুলি উত্থাপিত প্রশ্ণ সন্দর্ভত আজি ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ মন্তব্য– বিস্মিতা গগৈৰ আগমনত মৃণাল শইকীয়াৰ কোনো ক্ষতি নহয়৷ ৰাজ্যিক বিজেপিত এই নেতাসকলৰ যোগদান কেৱল দলৰ হৈ কাম কৰা৷ দলে কাক কেতিয়া কি দায়িত্ব দিয়ে, সেয়া কোনেও আগতীয়াকৈ অনুমান কৰিব নোৱাৰে৷ মন কৰিবলগীয়া যে বিজেপিত হ’ব লগা এই বৃহৎ যোগদানৰ সমান্তৰালকৈ অহা ২৯ জানুৱাৰীত অগপতো হ’ব আন এক যোগদান কার্যসূচী৷ অগপৰ কার্যকৰী সভাপতি কেশৱ মহন্তই সংবাদ মাধ্যমত প্রকাশ কৰা মতে, কংগ্রেছ দলৰ কেইবাজনো নেতাই অগপত যোগদান কৰিব৷ কেইবাজনো দলীয় নেতা–কর্মীয়ে অগপৰ সৈতে দীর্ঘ সময় পূর্বৰে পৰা যোগাযোগ চলাই থকাৰ কথাও উল্লেখ কৰি মন্ত্রী কেশৱ মহন্তই ইয়াকো স্পষ্ট কৰে যে কংগ্রেছ দলৰ বর্তমানৰ কেইবাজনো বিধায়ক অগপৰ সৈতে যোগাযোগত আছে৷ লোকসভা নির্বাচনৰ পাছত যথেষ্ট পৰিৱর্তন দেখিবলৈ পাব অসমৰ ৰাইজে৷