নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিত নিমপুলি প্ৰাকৃতিক সংস্থাৰ প্ৰতিষ্ঠা দিৱসত নিমপুলি বিতৰণ

বিশেষ বাৰ্তা, ১১ জুনঃ বেচৰকাৰী প্ৰকৃতিপ্ৰেমী অনুষ্ঠান নিমপুলি প্ৰাকৃতিক সংস্থাৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ ‘জয়ধ্বনি অনুষ্ঠান’ আজি দিনজোৰা কাৰ্য্যসূচীৰে অসম নগালেণ্ড সীমান্তৱৰ্তী জংঘলব্লক অঞ্চলত অনুষ্ঠিত কৰা হয় । এই উপলক্ষ্যে চি এন আই গিৰ্জাঘৰৰ প্ৰাংগণত পতাকা উত্তোলন কৰি কাৰ্য্যসূচী মুকলি কৰে অভিৰাম কেঁ‌উৰাই ।গীৰ্জাঘৰৰ পালক ফ্ৰাঞ্চিচ কেঁ‌উৰাই নিম পুলি সংস্থাৰ বিষয়ববীয়াসকলক আদৰণি জনোৱাৰ পিছত গিলবাৰ্ড দুংদুঙে এটি নিম পুলি ৰোপন কৰি বৃক্ষৰোপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । অনুষ্ঠানটোত নিমপুলি প্ৰাকৃতিক সংস্থাৰ সমন্বয়ক ‘লখিমী কবি’ থানেশ্বৰ বৰা, ৰফিক হুছেইন, লক্ষেশ্বৰ গগৈ, প্ৰদীপ বৰা আদিৰ লগতে মৰিয়নিৰ সমন্বয়ক বিমান চুতীয়া, ভদ্ৰ শেনছোৱা, বিতুপন শইকীয়া, অঞ্জন ফুকন আদি উপস্থিত থাকি সহযোগিতা আগবঢ়ায় । এই অনুষ্ঠানতে জংঘলব্লক অঞ্চলৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা লীজা গগৈ আৰু ময়ূৰী গগৈক নিম পুলিৰে সম্বৰ্ধনা জনোৱা হয় । এই অনুষ্ঠানৰ পিছতেই নিমপুলি প্ৰাকৃতিক সংস্থাই মৰিয়নি অঞ্চলৰ জংঘলব্লক, বাহনী, নিউসোনোৱাল, নাগাজাংকা আদি ঠাইত নিমপুলি বিতৰণ কৰাৰ লগতে একাধিক স্থানত নিমপুলি ৰোপন কৰে । অঞ্চলটোৰ জংঘলব্লক চি এন আই গিৰ্জাঘৰ, গটঙা ব্যাপ্টিছ গিৰ্জাঘৰ, জংঘল ব্লক হাইস্কুল, নাগাজাংকাৰ বংশীগোপাল হাইস্কুল, নিউ সোণোৱাল গীৰ্জাঘৰ, বাহনী অঞ্চলৰ ৬ খন প্ৰাথমিক বিদ্যালয় আদি কেবাটাও স্থানত নিমপুলি বিতৰন কৰাৰ লগতে নিমপুলি ৰোপণ কৰা হয় । আনহাতে, প্ৰতি ঠাইতে সংস্থাৰ সমন্বয়ক সকলে নিম গছ ৰোপণৰ উপকাৰিতাৰ ওপৰত বক্তব্য দাঙি ধৰি ৰাইজক অৱগত কৰে । উল্লেখযোগ্য যে, নিমপুলি প্ৰাকৃতিক সংস্থাই বিগত কেবাবছৰো ধৰি যোৰহাট জিলাৰ লগতে শিৱসাগৰ জিলাৰ বহু ঠাইত নিমপুলি ৰোপন কৰাৰ লগতে বিনামূলীয়াকৈ বিতৰন কৰি আহিছে । তাৰোপৰি নিমগছৰ উপকাৰিতাৰ ওপৰত বিভিন্ন স্থানত সজাগতা সভা আদিৰো আয়োজন কৰি আহিছে নিমপুলি প্ৰাকৃতিক সংস্থাই ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like