নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰ: বঙাইগাঁও সদৰ চহৰৰ আৰক্ষী চাউনীৰ খেলপথাৰত আজি অনুষ্ঠিত এখন বিশাল জনসভাত মুখ্যমন্ত্ৰী শৰ্মাই ভাচুৱেল ব্যৱস্থাৰে বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়, উপায়ুক্তৰ সংহত কাৰ্যালয়, সন্মিলন ভৱন, ৱাকিং জোনৰ সম্পূৰ্ণ উন্নতিকৰণ, কোচ ৰজা নৰনাৰায়ণৰ প্ৰতিমুৰ্তি স্থাপন, বঙাইগাঁও পলিটেকনিক আৰু উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত ৱাৰ্কশ্বপ আৰু কাৰিকৰী গৱেষণাগাৰ আদিৰ শিলান্যাস কৰাৰ লগতে জিলাখনৰ সৃজনগ্ৰাম আদৰ্শ চিকিৎসালয় আৰু অভয়াপুৰীৰ দুৰামাৰী গনেশ মন্দিৰ প্ৰাংগনৰ ভোগ গৃহ উদ্বোধন কৰে।
মুখ্যমন্ত্ৰী শৰ্মাই মহিলাসকলৰ বাবে অচিৰেই তৃতীয় পৰ্যায়ৰ ক্ষুদ্ৰ ঋণ ৰেহাই আঁচনি আৰম্ভ কৰা কথা ঘোষণা কৰি কয় যে বঙাইগাঁও জিলাত অহা ১২ ডিচেম্বৰৰ পাছত পুনৰ ২০/২২ হেজাৰ নতুন হিতাধিকাৰী অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰা হ’ব। একেদৰে জিলাখনৰ ২৪ হেজাৰ হিতাধিকাৰীক তেওঁৰ চৰকাৰে ৰেচন কাৰ্ড প্ৰদান কৰাৰ কথাও মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে।
বঙাইগাঁৱত আন বহুকেইটা উন্নয়নমূলক প্ৰকল্পৰ পৰিকল্পনা ভাষণত প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বঙাইগাঁৱত অনুষ্ঠিত কেবিনেট সভাত বঙাইগাঁও মহাবিদ্যালয়ক বিশ্ববিদ্যালয়ৰ পৰ্যায়লৈ উন্নীতকৰণৰ যি প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল সেইমতে ইয়াৰ কাম আগবাঢ়ি আছে।
আজিৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ উপৰি স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, জিলাখনৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, বঙাইগাঁৱৰ বিধায়ক ফণীভূষণ চৌধুৰী, উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল বাতিন খণ্দকাৰ, দক্ষিন অভয়াপুৰী সমষ্টিৰ বিধায়ক প্ৰদীপ সৰকাৰকে ধৰি আন কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।