মৃতপ্রায় কলঙক পুনৰ বোৱাই নিয়াৰ ১৩৫ কোটিটকীয়া প্রকল্পৰ আধাৰশিলা
হোমেন বৰগোহাঞিৰ পত্র পাঠেৰে শুভাৰম্ভ অনুষ্ঠানৰ
নিয়মীয়া বাৰ্তা ৩১ অক্টোবৰঃ পাঁচটা দশকৰ অন্তত বহু প্রত্যাশিত কলং নৈক নিয়ন্ত্রিত আৰু বিজ্ঞানসন্মতভাৱে বোৱাই নিয়াৰ প্রকল্পৰ আজি শুভাৰম্ভ কৰা হয়৷ কলং নৈৰ উৎস হাতীমূৰাত শুকুৰবাৰে এক উৎসৱমুখৰ পৰিৱেশত এই প্রকল্পৰ শুভাৰম্ভ কৰে অসমৰ জলসম্পদ মন্ত্রী তথা কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তই৷ ইয়াক কেন্দ্র কৰি হাতীমূৰাত এক উদুলি–মুদুলি পৰিৱেশ সৃষ্টি হয়৷ উল্লেখ্য যে সাগৰ দেখিছাৰ কবি দেৱকান্ত বৰুৱাই এই কলঙৰ পাৰতেই বহি ৰচিছিল অলেখ সপোন৷ বহু কবি, সাহিত্যিক, শিল্পীৰ সৃষ্টিৰ প্রেৰণাৰ উৎস আছিল কলং৷ কলঙক লৈয়ে নগঞাই ৰচিছিল অলেখ সপোন৷ এই সপোন আছিল জীয়াই থকাৰ, জীৱনক সদায় ৰঙীন কৰি ৰখাৰ, প্রাক ঐতিহাসিক যুগৰ পৰা বর্তমানলৈকে বহু ইতিহাস, কিংবদন্তিৰ সাক্ষী কলং, কল্পনা আৰু সৃষ্টিৰ অফুৰন্ত সম্ভাৰ কলং, যাৰ বক্ষত এতিয়াও সজীৱ হৈ আছে ডেকা–গাভৰুৰ যৌৱন, প্রেম–বিচ্ছেদ, জীৱনক পোৱা–নোপোৱাৰ বহু লোককথা৷ শস্যে–মৎস্যে নদন–বদন হৈ থকা কলং নৈৰ দুয়োপাৰৰ জনজীৱন এতিয়া বিপন্ন৷ নগাঁও চহৰক বাৰিষাৰ সময়ত বানপানীৰ পৰা ৰক্ষা কৰাৰ বাবে ১৯৬৪ চনত নগাঁও চহৰ সুৰক্ষা আঁচনিৰ অধীনত কলং নৈৰ মুখ উৎসতে বন্ধ কৰি দিয়া হৈছিল৷ যাৰ বাবে কলঙৰ গতি স্থবিৰ হৈ পৰাৰ লগতে কলঙে পূর্বৰ ৰূপ–লাৱণ্য–গৰিমা হেৰুৱাই পেলালে৷ ৭০ৰ দশকৰ পৰাই কলিয়াবৰ তথা নগাঁৱৰ সমাজ সচেতন লোক, বিভিন্ন দল–সংগঠনে কলঙক নিয়ন্ত্রিতভাৱে বোৱাই ৰখাৰ বাবে দাবী উত্থাপন কৰি আহিছিল৷ বিভিন্ন পর্যায়ৰ পৰীক্ষা–নিৰীক্ষাৰ অন্তত বর্তমানৰ বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰে কলং নৈক বোৱাই নিয়াৰ বাবে সিদ্ধান্ত গ্রহণ কৰি শুকুৰবাৰে কলং পুনৰ জীৱিতকৰণ আঁচনিৰ শুভাৰম্ভ কৰা হয়৷
ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগে ১৩৫ কোটি টকা ব্যয় কৰি বোৱতী কৰিব দুৰন্ত স্রোতস্বিনী–চঞ্চলা–চপলা কলং নৈক৷ শুকুৰবাৰে কলঙক পুনৰ বোৱাই তুলিবলৈ অভিলাষী আঁচনিখনৰ আনুষ্ঠানিক উদ্বোধন কৰি জলসম্পদ মন্ত্রী কেশৱ মহন্তই কয়– ‘কলঙৰ মুখ খান্দিবলৈ দীর্ঘদিন ধৰি আন্দোলন হৈছিল৷ বিভিন্ন পর্যায়ত এই আন্দোলন হৈছিল যদিও ইয়াৰ ফল লাভ কৰা নাছিল৷ বিধানসভাৰ মজিয়াতো কলং সন্দর্ভত বহু আলোচনা হৈছিল৷ ২০১৩ চনত অসম বিধানসভাৰ অধ্যক্ষৰ অনুমতি লৈ বেচৰকাৰী প্রস্তাৱ উত্থাপন কৰি বিধানসভা প্রায় আঢ়ৈ ঘণ্টা আলোচনা চলিছিল৷ সেই সময়ত কলঙৰ ওপৰত লিখা এখন কিতাপ প্রত্যেকজন বিধায়কক দিয়া হৈছিল কলঙৰ বিষয়ে জানিবলৈ৷ চৰকাৰে সেই সময়ত উত্তৰো দিছিল, কিন্তু ফলপ্রসূ ব্যৱস্থা একো হোৱা নাছিল৷ মই যেতিয়া এই বিভাগটোৰ দায়িত্বলৈ আহিছিলোঁ, তেতিয়া আমাৰ একমাত্র আলম আছিল যে হাতীমূৰাত এটা মথাউৰি আছে, সেইটো জলসম্পদ বিভাগৰ৷ আনকি তাৰ আগতে চৰকাৰী কোনো নির্দেশনা নাছিল যে এখন নদী মুকলি কৰিলে কোনে কৰিব৷ মিত্রজোঁট চৰকাৰখনে দায়িত্ব লোৱাৰ পাছতে এই কামে অগ্রগতি লাভ কৰে৷ ২০১৬ৰ ১৪ মে’ত মন্ত্রীসভাৰ শপতগ্রহণৰ পাছত ৩০ আৰু ৩১ জুলাইত অসমত ৰাজ্যৰ বান আৰু গৰাখহনীয়া সমস্যা সমাধানৰ বাবে এখন আন্তর্জাতিক পর্যায়ত কর্মশালা অনুষ্ঠিত কৰা হয়৷ সেই কর্মশালাতে আমি তিনিটা সিদ্ধান্ত গ্রহণ কৰোঁ৷ এটা হ’ল ব্রহ্মপুত্রৰ বান–খহনীয়া অধ্যয়ন, দ্বিতীয়টো পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলীৰ ক্ষেত্র অধ্যয়ন আৰু কলঙক পুনৰুজ্জীৱিতকৰণৰ্ ক্ষেত্রত এটা অধ্যয়ন৷ লগতে তিনিখন বিশেষজ্ঞ সমিতি গঠন কৰা হয়৷ কলঙৰ বিশেষজ্ঞ সমিতিয়ে ক্ষেত্র ভিত্তিত পর্যবেক্ষণ কৰি ৰাইজৰ লগতো মত বিনিময় কৰে৷ এই প্রক্রিয়া চলি থকাৰ সময়তে ২০১৭ৰ ১৩ আগষ্টত হাতীমূৰাত ব্রহ্মপুত্রই কলঙৰ মথাউৰি ভাঙি তাণ্ডৱ সৃষ্টি কৰে৷ যাৰ বাবে বিশেষজ্ঞ সমিতিয়ে পুনৰ পর্যবেক্ষণ কৰি কলঙক পুনৰ বোৱাই তুলিবলৈ পৰামর্শ দিয়ে আৰু ইয়াৰ পাছতে জলশক্তি মন্ত্রালয়ৰ অধীনস্থ ৱাক’ছ(WAPCOS)য়ে প্রাককলন প্রস্তুত কৰি শুকুৰবাৰে কলঙক পুনৰ বোৱাই তুলিবলৈ ৰাজ্যৰ জলসম্পদ বিভাগ সাজু হৈছে৷’
মন্ত্রী মহন্তই কলঙক বোৱাই সার্থক হোৱাৰ আঁৰত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সদিচ্ছাৰ কথা উল্লেখ কৰি আৰু কয় যে নগঞা ৰাইজৰ এটা দীর্ঘদিনীয়া সপোন বাস্তৱায়িত হ’ল৷ এই আঁচনিৰ কাম ২৪ ঘণ্টা অর্থাৎ দিনে–নিশাই চলিব আৰু তিনিটা মাহৰ ভিতৰে প্রথম পর্যায়ৰ কাম সম্পূর্ণ হৈ উঠিব বুলি মন্তব্য কৰে৷ তদুপৰি এটা সুকীয়া সংমণ্ডল স্থাপন কৰা হ’ব বুলি ঘোষণা কৰে মন্ত্রীগৰাকীয়ে৷ অনুষ্ঠানত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শর্মাই ভাষণ প্রদান কৰি কয়– আজি এক ঐতিহাসিক দিন৷ আজি লক্ষ্মী পূর্ণিমা আৰু আজিৰ দিনটোতে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হৈছিল৷ এনে এটা দিনতে কলঙক পুনৰুজ্জীৱিত কৰাৰ এই শুভ কাম শুভাৰম্ভ কৰা হৈছে৷ নগাঁওবাসীৰ এক সপোন বাস্তৱ হ’ল বুলি শর্মাই মন্তব্য কৰি পুনৰ কলংপৰীয়া সভ্যতাই প্রাণ পাব বুলি মন্তব্য কৰে৷অনুষ্ঠানত ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাস, প্রাক্তন মন্ত্রী গুণীন হাজৰিকা, অতিৰিক্ত মুখ্য সচিব (জলসম্পদ) চৈয়দিন আব্বাচি, নগাঁও জিলাৰ উপায়ুক্ত কভিথা পদ্মনাভন, জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা বৰছিং ৰংপি, কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰ আদিকে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ সভাৰ আৰম্ভণিতে প্রথিতযশা সাহিত্যিক হোমেন বৰগোহাঞিয়ে কলং পুনৰ জীৱিত কৰা সন্দর্ভত প্রেৰণ কৰা পত্র পাঠ কৰা হয়৷ কলং পুনৰ জীৱিতকৰণ আঁচনিৰ শুভাৰম্ভৰ লগত ৰজিতা খুৱাই পুৱা বিভিন্ন জাতি–জনগোষ্ঠী, ধর্মালম্বী ১০৮গৰাকী আয়তীয়ে ব্রহ্মপুত্রৰ পানী আনি কলং নৈত দিয়াৰ লগতে কলিয়াবৰৰ সকলো সামাজিক, সাংস্কৃতিক, দল–সংগঠনৰ মুৰব্বীৰ লগতে মঠ–মন্দিৰ, দৌল–দেৱালয়ৰ, গির্জা, মছজিদ আদি ধর্মীয় অনুষ্ঠানসমূহৰ পৰা ধর্ম জাজকসকল আহি এগছিকৈ বন্তি প্রজ্বলন কৰি এই কার্যসূচীক সর্বজনীন ৰূপ দিয়ে৷