নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্ব হৃদ দিৱস : দ্য হাৰ্ট সহৃদয় গোষ্ঠীৰ উদ্যোগত মহানগৰীত স্বাস্থ্য সজাগতা শোভাযাত্ৰা

বিশেষ বাৰ্তা, ২৯ ছেপ্টেম্বৰঃ বিশ্ব হৃদ দিৱসৰে সংগতি ৰাখি ৰাজ্যখনৰ আগশাৰীৰ স্বেচ্ছাসেৱী সংস্থা “দ্য হাৰ্ট, সহৃদয় গোষ্ঠী”য়ে গুৱাহাটী মহানগৰীত এটি স্বাস্থ্য সজাগতা শোভাযাত্ৰা উলিয়ায় ৷ কাৰ্ডিঅ’লজিকেল ছ’চাইটি অৱ ইণ্ডিয়াৰ উত্তৰ-পূৰ্বাঞ্চল শাখা, দিছপুৰ হাস্পতাল আৰু গ্ৰীন ক্লাছেচ, গুৱাহাটীৰ সহযোগত ৰূপায়ণ কৰা এই কাৰ্যসূচীত তিনি শতাধিক লোকে অংশগ্ৰহণ কৰে ৷ সহৃদয় গোষ্ঠীৰ সভাপতি, হৃদৰোগ বিশেষজ্ঞ ডাঃ চন্দন মোদক আৰু তথ্য-প্ৰচাৰ সম্পাদক নৱজ্যোতি পাঠকে প্ৰেৰণ কৰা এক বিবৃতিত প্ৰকাশ যে বৰ্তমানৰ বিভিন্ন চাপযুক্ত জীৱনশৈলী আৰু প্ৰকৃতিৰ সন্তুলনহীনতাই সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষ তথা অসমতো ক্ৰমবৰ্দ্ধিত হৃদৰোগৰ অন্যতম কাৰণ ৰূপে বিবেচিত হৈছে ৷ এই বিষয়ে সজাগতা সৃষ্টি কৰি জনসাধাৰণক স্বাস্থ্যৰ প্ৰতি সচেতন কৰাৰ লক্ষ্যৰে প্ৰতিবছৰে ২৯ ছেপ্টেম্বৰত বিশ্ব হৃদ দিৱস উদ্‌যাপন কৰি অহা হৈছে ৷ এই উদ্দেশ্যে আজি “খোজে খোজে ফুলি উঠে অনুপম জীৱন”, “খোজ কাঢ়ি সুন্দৰ সুশীল জীৱনশৈলী গঢ়ক”, “খোজ কাঢ়ক ইন্ধন বচাওক ”, “অপৰূপ প্ৰকৃতিক সংৰক্ষণ কৰক”, “খোজ মুলধন , স্বাস্থ্য পৰম ধন” আদি আকৰ্ষণীয় শ্লোগান সম্বলিত নিচান লৈ দিছপুৰ হাস্পতালৰ পৰা মহানগৰীৰ ৰাজপথত এই সমদল উলিওৱা হয় ৷ সমদলত কাৰ্ডিঅ’লজিকেল ছ’চাইটিৰ উত্তৰ-পূৰ্বাঞ্চল শাখাৰ সভাপতি ডাঃ অমিয় কুমাৰ শৰ্মা, ডাঃ বনজিৎ চৌধুৰী, ডাঃ এচ এন গোস্বামীকে ধৰি কেইবাগৰাকী বিশিষ্ট চিকিৎসকেও অংশগ্ৰহণ কৰে৷ ইপিনে “দ্য হাৰ্ট, সহৃদয় গোষ্ঠী”ৰ সভাপতি ডাঃ চন্দন মোদকৰ নেতৃত্বত আজি মহানগৰীৰ সোণকুছিত এটি বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয় ৷ সোণালী সংঘৰ সহযোগত আয়োজন কৰা এই শিবিৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ কনিষ্ঠ চিকিৎসক সংস্থাৰ এটি ১১জনীয়া চিকিৎসকৰ দলে অংশগ্ৰহণ কৰি ২৫৭গৰাকী বিভিন্ন বয়সৰ লোকৰ স্বাস্থ্য পৰীক্ষা কৰে ৷ শিবিৰত বিনামূলীয়াকৈ ই চি জি , ৰক্তচাপ, তেজৰ শৰ্কৰা পৰীক্ষা কৰাৰ লগতে দৰৱ বিতৰণ কৰা হয় ৷

আগমনিত বিশ্ব হৃদ দিৱস

ধুবুৰীৰ আগমনিতো আজি বিশ্ব হৃদ দিৱস উদ্‌যাপন কৰে “দ্য হাৰ্ট , সহৃদয় গোষ্ঠী“য়ে ৷ গোষ্ঠীৰ উপ-সভাপতি প্ৰদীপ কুমাৰ সেন আৰু সতীৰ্থসকলে অঞ্চলটোত চাইকেল সমদল উলিয়াই ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে ৷ তদুপৰি বিশ্ব হৃদ দিৱসৰে সংগতি ৰাখি আগমনিত এটি বিনামূলীয়া চিকিৎসা শিবৰৰ আয়োজন কৰা হয় ৷ ইয়াতো ডাঃ ধীমেন্দ্ৰ ৰয়ৰ সৈতে চিকিৎসকৰ এটি দলে তিনি শতাধিক লোকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ সমান্তৰালকৈ সজাগতামূলক প্ৰচাৰ চলায়৷

You might also like