নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুক্তিযুঁজাৰুৰ পেন্সন ২৫ হাজাৰলৈ বৃদ্ধি, লাভ কৰিব বিনামূলীয়া চিকিৎসা সেৱা

নিয়মীয়া বার্তা,  ২১ ফেব্রুৱাৰীঃ ৰাজ্যৰ মুক্তিযুঁজাৰুসকলে লাভ কৰিব বিনামূলীয়া স্বাস্থ্যসেৱা৷ কালি অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলনৰ প্রতিনিধিৰে অনুষ্ঠিত বৈঠকত এই কথা ঘোষণা কৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ মুখ্যমন্ত্রীৰ খাৰঘুলিস্থিত চৰকাৰী বাসগৃহত অনুষ্ঠিত বৈঠকত মুক্তিযুঁজাৰুসকলৰ পেন্সন বৃদ্ধিকে ধৰি কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হয়৷

বৈঠকত গ্রহণ কৰা সিদ্ধান্ত অনুসৰি মুক্তিযুঁজাৰুসকলৰ পেন্সন বর্তমানৰ ২১ হাজাৰ টকাৰ পৰা ২৫ হাজাৰ টকালৈ বৃদ্ধি কৰা হ’ব৷ অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলনে আগবঢ়োৱা প্রস্তাৱৰ ভিত্তিত ৰাজ্যৰ ১৯গৰাকী স্বাধীনতা আন্দোলনৰ শ্বহীদৰ নিকটাত্মীয়ক ৫ লাখ টকাকৈ এককালীন আর্থিক সাহায্য প্রদানতো মুখ্যমন্ত্রীয়ে সন্মতি জনায়৷

মুক্তিযুঁজাৰুসকলৰ ত্যাগৰ প্রতি সন্মান জনাই তেওঁলোকৰ পৰলোকপ্রাপ্তিৰ পাছত শেষকৃত্য মর্যাদাপূর্ণভাৱে সম্পন্ন কৰিবলৈ সন্মিলনৰ প্রতিনিধিসকলে বৈঠকত অনুৰোধ জনায়৷ মুখ্যমন্ত্রীয়ে এই অনুৰোধৰ প্রতি ইতিবাচক সঁহাৰি জনায় আৰু এই সংক্রান্তত উপায়ুক্তসকলক যাৱতীয় ব্যৱস্থা লোৱাৰ বাবে পদক্ষেপ গ্রহণ কৰিবলৈ বিভাগীয় বিষয়াসকলক নির্দেশ দিয়ে৷

You might also like