নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাজিৰঙা উদ্যানত ফ্ৰান্সৰ পৰিৱেশ মন্ত্ৰীঃ খতিয়ান ল’লে ভিন্ন উন্নয়নমূলক কামৰ

নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰীঃ ৫ দিনীয়া ভাৰত ভ্ৰমণৰ কাৰ্যসূচী লৈ ভাৰতত উপস্থিত হোৱা ফান্সৰ পৰিৱেশ মন্ত্ৰী বাৰবাৰা পোম্পিলি কালি অসমৰ কাজিৰঙা ভ্ৰমণ কৰে।

পৰিৱেশমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰদূতসহ ১১গৰাকী প্ৰতিনিধিৰে কাজিৰঙাত উপস্থিত হৈ কাজিৰঙাত ফ্ৰান্স চৰকাৰৰ দ্বাৰা চলি থকা কেইবাটাও প্ৰকল্পৰ নিৰ্মাণকাৰ্য পৰ্যবেক্ষণ কৰে।

উল্লেখ্য ২০১২ চনৰ পৰা ফ্ৰান্স ডেভেলপমেণ্ট এজেন্সীয়ে অসমৰ বন্য আৰু জৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ অৰ্থে অৰ্থ আৰু প্ৰযুক্তিগত সহযোগ আগবঢ়াই আহিছে।

এনে সহযোগৰ বাবে কাজিৰঙাৰ হাইলেণ্ড নিৰ্মাণকে ধৰি কাজিৰঙাৰ দাঁতিকাষৰীয়া গাঁওসমূহত চলি থকা বিভিন্ন উন্নয়নমূলক কামৰ খতিয়ান লয় ফান্স চৰকাৰৰ দলটোৱে।

You might also like