নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুকুৰবাৰে ৰাজ্যত ক’ভিডত মৃত্যু ১০জনৰ

দিনটোত পজিটিভ ১৪১৬, আক্রান্তৰ হাৰ ৫ %

নিয়মীয়া বাৰ্তা ৩অক্টোবৰঃ ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ ফলত শুকুৰবাৰে দিনটোত পুনৰ ১০গৰাকী লোকে প্রাণ হেৰুৱালে৷ শুকুৰবাৰে ক’ৰোনাত মৃত্যু হোৱা লোকসকল হ’ল– শিৱসাসগৰ বাবু ডেকা (৪২), কল্পনা দত্ত (৪৫), চিদানন্দ দাস (৭৬), চেনিৰাম গগৈ (৮০), কামৰূপ (ম)ৰ আলী হুছেইন (৫৮), লিয়াকত আলী (৫৬), গোৱালপাৰাৰ দীনেশ দাস (৫৫), লখিমপুৰৰ মৃণাল কুমাৰ বর্মন (৫৮), ফৰিদা বেগম (৫৪) আৰু ডিব্রুগড়ৰ ৰতন কুমাৰ দাস (৫৩)৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটযোগে লগতে সদৰী কৰে যে  মৃত্যু হোৱা ১০গৰাকী ৰোগীকে ধৰি ৰাজ্যখনত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা ৭২১গৰাকীলৈ বৃদ্ধি পালে৷

 

ইফালে, শুকুৰবাৰে অসমত নতুনকৈ ক’ৰোনাত আক্রান্ত হয় ১,৪১৬গৰাকী৷ ইয়াৰে কামৰূপ মহানগৰৰ ৪৪৫গৰাকী, যোৰহাটৰ ১১০গৰাকী, ডিব্রুগড়ৰ ১০৩গৰাকী আৰু গোলাঘাটৰ ১০১গৰাকী৷ উল্লেখ্য যে  শুকুৰবাৰে ৰাজ্যখনত মুঠ ২৮,৩০১গৰাকী লোকৰ ক’ভিড–১৯ পৰীক্ষা কৰা হয়৷ আক্রান্তৰ হাৰ ৫ শতাংশ৷

 

 

You might also like