নিয়মীয়া বাৰ্তা ১৬ নৱেম্বৰঃ মেট্রিক আৰু হাই মাদ্রাছা পৰীক্ষাত অৱতীর্ণ হ’ব বিচৰা পৰীক্ষার্থীসকলৰ অনলাইন প্র–পত্র পূৰণ প্রক্রিয়া অহা ২৫ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব৷ সোমবাৰে অসম মাধ্যমিক শিক্ষা পৰিষদে (ছেবা) এক নির্দেশনাযোগে এই কথা সদৰী কৰিছে৷ অনলাইন পৰীক্ষা প’র্টেলৰ জৰিয়তে শিক্ষার্থীসকলে এই প্র–পত্র পূৰণ কৰিব পাৰিব৷ তেওঁলোকৰ ইউজাৰ আই ডি আৰু পাছৱর্ডসমূহ নৱম শ্রেণীৰ পঞ্জীয়নৰ সৈতে একেই থাকিব৷ অৱশ্যে কোনো শিক্ষার্থীয়ে যদি পাছৱর্ড আৰু আইডিসমূহ পাহৰিছে, তেনেহ’লে তেওঁলোকে ছেবাৰ আঞ্চলিক কার্যালয়ৰ সদস্য সচিবৰ সৈতে যোগাযোগ কৰিব পাৰিব৷ এই পৰীক্ষাত অৱতীর্ণ হ’ব বিচৰা শিক্ষার্থীসকলে পৰীক্ষাৰ নামত ৬৫০ টকা, পৰীক্ষা কেন্দ্রৰ নামত ৩০০ টকা আৰু ব্যৱহাৰিক পৰীক্ষাৰ নামত ১৫০ টকা মাচুল আদায় দিব লাগিব৷
অৱশ্যে যিসমূহ পৰিয়ালৰ বার্ষিক উপার্জন দুই লাখ টকাৰ তলত সেই পৰিয়ালসমূহৰ শিক্ষার্থীসকলে উক্ত মাচুলসমূহ ৰেহাই পাব৷ এনে শিক্ষার্থীসকলৰ অভিভাৱক অথবা পিতৃ–মাতৃয়ে সংশ্লিষ্ট বিদ্যালয়ৰ মুৰব্বীক মাচুল ৰেহাইৰ বাবে আবেদন কৰিব পাৰিব৷ বিদ্যালয়খনৰ মুৰব্বীয়ে অভিভাৱকে দাখিল কৰা এই আবেদনসমূহ পৰীক্ষা কৰি তেওঁলোকক মাচুল ৰেহাই দিব পাৰে নে নোৱাৰে সেয়া বিচাৰ কৰিব৷ একে সময়তে যিসকল শিক্ষার্থীয়ে দশম শ্রেণীৰ ছমহীয়া পৰীক্ষাত অৱতীর্ণ হোৱা নাই, তেওঁলোক মেট্রিক আৰু হাই মাদ্রাছা পৰীক্ষাত অৱতীর্ণ হোৱাৰ বাবে অযোগ্য হিচাপে বিবেচিত হ’ব বুলি প্রকাশ কৰিছে ছেবাই৷ ২৫ নৱেম্বৰৰ পৰা ১৮ ডিচেম্বৰ পর্যন্ত পৰীক্ষার্থীসকলে অনলাইন প্র–পত্রসমূহ পূৰণ কৰিব পাৰিব৷ এপেক্স বেংকত মাচুল আদায় আৰু চালান কটাৰ অন্তিম দিন হৈছে ২১ ডিচেম্বৰ৷