আইজলত ১০০ কোটিৰ ড্রাগ্ছসহ ধৃত অসমৰ দুই পেডলাৰ
নিয়মীয়া বাৰ্তা ২৮ আগষ্টঃ অসম তথা উত্তৰ–পূর্বাঞ্চললৈ ড্রাগ্ছ সৰবৰাহৰ প্রধান কৰিড’ৰলৈ মিজোৰাম পর্যবসিত হোৱাটো পুনৰ স্পষ্ট হৈ পৰিল৷ প্রধানতঃ ম্যানমাৰৰ পৰা মিজোৰাম হৈ মাৰাত্মক বৰবিহ সৰবৰাহ হৈ আহিছে৷ বিগত সময়ছোৱাত বিশাল পৰিমাণৰ ড্রাগ্ছসহ বহুসংখ্যক সৰবৰাহকাৰী ধৰা পৰিছে যদিও এতিয়াও চুবুৰীয়া ৰাজ্যখনৰ মাজেৰে অব্যাহত আছে নিষিদ্ধ সামগ্রীৰ বেহা৷ ইয়াৰ মাজতে মিজোৰাম আৰক্ষীয়ে কালি বিয়লি চলোৱা এক অভিযানত বৃহৎ সফলতা লাভ কৰে৷ সংবাদ প্রতিষ্ঠান পি টি আইৰ বাতৰি অনুসৰি এই অভিযানত ১০০ কোটি টকা মূল্যৰ ড্রাগ্ছসহ মিজোৰাম আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে দুজনকৈ ড্রাগ্ছ পেডলাৰক৷
লক্ষণীয়ভাৱে ধৃত মণ্টু কুমাৰ দেৱ (৪৫) আৰু সুভাষ দাস (৩৩) অসমৰ কৰিমগঞ্জ জিলাৰ বাসিন্দা৷ মিজোৰাম আৰক্ষীয়ে আইজলৰ পৰা প্রায় ২০ কিলোমিটাৰ দূৰত্বৰ ছৈৰাং গাঁৱত কালি বিয়লি এই অভিযানটো চলাইছিল৷ ১০০ কোটি টকা মূল্যৰ ড্রাগ্ছসহ অসমৰ দুজনকৈ লোকক গ্রেপ্তাৰ কৰা সন্দর্ভত মিজোৰাম আৰক্ষীৰ উদ্ধৃতিৰে পি টি আইৰ বাতৰিটোত কোৱা হৈছে যে বাহনত তালাচী চলাই থকাৰ সময়তে এখন ট্রাক ৰখোৱা হয় আৰু ট্রাকখনৰ ভিতৰত উদ্ধাৰ কৰা হৈছে ৫০ কিলোগ্রাম মাৰাত্মক মেথামফেটামাইন (মেথ) টেবলেট৷ এই সন্দর্ভত নার্ক’টিক ড্রাগ্ছ এণ্ড ছাইক’ট্রপিক ছাবষ্টেন্ছ এক্ট ১৯৮৫ৰ সংশ্লিষ্ট ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি অনুসন্ধান অব্যাহত ৰখা বুলি সংবাদ প্রতিষ্ঠানক জানিবলৈ দিছে মিজোৰাম আৰক্ষীয়ে৷ একেলগে ইমান বৃহৎ পৰিমাণৰ বৰবিহ জব্দ কৰাৰ লগতে ইয়াৰ সৰবৰাহৰে জড়িত অসমৰ দুজনকৈ লোকক গ্রেপ্তাৰ কৰাটো যথেষ্ট গুৰুত্বপূর্ণ ৰূপে বিবেচিত হৈছে৷ ইতিপূর্বে যোৱা বছৰৰ ফেব্রুৱাৰী মাহৰ শেষভাগত ৯৭.৫০ কোটি টকা মূল্যৰ মেথামফেটামাইন টেবলেট জব্দ কৰা হৈছিল অসম সীমান্তৱর্তী ভাইৰেংটিৰ সমীপত৷
শিলচৰ অভিমুখী এখন ট্রাকৰ পৰা এই ড্রাগ্ছখিনি জব্দ কৰা হৈছিল৷ পূর্বৰ এই ঘটনালৈ চাই কালি জব্দ কৰা ১০০ কোটি টকা মূল্যৰ ড্রাগ্ছো অসমলৈ সৰবৰাহ কৰাৰ উদ্দেশ্যে আনি থকা হৈছিল বুলি ধাৰণা কৰিব পাৰি৷ উল্লেখ্য যে বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ দ্বিতীয়টো কার্যকালৰ চৰকাৰখনে অসমৰ ক্ষমতা দখল কৰাৰ পাছতেই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশত যুৱ প্রজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া ড্রাগ্ছৰ বিৰুদ্ধে নিৰন্তৰ অভিযান অব্যাহত আছে৷ যোৱা মে’ মাহৰ পৰা ২০ আগষ্ট পর্যন্ত অসমত ড্রাগ্ছ সৰবৰাহকাৰীৰ বিৰুদ্ধে ১,১১৫টা গোচৰ পঞ্জীয়ন কৰাৰ বিপৰীতে গ্রেপ্তাৰ কৰা হৈছে ১,৯১২জন লোকক৷ এই সময়ছোৱাত আনুমানিক ১৯০.২১ কোটি টকা বজাৰ মূল্যৰ ড্রাগ্ছ জব্দ কৰা হৈছে৷ ইয়াৰ ভিতৰত ২৪.৮৪৪ কিলোগ্রাম হেৰ’ইন, ৯,৩৬৪.৪১ কিলোগ্রাম গাঞ্জা, ১৭.৯৯৭৩৫ কিলোগ্রাম অ’পিয়াম, ৮৭,৮৫০ বটল ক’ডেইনযুক্ত কফ ছিৰাপ, ২৪,২৬,৭৯০টা টেবলেট–কেপছুল আৰু ৩.০ কিলোগ্রাম ক্রিষ্টেল মেথামফেটামাইন৷ তদুপৰি ২০ আগষ্টৰ পৰা আজিৰ দিনটোলৈকে ৰাজ্যৰ প্রান্তে প্রান্তে জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ ড্রাগ্ছ তথা নিচাযুক্ত সামগ্রী৷ অসম আৰক্ষীয়ে ড্রাগ্ছৰ বিৰুদ্ধে এইদৰে অব্যাহত ৰখা ধাৰাবাহিক অভিযানৰ সময়তেই ম্যানমাৰৰ পৰা মিজোৰাম হৈ অসমলৈ ড্রাগ্ছ সৰবৰাহৰ নেটৱর্ক গঢ়ি উঠা বিষয়টো ব্যাপক ৰূপত চর্চালৈ আহে৷
এই সম্পর্কীয় এক তথ্য অনুসৰি ম্যানমাৰৰ ছাগাইন অঞ্চলৰ পৰা ৰিখাৱাৰ আৰু মণ্ডালয় হৈ মিজোৰামৰ ছামফ্রাইলৈ বিভিন্ন ধৰণৰ মাৰাত্মক ড্রাগ্ছ সৰবৰাহ হয়৷ ম্যানমাৰৰ পৰা প্রৱেশ কৰা এই ড্রাগ্ছসমূহ ছামফ্রাইত মজুত হোৱাৰ পাছতে সৰবৰাহকাৰীসকলে পর্যায়ক্রমে ইয়াক অসম–মিজোৰাম সীমান্তৰ ভাইৰেংটিলৈ লৈ আনে৷ এইবাৰ ভাইৰেংটিত মজুত কৰি বৰাক উপত্যকাৰ কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলা হৈ এই ড্রাগ্ছ অসমৰ ভিন্ন প্রান্তৰ লগতে বাংলাদেশলৈও প্রেৰণ কৰা হয়৷ এনেদৰে মিজোৰামক প্রধান কৰিড’ৰ হিচাপে লৈ ড্রাগ্ছ মাফিয়াই নিষিদ্ধ বৰবিহৰ এক গোপন নেটৱর্ক গঢ়ি তুলিছে৷ কালি অসমৰ দুজনকৈ লোকসহ জব্দ হোৱা ১০০ কোটি টকা মূল্যৰ উক্ত বৃহৎ পৰিমাণৰ ড্রাগ্ছখিনিও এই নেটৱর্কৰ জৰিয়তেই সৰবৰাহ কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷ ধৃত মণ্টু আৰু সুভাষক মিজোৰাম আৰক্ষীয়ে মাৰাথন জেৰা চলাই আছে আৰু শীঘ্রে ড্রাগ্ছ সৰবৰাহৰ এই নেটৱর্ক তথা নিষিদ্ধ সাম্রাজ্য সন্দর্ভত বহু গুৰুত্বপূর্ণ তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে৷