নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সন্মুখত বাৰিষা নহয় যেন প্ৰতিটো মুহূৰ্ত কালক্ষণহেঃ নামনি মাজুলীৰ কৰতিপাৰৰ পৰা মিছামৰালৈ লহমত জাহ যাব পথ-দলং

নিয়মীয়া বাৰ্তা, ৩০ মাৰ্চ : অসমত বিজেপি দলে চৰকাৰ গঠন কৰি স্থানীয় বিধায়ক তথা অসমৰ মুখ্যমন্ত্ৰী ৰূপে সৰ্বানন্দ সোণোৱালে নামনি মাজুলীৰ উন্নয়নৰ বাবে যি কৰিলে সেয়া কল্পনাৰো অতীত। লোহিত- ব্ৰহ্মপুত্ৰই মাজুলীৰ মুল ভূ-খণ্ডৰ পৰা বিছিন্ন কৰাই নহয় একেবাৰেই চেদেলি ভেদেলি কৰি পোলোৱা বৃহৎ অঞ্চলটোক পুনৰ পথ সংযোগেৰে যি উদ্ধাৰ কাৰ্যসূচী গ্ৰহণ কৰিলে তাৰবাবে চৰবাসী সদায়ে কৃতজ্ঞ হৈ থাকিব। কিন্তু, আজি ৰাইজৰ চকুত টোপনি নাই সেই হেজাৰ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা পকী পথ আৰু সু বৃহৎ পকী দলং আগন্তুক বাৰিষাত বাচি থাকিবনে। সন্মুখত আহি থকা বাৰিষাৰ প্ৰতিটো ক্ষণেই যেন একোটা এই অঞ্চলৰ বাবে কালক্ষণ, একে লহমতেই ৰাইজৰ জীৱন ৰেখা স্বৰূপ পথ আৰু দলং লোহিত-ব্ৰহ্মপুত্ৰত বিলীন হ’ব এই আশংকাই প্ৰতিজনকে খেদি ফুৰিছে – এইদৰেই এফালে কৃতজ্ঞতাত গদগদ হৈ আনফালে দুখত চকুলো টুকি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে নামনি মাজুলীৰ বাঘগাঁৱৰ বাসিন্দা আঁহতগুৰি হাইস্কুলৰ শিক্ষক চন্দ্ৰেশ্বৰ বৰা আৰু মিছামৰা মিছিং গাঁৱৰ নগেন কুম্বাং আৰু হলধৰ কুম্বাঙে। আঁহতগুৰি ইতিহাসৰ পম খেদি অলপতে “মাজুলীৰ সাহিত্য” ৰ পৰা গুণ শইকীয়া,অজিত বৰুৱা সহ এই প্ৰতিবেদক বাঘগাওঁ আৰু মিছামৰাত উপস্থিত হওতে ৰাইজৰ হৈ তেখেতসকলে তেনেদৰে ক্ষোভ ব্যক্ত কৰে। উল্লেখযোগ্য, কৰতিপাৰৰ কাষেদিয়েই এটা ন সুঁতিৰ সৃষ্টি কৰি লোহিত আৰু ব্ৰহ্মপুত্ৰ মিলি নামণিখণ্ড তছনছ কৰি পেলায়। কমলাবাৰী মৌজাৰ বাঘগাওঁ, চামগুৰিকে ধৰি আঁহতগুৰি মৌজাৰ বিশাল বিশাল গাঁওবোৰ দুই এবছৰৰ ভিতৰতে খহনীয়াত জাহ গ’ল। বিশাল গাঁৱৰ বাসভূমি বিলাক বালিময় চৰ চাপৰিলৈ পৰিণত হ’ল। যি অলপ অচৰপ ঠাই বাচি থাকিল তাতেই অঘৰীৰ দৰে বৰ্তি থকা মানুহ বিলাক পৰৱৰ্তী সময়ত নতুন কৈ পতা চাপৰিতেই দূৰ্বীসহ জীৱন যাপন কৰাৰ বিকল্প নাছিল। বছৰৰ আঠ দহমাহ পথ যোগাযোগেৰে বিছিন্ন হৈ থকা মানুহখিনিক মুখ্যমন্ত্ৰী হৈয়েই সৰ্বানন্দ সোণোৱালে পথ যোগাযোগেৰে সামৰি ললে। কৰতিপাৰৰ পৰা মিছামৰালৈ দহ কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা পকী পথ আৰু মাজত ওখলৰচুকৰ লোহিতৰ সুঁতিৰ ওপৰত দৰিয়া দলঙতকৈয়ো দীঘল এখন পকী দলং নিৰ্মাণ কৰি প্ৰায় বাৰখন চৰগঁৱৰ হাজাৰ হাজাৰ ৰাইজক সপোন নেদেখা উন্নয়ণৰ মাজলৈ লৈ আহিল। এই পথ আৰু দলঙে কৰতিপাৰ,ওখলচুক, বাঘগাওঁ, চামগুৰি, সাৰআটিগাও,চেৰেপাইখোৱা,মিছামৰা নতুন আৰু পৰণি তিনিটা খণ্ড,মাজৰচাপৰি চাৰিটাখণ্ড, কুলি গাওঁ আদি বৃহৎ চৰ গাঁওসমূহ আজি অন্যপ্ৰান্তৰ সমানে আগুৱাই যোৱাত সহায় কৰিছে। কিন্তু এই নৱনিৰ্মিত পথৰ ওপৰত থকা কেইবাশ কোটি টকীয়া আৰ চি চি দলঙ খনৰ পৰা ব্ৰহ্মপুত্ৰৰ গড়ালৈ দুৰত্ব পঞ্চাছ মিটাৰো নাই। পূৱা পশ্চিমাকৈ থকা পথটোৰ কাষেৰে একে দিশেৰে দক্ষিণ ফালে ব্ৰহ্মপুত্ৰ আৰু উত্তৰফালে লোহিত বৈ গৈছে। পথটোৰ প্ৰায় তিনি চাৰি কিঃমিঃ অংশ এনে দৰে দুয়োফালে নদী দুখনৰ ভাবুকিত আছে তাৰ ভিতৰত দলংৰ কাষত ব্ৰহ্মপুত্ৰৰ গড়াৰ দুৰত্ব পঞ্চাছ মিটাৰৰো কম। অথচ গড়া খহনীয়া নিয়ন্ত্ৰণৰ নামত এই অংশত এই পৰ্যন্ত বস্তা এটাও পৰা নাই। এনেস্থলত সন্মুখৰ বাৰিষাত ব্ৰহ্মপুত্ৰই কি ৰূপ ধৰে সেইভাবি ৰাইজ এতিয়া ত্ৰস্ত্ৰ। কিয়নো শুকাই থকা নদীৰ সুঁতিটোৰ ওখ ওখ গড়া এতিয়া দৈত্যৰ দৰে মুখ মেলি আছে। অভিজ্ঞ ৰাইজে এই খৰালিতেই ইয়াত খহনীয়া নিয়ন্ত্ৰণৰ আঁচনি ৰূপায়ণৰ দাবী জনাই আহিছিল। ৰাইজক দেখুৱাই বান নিয়ন্ত্ৰণ বিভাগে জোখ মাপ কৰিছিল যদিও বাস্তৱত একো হোৱা নাই। সময় থাকোঁতেই কাম কৰাৰ দাবী জনাইছে ৰাইজে। নহ’লে পুনৰ বাৰ বিছিন্ন হ’ব নামনি মাজুলী। অমানিশাই আকৌ গ্ৰাস কৰিব হেজাৰ হেজাৰ চৰবাসীক। ৰাইজে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ হস্তক্ষেপৰ কামনা কৰিছে।

প্ৰেৰক প্ৰাঞ্জল খাউণ্ড 

You might also like