নিয়মীয়া বাৰ্তা ২৮ নৱেম্বৰঃ আগন্তুক বিধানসভা নির্বাচনক লক্ষ্য কৰি ব্যাপক কার্যসূচীৰে তৎপৰ হৈ পৰা বিজেপিয়ে তৃণমূল পর্যায়ত এইবাৰ আগতীয়াকৈ আৰম্ভ কৰিছে নির্বাচনৰ সমীক্ষা৷ মুখ্যতঃ অহা এপ্রিল মাহত নির্বাচন অনুষ্ঠিত হ’লে প্রতিটো সমষ্টিত শাসকীয় দলটোৱে কিমান ভোট লাভ কৰিব, বিৰোধীয়ে কিমান ভোট পাব, তাৰ এক আগতীয়া সমীক্ষা প্রস্তুত কৰাৰ বাবে নামি পৰিছে দলটো৷ এই লক্ষ্যৰে কাইলৈ প্রতিটো বুথতে অনুষ্ঠিত কৰা হৈছে একোখন বিশেষ বৈঠক৷ ৰাজ্যিক বিজেপিৰ ২৮ হাজাৰ বুথত কাইলৈ পুৱা ৯ বজাৰ পৰা ১১ বজালৈ একে সময়তে অনুষ্ঠিত হ’ব লগা এই বৈঠকৰ নামকৰণ কৰা হৈছে বুথ কী বাত৷ প্রতিটো বুথত হ’ব লগা বৈঠকৰ মূল উদ্দেশ্য হ’ব– উক্ত বুথটোত শাসকীয় দলটোৱে কিমান ভোট লাভ কৰিব অথবা বিৰোধীয়ে কিমান ভোট কাঢ়ি নিব, তাৰ এক সমীক্ষা চলোৱা৷ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ইতিমধ্যে বুথ কী বাতত অংশগ্রহণ কৰিবলৈ ৰাজ্যিক, জিলা আৰু তৃণমূল পর্যায়ৰ প্রতিজন নেতা–কর্মীলৈ ইতিমধ্যে নির্দেশ প্রেৰণ কৰিছে৷ মন কৰিবলগীয়া যে বুথ কমিটী গঠনেৰে তৃণমূল পর্যায়ৰ কর্মীক নির্বাচনলৈ সাজু কৰি তোলা বিজেপিয়ে এইবাৰ প্রতিটো বুথত দলে কেনেকৈ ভোটাৰৰ সমর্থন আদায় কৰিব, বিৰোধীৰ দখলত থকা কিমানসংখ্যক ভোট নিজৰ দখললৈ আনিব পাৰে, তাৰ বাবে এক বিশেষ পৰিকল্পনা প্রস্তুত কৰি তুলিছে৷ এই পৰিকল্পনাৰ অংশস্বৰূপে কাইলৈ ৰাজ্যৰ ২৮ হাজাৰ বুথত অনুষ্ঠিত হ’ব বুথ কী বাত৷ মন কৰিবলগীয়া যে বিগত ২০১৬ চনৰ বিধানসভা নির্বাচনৰ তুলনাত এইবাৰৰ নির্বাচন যথেষ্ট প্রত্যাহ্বানসূচক হোৱাটো স্পষ্ট হৈ পৰিছে৷ কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতা, বি পি এফৰ সৈতে মিত্রতা ভংগ, দুটাকৈ আঞ্চলিক দলৰ আত্মপ্রকাশে এইবাৰ নির্বাচনী সমীকৰণ সলনি কৰাৰ বহু সম্ভাৱনা আছে৷
এনে সম্ভাৱনা আগত ৰাখিয়েই শাসকীয় দলটোৱে আগতীয়াকৈ প্রতিটো বুথত এক নির্বাচনী সমীক্ষা চলাই দলৰ দুর্বলতা তথা বিৰোধীৰ দখলত থকা ভোটৰ পৰিমাণ আগতীয়াকৈ জানি ল’ব বিচাৰিছে৷ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে এই সন্দর্ভত প্রকাশ কৰা অনুসৰি কাইলৈ বুথ সভাপতিসকলৰ নেতৃত্বত অনুষ্ঠিত হ’ব লগা বুথ কী বাতত নিজৰ নিজৰ এলেকাৰ ভোটাৰ তালিকাসমূহক লৈ বৈঠক অনুষ্ঠিত হ’ব৷ ভোটাৰ তালিকাৰ কিমানসংখ্যক ভোটাৰে ২০১৬ চনত বিজেপিক ভোটদান কৰিছিল আৰু বিৰোধীক ভোটদান কৰিছিল, তাৰ এক সমীকৰণ প্রস্তুত কৰি তোলা হ’ব৷ ২০১৬ চনত লাভ কৰা ভোটৰ পৰিমাণ এইবাৰ কিমান বৃদ্ধি হ’ব অথবা বিৰোধীৰ দখলৰ পৰা কিমান ভোট কাঢ়ি আনিবলৈ দল সক্ষম হ’ব, তাৰো এক সমীক্ষা চলিব৷ সমান্তৰালভাৱে ভোটাৰ তালিকাত থকা কিমানসংখ্যক ভোটাৰে ৰাজ্য চৰকাৰৰ উন্নয়নমূলক আঁচনিৰ সুবিধা লাভ কৰিছে, কিমানজন হিতাধিকাৰী আছে, কিমানজনে বৃদ্ধ পেন্সন লাভ কৰিছে, বিনামূলীয়া নামভর্তিৰ সুবিধা পাইছে, প্রধানমন্ত্রীৰ আৱাস যোজনাৰ সুবিধা পাইছে, জ্যেষ্ঠ নাগৰিক পেন্সন লাভ কৰিছে, সেই সকলো কাইলৈৰ বৈঠকত প্রতিবেদন আকাৰত প্রস্তুত কৰি তোলা হ’ব৷ এই বৈঠকৰ পাছতেই বিৰোধীয়ে লাভ কৰিব পৰা ভোটাৰক লক্ষ্য কৰি বিজেপিৰ কার্যকর্তাসকলে উক্ত ভোটাৰৰ ঘৰে ঘৰে গৈ সমর্থন লাভৰ চেষ্টা চলাব৷ প্রতিটো বুথত প্রস্তুত কৰিব লগা এই প্রতিবেদন ৰাজ্যিক কমিটীলৈ প্রেৰণ কৰাৰ পাছত উক্ত প্রতিবেদনৰ ওপৰত ভিত্তি কৰিয়েই দল অথবা চৰকাৰে নির্বাচনক আগত লৈ পৰিকল্পনা প্রস্তুত কৰিব৷ নির্বাচনৰ পূর্বে তৃণমূল পর্যায়ত হ’ব লগা বুথ কী বাত বৈঠকত উপস্থিত থাকিবলৈ সেয়েহে দলৰ প্রতিজন নেতা–কার্যকর্তাক স্পষ্ট নির্দেশ দিয়া হৈছে৷ দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক তথা সাংসদ তপন গগৈয়েও আজি ছ’চিয়েল মিডিয়াৰ জৰিয়তে প্রতিজন বুথ কর্মী তথা নেতা–কার্যকর্তাক কাইলৈৰ বৈঠকত অংশগ্রহণ কৰিবলৈ অনুৰোধ জনাইছে৷